বিধায়ক ৰূপে শপত গ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই
নিয়মীয়া বাৰ্তা ২১ মেঃ শুকুৰবাৰে নতুন বিধানসভাৰ প্ৰথম অধিৱেশনৰ প্ৰথম দিনা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিধায়ক হিচাপে শপত গ্ৰহণ কৰে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক প্ৰটেম অধ্যক্ষ ফণী ভূষণ চৌধুৰীয়ে শপত গ্ৰহণ কৰোৱায়।
আজি মই সতীৰ্থ বিধায়ক সকলৰ সৈতে ৰাজ্যৰ পঞ্চদশ বিধানসভাৰ সদস্য হিচাপে শপত গ্ৰহন কৰোঁ ।
শপত গ্ৰহন কৰি গৌৰৱান্বিত অনুভৱ কৰিছোঁ । মই মোৰ সন্মানীয় সতীৰ্থ সকলৰ সৈতে গণতন্ত্ৰক শক্তিশালী কৰাৰ অভিযান অব্যাহত ৰাখিম । অসমবাসীক প্ৰণিপাত জনাইছোঁ । pic.twitter.com/PJzRvtnJob
— Himanta Biswa Sarma (@himantabiswa) May 21, 2021