নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লতাশিল–উজানবজাৰ পাইপ ফুটি খোৱাপানীৰ অপচয়

নিয়মীয়া বাৰ্তা ২০ মেঃ যি সময়ত মহানগৰবাসীয়ে এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে, তেনে সময়তে পানী পৰিবাহী পাইপ ফুটি হাজাৰ হাজাৰ লিটাৰ পানী নষ্ট হোৱা ঘটনাই পৌৰ নিগম কর্তৃপক্ষৰ চূড়ান্ত হেমাহিৰ ছবিখনকে উদঙাই দিছে৷ পৌৰ নিগম কর্তৃপক্ষৰ হেমাহিৰ বাবে মহানগৰীৰ বিভিন্ন স্থানত পানী পৰিবাহী পাইপ ফুটি প্রতিদিনে হাজাৰ হাজাৰ লিটাৰ বিশুদ্ধ খোৱাপানী নষ্ট হৈ আহিছে৷ আজি লতাশিলত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সমীপত পানী পৰিবাহী পাইপ ফুটি হাজাৰ হাজাৰ লিটাৰ পানী নষ্ট হোৱাৰ লগতে এম জি ৰোডত কৃত্রিম বানৰ সৃষ্টি হয়৷

একেদৰে উজান বজাৰৰ জ্যোতি গেছ এজেন্সীৰ সন্মুখতো আজি পুৱাৰে পৰা পানী পৰিবাহী পাইপ ফুটি হাজাৰ হাজাৰ লিটাৰ বিশুদ্ধ খোৱাপানী অপচয় হয়৷ পুৱাৰে পৰা এনেদৰে পানীৰ অপচয় হৈ থকাৰ পাছতো পৌৰ নিগম কর্তৃপক্ষই ফুটা পাইপডাল মেৰামতি কৰাৰ ব্যৱস্থা নকৰিলে৷ উল্লেখ্য যে পূর্বতেও গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সমীপত কেইবাবাৰো কৃত্রিম বানৰ সৃষ্টি হৈছিল৷ লতাশিল আৰু উজানবজাৰ এটা সাধাৰণ উদাহৰণহে৷ এনেদৰে মহানগৰীৰ বিভিন্ন স্থানত পানীৰ পাইপ ফুটি হাজাৰ হাজাৰ লিটাৰ পানীৰ অপচয় হৈ আহিছে যদিও পৌৰ নিগম কর্তৃপক্ষই এইক্ষেত্রত কোনো ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷

You might also like