নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আলি, ৰহমানৰ নেতৃত্বত খটখটি লাহৰিজানৰ পৰা নিয়ন্ত্ৰণ উজনি অসমত বৃহৎ ড্ৰাগছৰ বেহা

নিয়মীয়া বাৰ্তা ২১ মেঃ  ভাৰত ম্যানমাৰ সীমান্তত কেন্দ্ৰীয় চৰকাৰৰ সোপা ঢিলা নীতিৰ বাবেই সম্প্ৰতি অপৰাধৰ ৰম্যভূমিলৈ পৰ্যবসিত হৈছে মনিপুৰ, নাগালেণ্ড আৰু অসম । আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰাই মনিপুৰ নাগালেণ্ড হৈ অসমত বিয়পিছে অবৈধ মাৰাণাস্ত্ৰ, বাৰ্মা চুপাৰী, নিচাযুক্ত সামগ্ৰী ড্ৰাগছৰ দৰে মাৰাত্মক সামগ্ৰী । মণিপুৰ নাগালেণ্ড চৰকাৰ প্ৰশাসনৰ পৃষ্ঠপোষকতাত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথক গ্ৰীণ কৰিডৰ হিচাপে লৈ অপৰাধৰ ৰম্যভূমিলৈ পৰিণত কৰি সমগ্ৰ অসমত ড্ৰাগছৰ দৰে বৃহৎ বজাৰ গঢ়ি তুলিছে । অসমৰ আৰক্ষী প্ৰশাসনে সময়ে সময়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে বাৰ্মাৰ পৰা নাগালেণ্ডৰ ডিমাপুৰত মজুত কৰি ৰাখে আৰু সময় সুবিধা অনুসৰি অসম নাগালেণ্ড সীমান্তৰ খটখটি আৰু লাহৰিজানত মজুত ৰাখি উজনি অসমৰ লগতে সমগ্ৰ অসমলৈ সৰবৰাহ কৰি আহিছে ।

এই মূল চক্ৰটোক আজিও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই । কিয়নো ড্ৰাগছৰ মূল ব্যৱসায়ীয়ে নাগালেণ্ডত থাকিয়েই অসমৰ বজাৰ নিয়ন্ত্ৰণ কৰে । লাহৰিজান আৰু খটখটি অঞ্চলটোক অপৰাধৰ ঘাটি হিচাপে গঢ়ি তোলাৰ পাছতো আৰক্ষী প্ৰশাসনৰ চকুত ধুলি মাৰি নিৰ্বিঘ্নে চলি আছে এই অবৈধ ব্যৱসায় । এক সুত্ৰৰ পৰা জানিব পৰা মতে, লাহৰিজান আৰু খটখটিৰ আলি আৰু ৰহমান নামৰ দুজন ব্যৱসায়ীয়ে নাগালেণ্ডত থাকি অসমত ড্ৰাগছৰ বজাৰ নিয়ন্ত্ৰণ কৰি আহিছে । কাৰ্বিআংলঙৰ লাহৰিজান আৰু খটখটিৰ পৰা গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, নগাঁও, তেজপুৰ গুৱাহাটী আদি ভিন্ন স্থানলৈ বিভিন্ন কায়দাৰে ড্ৰাগছ সৰবৰাহ কৰি আহিছে । ড্ৰাগছ মাফিয়াই এই সৰবৰাহ কাৰ্যত নিয়োজিত কৰি আহিছে সুন্দৰী যুৱতী , মহিলা আৰু যুৱকক ।

ডিমাপুৰৰ পৰা অসমলৈ অহা যাত্ৰীবাহী বাছৰ জৰিয়তে নগাঁও গুৱাহাটীলৈ সৰবৰাহ কৰি আহিছে বুলি এক সুত্ৰৰ পৰা জানিব পৰা গৈছে । এই সৰবৰাহকাৰী দলসমুহে পতি পত্নীৰ দৰে নৈশ বাছত গুৱাহাটীলৈ ড্ৰাগছ সৰবৰাহ কৰি আহিছে । আৰক্ষীৰ চকুত ধুলি মাৰিয়েই হওক অথবা উচ্চ পৰ্যায়ৰ বিষয়া আমোলাক মেনেজ কৰিয়েই হওক, এই চক্ৰটোৱে সম্প্ৰতি সমগ্ৰ ৰাজ্যখনত বৃহৎ ড্ৰাগছৰ জাল তৈয়াৰ কৰি যুৱ প্ৰজন্মক মৃত্যুৰ মুখলৈ ঠেলি দিছে । কিন্তু লক্ষণীয় বিষয় এয়ে যে, ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথে অসমত প্ৰৱেশ কৰাৰ পাছত বহুকেইখন আৰক্ষী তালাচী চকী পাৰ হৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে নগাঁও গুৱাহাটীলৈ সৰবৰাহ হৈ আহিছে ড্ৰাগছ। এনে ক্ষেত্ৰত গৃহ বিভাগে কেনে ব্যৱস্থা গ্ৰহণ কৰিছে সেয়া সহজেই অনুমেয় ।
অসম নাগালেণ্ডৰ সীমামূৰীয়া জিলা গোলাঘাটত আৰক্ষীয়ে প্ৰায় ছমাহত ২ শতাধিক ড্ৰাগছ আসক্ত আৰু পেডলাৰক হাতে লুটে ধৰা পেলাই ৰঙা ঘৰৰ ভাত খুৱাবলৈ সক্ষম হৈছে যদিও মূল মাফিয়াৰ পৰা বহু দূৰৈতে অৱস্থান কৰিবলগা হয় আৰক্ষী । জিলাখনত ড্ৰাগছ বেহা সৃষ্টি কৰা কুখ্যাত ড্ৰাগছ মাফিয়া জ’জ’ক আৰক্ষীয়ে তিনিবাৰকৈ গ্ৰেপ্তাৰ কৰাৰ পাছতো পুণৰ জামিন লাভ কৰিয়েই ড্ৰাগছৰ বেহা গঢ়ি তোলাৰ অভিযোগত অসম চৰকাৰৰ গৃহ বিভাগৰ নিৰ্দেশ অনুসৰি আৰক্ষীয়ে এনডিপিএচ আইনৰ অধীনত দুবছৰৰ বাবে জামিন বিহীন গোচৰত গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰে । আৰক্ষীয়ে জ’জ’ক বহুবাৰ জেৰা কৰে যদিও আৰক্ষীয়ে আন কোনো কুখ্যাত ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই । জিলাখনৰ সৰুপথাৰ, বৰপথাৰ, উৰিয়ামঘাট, গোলাঘাট নগৰ, ঢেকিয়াল, দেৰগাঁও, নুমলীগড়, ৰঙাজান, পোৰাবাংলা, বোকাখাট আদি অঞ্চলত ড্ৰাগছৰ ঘাটি ৰঘুমলাৰ দৰে বৃদ্ধি পাবলৈ ধৰিছে । এনে ক্ষেত্ৰত নতুন চৰকাৰৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সচেতন মহলে । এই ক্ষেত্ৰত ডঃ শৰ্মাই হে যুৱ প্ৰজন্মক এই ব্যাধিৰ পৰা ৰক্ষা কৰিব পাৰিব বুলি বিদ্বৎ মহলে প্ৰকাশ কৰিছে ।

You might also like