নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাইহাটা চাৰিআলিত বিধায়ক দিগন্ত কলিতাৰ চাফাই অভিযান

নিয়মীয়া বাৰ্তা ২০ মেঃ  কামৰূপ জিলাৰ জালুকবাৰী সমষ্টি অাৰু কমলপুৰ সমষ্টিৰ মিলনথলী বাইহাটা চাৰিআলি চ’কত আজি পুৱাই বিধায়ক দিগন্ত কলিতাই হাতত ঝাৰুলৈ চাফাই অভিযানত নামি পৰে । জিলাখনৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয়ৰ নেতৃত্বত বাইহাটা চাৰিআলি থানা অাৰু ভাৰতীয় জনতা পাৰ্টীৰ বিহদিয়া-জাজিকোণা মণ্ডল অাৰু কমলপুৰ মণ্ডলৰ সহযোগত উত্তৰ পূবৰ দুৱাৰমূখস্বৰূপ গ্ৰহন কৰা এই স্বচ্ছ অভিযানত এনেদৰে হাতে-কামি নামি পৰাৰ লগতে কমলপুৰ সমষ্টিৰ বিধায়ক গৰাকীয়ে ক’ভিডৰ নীতি-নিৰ্দেশনা মানি চলাৰোপৰি ৰাইজক ক’ৰণাৰ ভেকচিন লবলৈয়ো আহ্বান জনায় । ইয়াৰ পিছত তেওঁ বাইহাটা চাৰিআলিৰ অৰ্ধ সাপ্তাহিক বজাৰথলী আৰু শক্তি বিতৰণ কেন্দ্ৰও পৰিদৰ্শন কৰে আৰু অঞ্চলটোৰ অন্যতম প্ৰধান সমস্যা ‘ৰাজহুৱা টইলেট’ৰ সমস্যা সমাধানৰো আশ্বাস দিয়ে। আনহাতে, আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয়ে ক’ভিড নীতি ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ কথা সদৰী কৰে ।

You might also like