ঢেকীয়াজুলিত এছঅ’পি উলংঘাকাৰীক পথত শাস্তি আৰক্ষীৰ
নিয়মীয়া বাৰ্তা, ২১ মে: ৰাজ্য চৰকাৰে জাৰি কৰা এছ অ’ পি অমান্য কৰি সান্ধ্য আইন চলি থকাৰ সময়ত ১৫ নং ৰাষ্ট্রীয় ঘাইপথলৈ ওলাই আহি অনাই–বনাই ঘূৰি ফুৰা একাংশ লোকক আঁঠু কঢ়াই কাণত ধৰি উঠা–বহা কৰাই উত্তম–মধ্যম শোধালে ঢেকীয়াজুলি আৰক্ষীয়ে৷ দুপৰীয়া ১২ বজাৰ পিছত সান্ধ্য আইন চলি থকাৰ সময়ছোৱাত নগৰৰ মাজমজিয়াৰে ১৫ নং ৰাষ্ট্রীয় ঘাইপথেৰে চাইকেল চলাই অনাই–বনাই ঘূৰি ফুৰা একাংশ লোকক আৰক্ষীয়ে ৰাজপথত চাইকেলখন কান্ধৰ ওপৰত তুলি লৈ যাবলৈ দিয়াৰ লগতে উত্তম–মধ্যম শোধাই কাণত ধৰাই আঁঠু কঢ়াই উঠা–বহা কৰাই শাস্তি প্রদান কৰে৷