১০০ ঘণ্টাৰ ভিতৰত আমাৰ পুত্র–স্বামী–ভাতৃক ঘূৰাই পাম
নিয়মীয়া বাৰ্তা, ২১ মে: অহা ১০০ ঘণ্টাৰ ভিতৰত আমাৰ পুত্রক ঘূৰাই পাম৷ মনটো বহুত পাতল লাগিছে, আনন্দ লাগিছে৷ অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছেছা৷ লগতে সংবাদ মাধ্যমৰ কর্মীসকল, বিভিন্ন দল–সংগঠনক ধন্যবাদ জনাইছোঁ৷ –এই মন্তব্য আলফাৰ দ্বাৰা অপহূত অ’ এন জি চিৰ বিষয়া তিতাবৰ বৰহোলা নাঙলগাঁৱৰ ৰিতুল শইকীয়াৰ পিতৃ আৰু মাতৃ ক্রমে পোনা শইকীয়া, মঞ্জু শইকীয়া, মাতৃগৃহত থকা পত্নী শতাব্দী শইকীয়া আৰু ভাতৃৰ৷
উল্লেখ্য যে বৃহস্পতিবাৰে সন্ধিয়া ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এখন সংবাদ মেলযোগে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক এজন অসমীয়া হিচাপে ৰিতুল শইকীয়াক সোনকালে মুকলি কৰি দিব লাগে অনুৰোধ জনাইছিল৷ তাৰ ঠিক কিছু সময়ৰ পিছতে সংবাদ মাধ্যমলৈ এক টেলিফোনিক বার্তা তথা বিবৃতিযোগে আগন্তুক দুই–তিনি দিন অথবা ১০০ ঘণ্টাৰ ভিতৰত ৰিতুল শইকীয়াক সুস্থ শৰীৰে মুকলি কৰি দিম বুলি পৰেশ বৰুৱাই ঘোষণা কৰে৷ লগতে অলপতে আলফাই অ’ এন জি চি, অইলৰ সম্পর্কত বান্ধি দিয়া চর্ত সন্দর্ভত কি কৰিব লাগে, সেয়া চৰকাৰে কৰিব বুলি দিয়া আশ্বাসৰ বাবে পৰেশ বৰুৱাই অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাকো ধন্যবাদ আৰু কৃতজ্ঞতাৰে ওপচাই পেলায়৷
ইপিনে ৰিতুল শইকীয়াৰ পত্নী শতাব্দী হাজৰিকায়ো বৃহস্পতিবাৰে উক্ত ইতিবাচক বার্তা লাভ কৰি পোনে পোনেই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক অশেষ ধন্যবাদ জ্ঞাপন কৰে৷ লগতে বিভিন্ন দল–সংগঠন আৰু সংবাদ মাধ্যমৰ কর্মীক কৃতজ্ঞতা জ্ঞাপন কৰে৷ যিহেতুকে এই সকলোৱেই ৰিতুল শইকীয়াক উদ্ধাৰ কৰাৰ ক্ষেত্রত যথেষ্ট চেষ্টা কৰি আছে৷