অসমত ৬.০২ শতাংশলৈ কমিল আক্রান্তৰ হাৰঃ পজিটিভ ৬,১৪৩
নিয়মীয়া বাৰ্তা ২০ মেঃ ভয়াৱহ ক’ভিডৰ সংক্রমণ প্রতিৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে লোৱা বিভিন্ন পদক্ষেপৰ পাছত সামান্য পৰিমাণে হ্রাস পাইছে আক্রান্তৰ হাৰ৷ ৰাজ্যত ক’ভিডত আক্রান্তৰ হাৰ বুধবাৰৰ দিনটোত ৬.০২ শতাংশলৈ হ্রাস পাইছে৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ৬,১৪৩জন লোক৷ আজি মুঠ ১,০২,০৪০টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছিল৷ আক্রান্ত লোকসকলৰ ভিতৰত কামৰূপ মহানগৰ জিলাৰ ৯১৩জন৷ তদুপৰি নগাঁৱৰ ৪৪৮জন, কাছাৰৰ ৪৩৮জন আৰু ডিব্রুগড়ৰ ৩৯৭জন লোক ক’ভিডত আক্রান্ত হৈছে৷ আক্রান্তৰ হাৰ ৰাজ্যত সামান্য পৰিমাণে হ্রাস পালেও ক’ভিডত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা এতিয়াও উদ্বেগজনক৷
বুধবাৰৰ দিনটোত ৰাজ্যত ৮৯জন লোকে ক’ভিডত আক্রান্ত হৈ মৃত্যুক আঁকোৱালি লৈছে৷ মৃত্যু হোৱা লোকসকলৰ ভিতৰত ২৬জনেই কামৰূপ মহানগৰ জিলাৰ৷ তদুপৰি ডিব্রুগড় আৰু কামৰূপত ৮জনকৈ লোকৰ প্রাণ ল’লে মাৰাত্মক ক’ভিডে৷ একে সময়তে কার্বি আংলঙত ৬জন, কাছাৰত ৫জন, যোৰহাট–মৰিগাঁও–শো ৩জনকৈ, বৰপেটা–চৰাইদেউ–গো দুজনকৈ আৰু বিশ্বনাথ–দৰং–বঙা শালমৰাত এজনকৈ লোকৰ মৃত্যু ঘটিছে৷ ইয়াৰ লগে লগে ৰাজ্যত ক’ভিডত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ২,৪৩৩জনলৈ বৃদ্ধি পালে৷
মৃত্যুৰ সংখ্যা বৃদ্ধি পালেও ৰাজ্যত ক’ভিডৰ পৰা সুস্থ হোৱা লোকৰ সংখ্যাও সন্তোষজনক৷ বুধবাৰে সুস্থ হোৱা লোকৰ সংখ্যা হৈছে ৪,০৫৭জন৷ সম্প্রতি বিভিন্ন চিকিৎসালয় আৰু হোম আইছ’লেচনত থকা ৰোগীৰ সংখ্যা হৈছে ৪৮,৩৯০জন৷ উল্লেখ্য যে শেহতীয়াকৈ ৰাজ্যত দ্রুত সংক্রমণ ঘটাৰ পাছতে কেতবোৰ বিশেষ নির্দেশাৱলী জাৰি কৰিছে চৰকাৰে৷ সেই অনুসৰি ৰাজ্যৰ চহৰ অঞ্চলসমূহ আৰু ইয়াৰ সংলগ্ণ পাঁচ কিলোমিটাৰলৈকে দিনৰ ১১ বজালৈকে দোকান–পোহাৰ–ব্যৱসায় প্রতিষ্ঠান আদি খোলাৰ অনুমতি দিয়া হৈছে৷ দুপৰীয়া ১২ বজাৰ পৰা পুৱা ৫ বজালৈ এই অঞ্চলসমূহত বলৱৎ কৰা হৈছে সান্ধ্য আইন৷ সেইদৰে অহা শুকুৰবাৰৰ পৰা ১৫ দিনৰ বাবে সম্পূর্ণৰূপে বন্ধ কৰা হৈছে আন্তঃজিলা যাতায়াত৷