নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উষ্ণতা–বৰষুণ হ্রাসত ধ্বংসমুখী অসমৰ চাহ উদ্যোগ

মাত্র ৫ মাহতে ৬০ নিযুত কিলোগ্রাম উৎপাদন হ্রাস

নিয়মীয়া বাৰ্তা ২০ মেঃ  ঘাতক ভাইৰাছ ক’ভিড–১৯ প্রতিৰোধকল্পে বিগত বর্ষত দেশজুৰি বলৱৎ কৰা লকডাউনৰ পৰিপ্রেক্ষিতত গভীৰ সংকটৰ সন্মুখীন হোৱা অসমৰ চাহ উদ্যোগলৈ এইবাৰ আন এক দুর্যোগ নামি আহিছে৷ ইয়াৰ মূলতে চলিত বর্ষত দেখা দিয়া দীর্ঘদিনীয়া খৰাংজনিত পৰিস্থিতি৷ বতৰৰ অস্বাভাৱিক পৰিৱর্তন, উষ্ণতা–বৰষুণৰ সঘন হ্রাস–বৃদ্ধিৰ ফলত ৰাজ্যত সবাতোকৈ লাভজনক উদ্যোগটোৰ অৱস্থা কার্যতঃ শোচনীয় হৈ পৰিছে৷ যিটো চিহ্ণিত হৈছে অসমৰ দৰে ৰাজ্য এখনৰ অর্থনীতিলৈ অশনি সংকেত ৰূপে৷ চলিত বর্ষত চাহ উৎপাদন অস্বাভাৱিকভাৱে হ্রাস পোৱা সন্দর্ভত নর্থ–ইষ্টার্ন টী এছ’চিয়েচন (নেটা)–ই এক অধ্যয়ন চলাইছিল৷

‘নেটা’ৰ এই অধ্যয়নতে ৰাজ্যৰ চাহ উদ্যোগটোৱে সন্মুখীন হোৱা অভাৱনীয় সংকটৰ উদ্বেগজনক তথ্য স্পষ্ট হৈছে৷ ‘নেটা’ৰ উপদেষ্টা বিদ্যানন্দ বৰকাকতিয়ে সদৰী কৰা অনুসৰি, ২০১৯ চনৰ তুলনাত চলিত বর্ষৰ জানুৱাৰীৰ পৰা মে’লৈ এই ৫ মাহতে ৬০ মিলিয়ন কিলোগ্রাম পর্যন্ত হ্রাস পাইছে চাহৰ উৎপাদন৷ বিগত বর্ষত অর্থাৎ ২০২০ চনত লকডাউনৰ ফলত অসমত চাহৰ উৎপাদন ৭৮ মিলিয়ন কিলোগ্রাম হ্রাস হৈছিল৷ শতাংশ হিচাপত ২০১৯ বর্ষৰ তুলনাত চলিত বর্ষৰ প্রথম ৫ মাহত ৰাজ্যত চাহৰ উৎপাদন ৪০ শতাংশ হ্রাস পাইছে৷ বৰষুণৰ পৰিমাণ বিগত বর্ষতকৈ চলিত বর্ষত ৪৫ শতাংশ হ্রাস পোৱাত গোলাঘাটৰ পৰা তিনিচুকীয়ালৈ ৰাজ্যৰ ভিতৰত অধিক চাহ উৎপাদন হোৱা জিলাকেইখনত চাহৰ উৎপাদন যথেষ্ট ক্ষতিগ্রস্ত হৈছে বুলিও তেওঁ মন্তব্য কৰে৷ বৰকাকতিয়ে পুনৰ কয় যে মাত্র পাঁচ মাহৰ ভিতৰত ৬০ মিলিয়ন কিলোগ্রাম চাহৰ উৎপাদন হ্রাস পোৱাৰ ফলত প্রায় ১০০০ কোটি টকাৰ ৰাজহ ঘাটি হ’ব৷

অৱশ্যে পৰিৱর্তিত পৰিস্থিতিত এই ঘাটি পূৰণো হ’ব পাৰে৷ অস্বাভাৱিক বতৰৰ কাৰণে প্রধানতঃ ৰাজ্যৰ ক্ষুদ্র চাহ খেতিয়কসকলে বৃহৎ লোকচানৰ সন্মুখীন হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে অসমৰ চাহ উদ্যোগটো বতৰৰ ওপৰত নির্ভৰশীল৷ বৃহৎ বৃহৎ চাহ বাগিচাসমূহত জলসিঞ্চনৰ ব্যৱস্থা আছে যদিও ক্ষুদ্র চাহ খেতিয়কসকলে নিজাববীয়াকৈ তেওঁলোকৰ বাগিচাত জলসিঞ্চনৰ ব্যৱস্থা কৰি ল’ব পৰা নাই৷ সেয়েহে নতুন ৰাজ্য চৰকাৰখনে এইক্ষেত্রত পদক্ষেপ গ্রহণ কৰি ক্ষুদ্র চাহ খেতিয়কসকলক সকাহ দিয়াৰ ব্যৱস্থা গ্রহণ কৰক৷ ইফালে, ‘নেটা’ৰ অধ্যক্ষ সুনীল জালানে কয় যে বিগত বর্ষত ক’ৰোনা মহামাৰীৰ পৰিপ্রেক্ষিতত দেশজুৰি বলৱৎ কৰা লকডাউনৰ কাৰণে ৰাজ্যৰ চাহ উদ্যোগ গভীৰ সংকটত পৰিছিল৷ এইবাৰ বৰষুণৰ অভাৱত চাহ উৎপাদন অস্বাভাৱিকভাৱে হ্রাস পোৱাত পুনৰ উদ্যোগটোক সংকটৰ গৰাহলৈ ঠেলি দিছে৷

ভাৰতীয় চাহ পৰিষদৰ অধ্যক্ষ নলীন খেমানীয়ে সদৰী কৰা অনুসৰি, চলিত বর্ষৰ মে’ মাহলৈকে অতি কম পৰিমাণৰ চাহ উৎপাদনে অসমৰ চাহ উদ্যোগক বৃহৎ পৰিমাণৰ ৰাজহ ঘাটি তথা বিত্তীয় সংকটৰ দিশে লৈ গৈছে৷ বৰষুণৰ অস্বাভাৱিক পৰিৱর্তন, উষ্ণতা–বৰষুণৰ সঘন হ্রাস–বৃদ্ধিৰ ফলত চাহ উদ্যোগত বিৰূপ প্রভাৱ পৰা পৰিলক্ষিত হৈছে৷ উষ্ণতা ৩৪ ডিগ্রী চেলচিয়াছৰ পৰা হঠাৎ অৱনমিত হৈছে ১৯ ডিগ্রী চেলচিয়াছলৈ৷ যোৱা এসপ্তাহ ধৰি হৈ থকা বতৰৰ এনে অস্বাভাৱিক পৰিৱর্তনে চাহ উৎপাদনত যথেষ্ট বিৰূপ প্রভাৱ পেলোৱা বুলি মন্তব্য কৰিছে ভাৰতীয় চাহ পৰিষদৰ উপদেষ্টা মৃগেন্দ্র জালানে৷ আনহাতে, ‘নেটা’ৰ প্রাক্তন অধ্যক্ষ মনোজ জালানে কয় যে বিগত ৩০ বছৰত অসমৰ চাহ উদ্যোগৰ এনে দুৰৱস্থা কোনেও দেখা নাছিল৷ বৰষুণৰ পৰিমাণ হ্রাস হোৱাৰ ফলত চাহ উৎপাদনৰ আৰম্ভণি সময় পিছুৱাই অহাত চাহ বাগিচাত সাৰ প্রয়োগৰ সময়ো পলম হ’ল৷ যাৰ পৰিপ্রেক্ষিতত আগত মাহবোৰত চাহ উৎপাদনৰ ভৰপক সময়ছোৱাত কেৱল লোকচানৰ সন্মুখীন হোৱাহে দেখা যাব৷

You might also like