নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধায়িনী দলৰ নেতা বাছনিত ব্যর্থ কংগ্রেছ

নিয়মীয়া বাৰ্তা ২০ মেঃ অহা ২১ মে’ৰ পৰা তিনিদিনীয়া কার্যসূচীৰে আৰম্ভ হ’ব পঞ্চদশ অসম বিধানসভাৰ প্রথমখন অধিৱেশন৷ প্রথম দিনা পুৱা ৯.৩০ বজাৰ পৰা আৰম্ভ হ’ব বিধানসভাৰ সদস্যসকলৰ শপতগ্রহণ পর্ব৷ নৱনির্বাচিত বিধায়কসকলক শপতবাক্য পাঠ কৰাব প্রটেম অধ্যক্ষ ফণীভূষণ চৌধুৰীয়ে৷ ৰাজ্যপালৰ অনুমোদন অনুসৰি বুধবাৰে ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাই জনতা ভৱনত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত বিধানসভাৰ প্রটেম অধ্যক্ষ ফণীভূষণ চৌধুৰীক শপত গ্রহণ কৰায়৷

বিধানসভাৰ কার্যক্রমণিকা অনুসৰি, ২১ মে’ত বিধায়কসকলৰ শপত গ্রহণ অনুষ্ঠানৰ পিছতেই বিধানসভাৰ অধ্যক্ষ নির্বাচন হ’ব৷ ২২ মে’ৰ বিয়লি ৩ বজাৰ পৰা ৰাজ্যপালৰ ভাষণেৰে সদনৰ কার্যসূচী আৰম্ভ হ’ব৷ ২৪ মে’ত ৰাজ্যপালৰ ভাষণৰ ওপৰত আলোচনা চলিব৷ বিধানসভাৰ উপাধ্যক্ষ নির্বাচনৰ দিন এতিয়াও স্থিৰ হোৱা নাই৷ বিধানসভা কর্তৃপক্ষৰ মতে, ২১ মে’ত বিধায়কসকলৰ শপত গ্রহণ অনুষ্ঠান হৈ যোৱাৰ পিছত বিধানসভাৰ কার্য উপদেষ্টা পৰিষদৰ বৈঠকে সেই বিষয়ত সিদ্ধান্ত গ্রহণ কৰিব৷

ইপিনে, বিধানসভাৰ অধিৱেশনলৈ মাজত মাত্র এটা দিন আছে যদিও আজিলৈকে প্রধান বিৰোধী দল কংগ্রেছে বিধায়িনী দলৰ নেতা বাছনি কৰিব পৰা নাই৷ নৱনির্বাচিত বিধায়কসকলৰ লগতে প্রদেশ কংগ্রেছৰ নেতৃত্বই বিধায়িনী দলৰ নেতা বাছনিৰ কর্তৃত্ব হাইকমাণ্ডক অর্পণ কৰিছে যদিও এই মুহূর্তলৈ হাইকমাণ্ডে কোনো সিদ্ধান্ত গ্রহণ কৰা নাই৷ আনহাতে, ১২খন আসনৰ পৰা এইবাৰ মাত্র ৪খন আসন লাভ কৰা বিপিএফৰ বিধানসভা সচিবালয় চৌহদত থকা বিধায়িনী দলৰ কার্যালয়ো এইবাৰ সলনি হৈছে৷ পূর্বৰ ১৯ (এ) কোঠাটো এইবাৰ বিপিএফৰ পৰৱর্তে ইউ পি পি এলক দিয়া হৈছে৷ বিপিএফক নতুনকৈ আবণ্টন দিয়া হৈছে ২৩ নম্বৰ কোঠাটো৷

You might also like