ক’ভিড পজিটিভ ২ মহিলাই ভাৰাঘৰৰ পৰা পলায়ন কৰাক লৈ ধাৰাপুৰত তীব্র চাঞ্চল্য
নিয়মীয়া বাৰ্তা, ২১ মে: সমগ্র ৰাজ্যখনৰ লগতে ৰাজধানী মহানগৰী গুৱাহাটীত ক’ৰোনাকেন্দ্রিক ভয়াৱহ পৰিস্থিতি বিৰাজ কৰি থকাৰ মাজতে আজি গুৱাহাটী মহানগৰীৰ আজাৰা থানাৰ অন্তর্গত ধাৰাপুৰ চাৰিআলিৰ বিষ্ণু–জ্যোতি নগৰত ভাৰাতীয়া হিচাপে থকা দুগৰাকী মহিলাই ভাৰাঘৰৰ পৰা পলায়ন কৰা কার্যই বৃহত্তৰ অঞ্চলটোত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্রাপ্ত খবৰ মতে, ধাৰাপুৰ চাৰিআলিৰ বিষ্ণু–জ্যোতি নগৰৰ বাসিন্দা তথা বৰঝাৰ বিমানবন্দৰৰ কর্মচাৰী ৰমেশ শর্মাৰ ঘৰত ভাৰাতীয় হিচাপে বাস কৰে নলবাৰীৰ ছুইটী বেজবৰুৱা আৰু লখিমপুৰৰ সংগীতা দাস নামৰ মহিলা দুগৰাকী৷ শেহতীয়াভাৱে উক্ত মহিলা দুগৰাকীৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰাৰ পিছত প্রশাসনে গঠন কৰি দিয়া হোম কোৱাৰেণ্টাইন কমিটীখনে আজি বিষ্ণু–জ্যোতি নগৰৰ ৰমেশ শর্মাৰ ঘৰত উপস্থিত হৈ তেওঁলোকক হোম আইছ’লেচনত থাকিবলৈ তথা কোনো কাৰণতে নিজ বাসগৃহৰ পৰা বাহিৰলৈ নোলাবলৈ পৰামর্শ আগবঢ়োৱাৰ লগতে ভাৰাঘৰৰ মালিক ৰমেশ শর্মাক তেওঁলোকক পর্যবেক্ষণ কৰি থাকিবলৈ আহ্বান জনায়৷ কিন্তু অতি আশ্চর্যজনক যে ভাৰাঘৰৰ মালিক ৰমেশ শর্মাই হোম কোৱাৰেণ্টাইন কমিটীখনক কোনোধৰণৰ আগতীয়া বার্তা নিদিয়াকৈ আজি বিয়লি অতি গোপনে দুয়োগৰাকী ক’ৰোনাক্রান্ত মহিলাক নিজ গৃহলৈ পলুৱাই পঠিয়ায়৷ পিছত ঘটনাটো অহুকাণে–পহুকাণে প্রকাশ হোৱাৰ লগে লগে হোম কোৱাৰেণ্টাইন কমিটীখন ৰমেশ শর্মাৰ ঘৰত উপস্থিত হৈ কথাটোৰ বুজ লৈ জানিব পাৰে যে ক’ৰোনাক্রান্ত দুয়োগৰাকী মহিলাই ইতিমধ্যে উবেৰ লৈ নিজগৃহলৈ গুচি গৈছে৷ সমস্ত ঘটনা জানিব পাৰি হোম কোৱাৰেণ্টাইন কমিটীখন হতবাক হৈ পৰে আৰু লগে লগে আজাৰা থানাক ঘটনাটো অৱগত কৰে৷ পিছত আজাৰা আৰক্ষী বিষ্ণু–জ্যোতি নগৰৰ ৰমেশ শর্মাৰ ঘৰত উপস্থিত হৈ ঘটনাটোৰ বুজ লৈ ক’ৰোনাক্রান্ত ছুইটী বেজবৰুৱা আৰু সংগীতা দাসক ফোন কৰাৰ পিছত ছুইটী বেজবৰুৱাই নলবাৰীৰ নিজগৃহ আৰু সংগীত দাসে নগাঁৱৰ আমনি পোৱা বুলি ফোনযোগে জানিবলৈ দিয়ে৷ সংগীতা দাসে বাছেৰে গৈ থকা বুলি জানিব পৰা গৈছে৷ তাৎপর্যপূর্ণ যে এনে এক ভয়াৱহ দুর্যোগৰ সময়ত ভাৰাঘৰৰ মালিকৰ জ্ঞাতসাৰেই ক’ৰোনাক্রান্ত ভাৰাতীয়াই পলায়ন কৰা কার্যই তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ কিয়নো তেওঁলোক দুয়োগৰাকীৰ পৰা পুনৰ ক’ভিডৰ সংক্রমণ হোৱাৰ যথেষ্ট থল আছে৷ তেনেক্ষেত্রত স্থানীয় ধাৰাপুৰবাসী সচেতন নাগৰিকসকলে ভাৰাঘৰৰ মালিক ৰমেশ শর্মাৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্রহণ কৰিবলৈ কামৰূপ মহানগৰ জিলা প্রশাসন তথা আজাৰা আৰক্ষীক দাবী জনাইছে৷