অভয়াপুৰীত উদ্ধাৰ নলবাৰীৰ চুৰি ৰোলাৰ
নিয়মীয়া বাৰ্তা, ২৫ মেঃ নলবাৰীৰ পৰা চুৰি হোৱা ৰোলাৰ এখন যোৱানিশা আৰক্ষীয়ে অভয়াপুৰীৰ পৰা উদ্ধাৰ কৰে৷ কালি নলবাৰী জিলাৰ বেলশৰ আৰক্ষী থানাৰ অন্তর্গত শোলমাৰা আৰক্ষী চকীৰ আৰক্ষীৰ দল এটাই অভয়াপুৰী আৰক্ষীৰ সহযোগত অভয়াপুৰীৰ মহাত্মা গান্ধী ৰোডৰ পৰা ৰোলাৰখন উদ্ধাৰ কৰে৷ শিল, বালি, ইটা বিক্রী কৰা প্রতিষ্ঠান এটাৰ পৰা আৰক্ষীয়ে ৰোলাৰখন উদ্ধাৰ কৰে৷ আৰক্ষীয়ে ঘটনা সংক্রান্তত তিনিজন লোকক আটক কৰিছে৷
আৰক্ষীয়ে জনোৱা মতে, বেলশৰ আৰক্ষী থানাৰ অন্তর্গত শোলমাৰা আৰক্ষী চকী এলেকাৰ পঞ্চায়ত কার্যালয় এটাৰ সন্মুখত প্রায় ডেৰ বছৰ ধৰি বিকল হৈ পৰি আছিল গড়কাপ্টানী বিভাগৰ ৰোলাৰখন৷ ৯ মার্চৰ দিনৰ পোহৰত লোকচক্ষুৰ সন্মুুখতে ক্রেনেৰে ট্ৰাকত তুলি নিছিল৷ সেইসময়ত স্থানীয় লোকে বিভাগীয়ভাৱে ৰোলাৰখন নিয়া বুলি ভাবিছিল৷ কিন্তু আজিৰ পৰা ডেৰমাহ আগতে ৰোলাৰখন চুৰি হোৱাটো ধৰা পেলাই গড়কাপ্টানী বিভাগে এজাহাৰ দিয়ে৷ পাছত আৰক্ষীয়ে অনুসন্ধান চলাই কালি নিশা ৰোলাৰখন অভয়াপুৰীৰ মহাত্মা গান্ধী পথত উদ্ধাৰ কৰে৷
আৰক্ষীয়ে আৰু জানিব দিয়ামতে ৰোলাৰখন অভয়াপুৰীৰ গড়কাপ্টানী বিভাগৰ কর্মচাৰী ইমামে ৩ লাখ টকাত কিনিছিল৷