নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটাত ক’ৰোনাসৃষ্ট পৰিস্থিতিৰ পর্যালোচনা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ

নিয়মীয়া বাৰ্তা ২১ মেঃ ক’ভিড বিধি মানি চলিলে ৰাজ্যত অহা ১৫ দিনৰ ভিতৰত পৰিস্থিতি উন্নত হোৱাৰ সম্ভাৱনা আছে৷ ইতিমধ্যে অসমত ক’ভিড পজিটিভিটীৰ হাৰ ১৪ৰ পৰা ৬ শতাংশলৈ হ্রাস পাইছে৷’ –এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ মুখ্যমন্ত্রী হিচাপে দায়িত্ব গ্রহণৰ পিছত প্রথমবাৰৰ বাবে চৰকাৰী কার্যসূচী লৈ আজি পুৱা বৰপেটাত উপস্থিত হয় ড০ হিমন্ত বিশ্ব শর্মা৷ বৰপেটা পৌৰসভা খেলপথাৰৰ অস্থায়ী হেলিপেডত পুৱা ৯.২৫ বজাত অৱতৰণ কৰাৰ পিছত পোনে পোনে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ৰাওনা হয় মুখ্যমন্ত্রীগৰাকী৷ চিকিৎসালয়খনত উপস্থিত হৈয়েই গ্রীন জ’নৰ পৰা ক’ভিড ৱার্ড পৰিদর্শন কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

চিকিৎসা মহাবিদ্যালয়ৰ পৰা হাস্পতাললৈ যোৱা বাটছোৱাত একাংশ ৰোগীৰ সৈতে বার্তালাপো কৰে মুখ্যমন্ত্রীগৰাকীয়ে৷ পৰৱর্তী সময়ত চিকিৎসা মহাবিদ্যালয় প্রেক্ষাগৃহত জিলা প্রশাসন, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া আৰু হাস্পতাল কর্তৃপক্ষৰ সৈতে এক পর্যালোচনা বৈঠকত ভাগ লয় মুখ্যমন্ত্রীগৰাকীয়ে৷ ক’ভিড পৰিস্থিতি সন্দর্ভত অনুষ্ঠিত পর্যালোচনা বৈঠকত জনিয়াৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম, সৰুক্ষেত্রীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ, বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদ, সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, চেঙাৰ বিধায়ক আশ্রাফুল হুছেইনেও অংশগ্রহণ কৰে৷ এই পর্যালোচনা বৈঠকতে মুখ্যমন্ত্রীগৰাকীয়ে বৰপেটা জিলাৰ উপায়ুক্ত তেজপ্রসাদ ভূষালক নিশা দুই বজাত আহি চিকিৎসক আদিয়ে কর্তব্য সম্পাদন কৰিছে নে নাই, সেই সন্দর্ভত ফটো দিবলৈ নির্দেশ দিয়ে৷ এই বৈঠকতে নিশাৰ ভাগত জ্যেষ্ঠ চিকিৎসকসকলক হাস্পতালত নিশ্চিতভাৱে উপস্থিত থাকিবলৈ নির্দেশ দিয়ে৷

মুখ্যমন্ত্রীগৰাকীয়ে বৰপেটাত ৰেপিড এণ্টিজেন টেষ্টৰ বিপৰীতে আৰ টি পি চি আৰ টেষ্ট কম হৈ আছে বুলি কৈ বঢ়োৱাৰ বাবেও স্বাস্থ্য বিভাগ আৰু প্রশাসনক নির্দেশ দিয়ে৷ বৈঠকৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰে মুখ্যমন্ত্রীগৰাকীয়ে৷ বৰপেটা জিলাত পজিটিভিটীৰ হাৰ কম যদিও আন্তঃগাঁথনিৰ অভাৱৰ বাবে পৰিস্থিতিৰ অৱনতি হোৱাৰ আশংকা ব্যক্ত কৰে মুখ্যমন্ত্রীয়ে৷ ইয়াৰ পৰিপ্রেক্ষিতত দুই–এদিনৰ ভিতৰত বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত অতিৰিক্তভাৱে এটা পোন্ধৰখন বিছনাযুক্ত আই চি ইউ ৱার্ডৰ ব্যৱস্থাৰ লগতে ৫০টা অক্সিজেন কনছেনড্রেটৰ যোগান ধৰা হ’ব বুলি ঘোষণা কৰে মুখ্যমন্ত্রীগৰাকীয়ে৷ ৫০ ঊর্ধ্বৰ ব্যক্তি হোম আইছ’লেচনত থকা উচিত নহয় বুলি মন্তব্য কৰি মুখ্যমন্ত্রীয়ে হোম আইছ’লেচন বন্ধ কৰিবলৈ বৰপেটা জিলাত ক’ভিড হাস্পতাল স্থাপনৰ চিন্তা–চর্চা কৰা বুলি উল্লেখ কৰে৷

সাংবাদিকৰ প্রশ্নৰ উত্তৰত গুৱাহাটীৰ এপল’ হাস্পতালত অসমৰ প্রথমজন ব্লেক ফাংগাছত আক্রান্ত ৰোগীৰ মৃত্যু হোৱা বুলি উল্লেখ কৰি নতুন ৰোগবিধ সন্দর্ভত স্বাস্থ্য বিভাগৰ আলোচনা–তৎপৰতা অব্যাহত থকা বুলি তেওঁ জানিবলৈ দিয়ে৷ ব্যক্তিগত চিকিৎসালয়ৰ মাচুল নিয়ন্ত্রণ সন্দর্ভত সাংবাদিকে সোধা এক প্রশ্ণৰ উত্তৰত মুখ্যমন্ত্রীগৰাকীয়ে কয় যে ৰোগীয়ে যাতে পৰাপক্ষত ব্যক্তিগত চিকিৎসালয়লৈ যাবলগীয়া নহয়, তাৰ বাবে চৰকাৰী হাস্পতালৰ আন্তঃগাঁথনি উন্নয়নত অধিক গুৰুত্ব আৰোপ চৰকাৰে কৰিব বুলি জানিবলৈ দিয়ে৷ প্রতিদিনে প্রায় এক লাখ লোকক ভেকচিন দিয়াৰ লক্ষ্য আছে যদিও সম্প্রতি ৫০ হাজাৰ লোককহে ভেকচিন প্রদান কৰি থকা হৈছে বুলিও মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে৷

আনহাতে চিভিল হাস্পতালবিলাকত নতুন অক্সিজেন প্লাণ্ট বহুওৱা হ’ব বুলিও মুখ্যমন্ত্রীয়ে সদৰী কৰে৷ ইতিমধ্যে ৰাজ্যখনত ১৪টা অক্সিজেন প্লাণ্ট চলি আছে আৰু নতুনকৈ ৬টা অক্সিজেন প্লাণ্ট বহুওৱা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে৷ ক’ভিড পৰিস্থিতি নিয়ন্ত্রণৰ বাবে ৰাইজক ক’ভিভ প্রট’কল মানি চলিবলৈও মুখ্যমন্ত্রীগৰাকীয়ে আহ্বান জনায়৷ আনহাতে কাইলৈৰ পৰা আন্তঃজিলা যাতায়াত সম্পূর্ণ ৰূপে বন্ধ হ’ব বুুলি উল্লেখ কৰি লকডাউনৰ সম্ভাৱনা নাকচ কৰে মুখ্যমন্ত্রীগৰাকীয়ে৷

You might also like