হ’ব দে মা, তই চিন্তা নকৰিবি, মই চাই ল’ম
বৰপেটাত স্বামীক হেৰুৱাই কান্দোনত ভাগি পৰা মহিলাৰ মূৰত হাত বুলাই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা
নিয়মীয়া বাৰ্তা ২১ মেঃ সময় তেতিয়া পুৱা প্রায় ৯.৩০ বাজিছে৷ প্রায় নির্ধাৰিত সময়তে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ কভি’ড পৰিস্থিতিৰ পর্যালোচনা কৰিবলৈ আহিল মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ বৰপেটা পৌৰ সভাৰ খেলপথাৰৰ অস্থায়ী হেলিপেডত হেলিকপ্টাৰৰ পৰা নামি গাডীৰে বৰপেটা চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হয় তেওঁ৷ কার্যসূচী অনুসৰি চিকিৎসা মহাবিদ্যালয়ৰ সভাকক্ষত পর্যালোচনা বৈঠকত অংশগ্রহণ কৰাৰ কথা মুখ্যমন্ত্রীৰ৷ সেইমর্মে সাজু আছিল সকলো৷ কিন্তু গাড়ীৰ পৰা নামিয়েই মহাবিদ্যালয়ত প্রৱেশ কৰাৰ পৰিৱর্তে মুখ্যমন্ত্রীয়ে খোজ ল’লে হাস্পতালৰ পিনে৷ খোজ কাঢ়ি কাঢ়ি হাস্পতাললৈ যোৱাৰ সময়তে এটা কৰুণ ঘটনাৰ সন্মুখীন হয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷
মেডিকেল কলেজ ভৱনৰ পৰা খোজ কাঢ়ি চিকিৎসালয় অভিমুখে গৈ থকাৰ সময়ত মুখ্যমন্ত্রীক দেখি হিয়াঢ়াকুৰি কান্দিবলৈ ধৰে এগৰাকী মহিলাই৷ জানিব পৰা মতে, মুখ্যমন্ত্রী বৰপেটা চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হোৱাৰ কিছুসময় পূর্বে মহিলাগৰাকীৰ স্বামীৰ মৃত্যু ঘটে৷ হৃদৰোগত আক্রান্ত মহিলাগৰাকীৰ স্বামী পাটাছাৰকুছিৰ লাৱণ্য বর্মনক বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসালয় আহি পোৱাৰ দুই–তিনি মিনিট পিছতে তেখেতৰ মৃত্যু ঘটে৷ সেয়েহে স্বামীক হেৰুৱাই শোকত ভাগি পৰিছিল দুর্ভগীয়া মহিলাগৰাকী৷ আত্মীয়ৰ ডিঙিত ধৰি চিঞৰি চিঞৰি কান্দিবলৈ ধৰা মহিলাগৰাকীক দেখি মুহূর্তৰ বাবে ৰৈ যায় মুখ্যমন্ত্রী৷
কান্দোনত আৱেগিক হৈ পৰা মহিলাগৰাকীৰ মূৰত হাত বুলাই মুখ্যমন্ত্রীয়ে কয়, ‘হ’ব দে মা, মই চাই দিম, তই চিন্তা কৰিব নালাগে৷’ এই দৃশ্যটোৱে মুহূর্তৰ বাবে উপস্থিত সকলোকে আৱেগিক কৰি তোলে৷ মহিলাগৰাকীৰ প্রতি মুখ্যমন্ত্রীয়ে এনেদৰে সহমর্মিতা প্রকাশ কৰাত সকলোৱে সন্তোষ প্রকাশ কৰে৷ মুখ্যমন্ত্রীয়ে চিকিৎসালয়ত উপস্থিত হোৱাৰ সময়লৈকে চমজাই দিয়া হোৱা নাছিল মহিলাগৰাকীৰ স্বামীৰ মৃতদেহ৷ এই বিষয়ে জানিব পাৰি মুখ্যমন্ত্রীয়ে ততালিকে চিকিৎসালয় কর্তৃপক্ষক মহিলাগৰাকীক স্বামীৰ মৃতদেহ চমজাই দিবলৈ নির্দেশ দিয়ে৷