ঘৰতে গঢ়িলে বেটাৰীযুক্ত এলইডি বাল্ব নির্মাণৰ ক্ষুদ্র উদ্যোগ
নিয়মীয়া বাৰ্তা, ২৫ মেঃ মহামাৰী ক’ৰোনাই ব্যৱসায়–বাণিজ্য সকলোতে বিপর্যয় নমাই অনাৰ সময়তে গোৱালপাৰাৰ মাকৰী নিৱাসী বাবুল কুমাৰ ৰাভাই দিছে এক চমক৷ তেওঁ ঘৰতে গঢ়ি তুলিছে এক ক্ষুদ্র উদ্যোগ৷ বেটাৰীযুক্ত এলইডি বাল্ব নির্মাণ কৰি নিজৰ পৰিয়ালটো পোহপাল দিয়াৰ লগতে আন কেইবাজনো লোকক সংস্থাপন দিছে৷
বাবুল কুমাৰ ৰাভাই জনোৱা মতে, বিগত এবছৰ ধৰি এই কর্মৰ লগত জড়িত হৈ পৰিছে৷ প্রথম অৱস্থাত এলইডি বাল্ব নির্মাণ কৰাটো মনলৈ অহাত ইউটিউবত এই বিষয়ে বিভিন্ন কৌশল প্রত্যক্ষ কৰি ঘৰতে চেষ্টা কৰি অৱশেষত নির্মাণ কৰিবলৈ সক্ষম হয়৷ কোনো কাৰিকৰী প্রশিক্ষণ নোহোৱাকৈ নিজৰ সাধনাৰ বলত আয়ত্ত কৰা জ্ঞানৰে বেটাৰীযুক্ত এলইডি বাল্ব নির্মাণ কৰি চমক দিছে বাবুল কুমাৰ ৰাভাই৷ ‘বাবুল এলইডি’ নামেৰে বাল্বসমূহৰ নামকৰণ কৰি গঢ় লৈ উঠিছে এই উদ্যোগ৷ বাবুল কুমাৰ ৰাভাৰ এই কর্মত সহায় কৰিছে তেওঁৰ শাৰীৰিকভাৱে কিছু অসুস্থ পুত্র দেৱাশিস ৰাভাই৷ ঘৰৰ পৰাই প্রতিটো বাল্ব পাইকাৰী মূল্যত ৩০০ টকাকৈ বিক্রী কৰিছে৷ এদিনত অকলে ৪০–৫০টাকৈ বাল্ব নির্মাণ কৰিব পাৰে বুলি তেওঁ জানিবলৈ দিয়ে৷
তেওঁৰ এই কর্মত মাকৰী অঞ্চলৰ আন কেইবাগৰাকী যুৱকে সহায় কৰি কামত আত্মনিয়োগ কৰি আহিছে৷ যাৰ ফলত বাবুল কুমাৰ ৰাভাৰ পৰিয়ালৰ লগতে আন দহজনো সংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে৷ ইফালে, এলইডি বাল্ব নির্মাণৰ বাবে প্রয়োজনীয় সা–সামগ্রীসমূহ দিল্লীৰ পৰা কোৰিয়াৰযোগে লৈ অহা হয় বুলি তেওঁ জানিবলৈ দিয়ে৷ প্রথম অৱস্থাত নর্থ–ইষ্ট স্মল ফাইনেঞ্চ বেংকৰ পৰা এক লাখ টকাৰ ঋণ লৈ আৰম্ভ কৰা বাবুল কুমাৰ ৰাভাৰ উদ্যোগত যদি চৰকাৰী পক্ষই আর্থিকভাৱে সহায় কৰে তেন্তে ইয়াৰ প্রসাৰ আৰু দহগুণে যে বৃদ্ধি পাব সেয়া নিশ্চিত৷ মহামাৰী ক’ৰোনাৰ সময়ত অসমৰ একাংশ নিবনুৱাই কর্মস্থাপন বিচাৰি হাহাকাৰ কৰিছে তেনে সময়ত বাবুল কুমাৰ ৰাভাই হাতে–কামে লাগি কিছু কষ্ট কৰি ঘৰতে গঢ়ি তুলিছে এক উদ্যোগ৷ যিটো উদ্যোগ আনৰ বাবে আদর্শস্বৰূপ হৈ পৰা পৰিলক্ষিত হৈছে৷