বিটিআৰৰ ৩,৩১০.৬৭ কোটিৰ বাজেট গৃহীত
নিয়মীয়া বাৰ্তা, ২৫ মেঃ প্রমোদ বডো নেতৃত্বাধীন বি টি আৰ পৰিষদীয় চৰকাৰৰ ২০২১–২২ বিত্তীয় বর্ষৰ বাজেট অধিৱেশনখন সোমবাৰে অনুষ্ঠিত হয়৷ বাজেট অধিৱেশনত লক্ষণীয়ভাৱে হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিৰোধী দলৰ কোনো এজন পাৰিষদে অংশগ্রহণ নকৰিলে৷ কাতিৰাম বডোৰ অধ্যক্ষতাত অনুষ্ঠিত বিৰোধীশূন্য বাজেট অধিৱেশনত ২০২১–২২ বিত্তীয় বর্ষৰ বাবে মুঠ ৩,৩১০ কোটি ৬৭ লাখ ৩ হাজাৰ টকা ধার্য কৰা হয়৷ বিটিআৰৰ বিত্ত বিভাগৰো দায়িত্বত থকা মুখ্য কার্যবাহী প্রমোদ বডোৱে বিৰোধীশূন্য সদনৰ মজিয়াত বাজেটখন পাঠ কৰাৰ পাছতে সদনৰ সর্বসন্মতিমর্মে ৩,৩১০ কোটি ৬৭ লাখ ৩ হাজাৰ টকাৰ বাজেটখন গৃহীত কৰা হয়৷
আনহাতে, সদনত প্রমোদ বডোৱে ৰাজ্য চৰকাৰৰ নিজস্ব অগ্রাধিকাৰ ভিত্তিক উন্নয়নমূলক আঁচনিৰ SOPD) বাজেট দাখিল কৰে৷ বি টি আৰ চৰকাৰে বিত্তীয় বর্ষ ২০২১–২২ৰ বাবে ৬৭১ কোটি ৭৮ লাখ ১০ হাজাৰ টকা এছ’পিডি বাজেট ধার্য কৰিছিল যদিও ক’ভিড পৰিস্থিতিৰ বাবে ৬০২ কোটি ৩৬ লাখ ৭৪ হাজাৰ টকাহে আবণ্টন পাবলৈ সক্ষম হয়৷ অর্থাৎ ধার্য কৰা বাজেটতকৈ ৬৯ কোটি ৪১ লাখ ৩৬ হাজাৰ টকা কমকৈ আবণ্টন লাভ কৰে বিটিআৰ পৰিষদীয় চৰকাৰখনে৷ ইপিনে, দিনজোৰা কার্যসূচীৰে অনুষ্ঠিত বাজেট অধিৱেশনৰ অন্তত বিটিআৰৰ মুখ্য কার্যবাহী প্রমোদ বডোৱে সংবাদ মাধ্যমৰ আগত বিটিআৰৰ অধ্যক্ষৰ বাবে বছৰি এক কোটিকৈ উন্নয়নমূলক আঁচনিৰ বাবে পুঁজি ধার্য কৰাৰ সিদ্ধান্তৰ কথা সদৰী কৰে৷ তদুপৰি সদনত চতুর্থবাৰলৈ অধিৱেশনত উপস্থিত নথকাত হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিৰোধী দলক সমালোচনা কৰি ৰাইজৰ নির্বাচিত প্রতিনিধি হৈও দায়িত্বজ্ঞানহীনতাৰ বাবে সমালোচনা কৰে৷
শিক্ষা, কৃষি, স্বাস্থ্য আদিকে ধৰি আন বিভাগৰ কামসমূহক বিশেষ গুৰুত্ব প্রদান কৰা হ’ব আৰু ৰাজহ আদায়ত বিশেষ গুৰুত্ব দিয়া হ’ব বুলি মন্তব্য কৰে বিটিআৰৰ মুখ্য কার্যবাহীগৰাকীয়ে৷ সদনত বিৰোধী পাৰিষদ উপস্থিত নাথাকিলেও তেওঁলোকৰ সমষ্টি উন্নয়নৰ বাবে বিটিআৰ চৰকাৰ দায়বদ্ধ আৰু এইক্ষেত্রত হাগ্রামা মহিলাৰীৰ সমষ্টি দেৱৰগাঁও বাদ পৰি নাযায় বুলিও সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে প্রমোদ বডোৱে৷