নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বজিৎ দৈমাৰী অসম বিধানসভাৰ পৰৱৰ্তী অধ্যক্ষ

নিয়মীয়া বাৰ্তা ২০ মেঃ প্ৰাক্তন  সাংসদ তথা বৰ্তমানৰ বিধায়ক বিশ্বজিৎ দৈমাৰীক বিধানসভাৰ অধ্যক্ষ হিচাপে মনোনীত কৰা হৈছে।
“আজি ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক বিষয়ববীয়া সভাত হোৱা সিদ্ধান্ত অনুসৰি  সাংসদ তথা জ্যেষ্ঠ বিধায়ক বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ নামটো অসম বিধানসভাৰ পৰৱৰ্তী অধ্যক্ষ হিচাবে মনোনীত কৰা হৈছে ৷” ৰাজ্যিক বিজেপিৰ এক বিবৃত্তিত এই কথা প্ৰকাশ।
আনহাতে উপাধ্যক্ষ হিচাবে জ্যেষ্ঠ বিধায়ক ডাঃ নোমল মমিন ডাঙৰীয়াৰ নামটো ৰাজ্যিক বিজেপিয়ে মনোনীত কৰিছে ৷
You might also like