নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱৰ বৰচলাত খিলঞ্জীয়াৰ ভূমি বেদখল আবুল জয়নাল বাহিনীৰ

মৰিগাঁৱৰ উদ্যমী খিলঞ্জীয়া যুৱ কৃষকক প্ৰাণ নাশৰ ভাবুকি দিলে ভূমি দখলকাৰীয়ে

নিয়মীয়া বাৰ্তা ২৬ মেঃ  যি সময়ত এটা চৰকাৰী কৰ্ম সংস্থাপনৰ বাবে বহু যুৱক যুৱতীয়ে হাবাথুৰী খাই ফুৰিছে সেই সময়তে আজিৰ পৰা প্ৰায় চবছৰ পূৰ্বে মৰিগাঁও জিলাৰ বৰচলা অঞ্চলৰ এগৰাকী শিক্ষিত যুৱক সচিদা নন্দ বৰদলৈয়ে এজাক শিক্ষিত যুৱক যুৱতী ক একগোট কৰি পথাৰৰ মাজত কৰ্ম সংস্থাপন সৃষ্টিৰ উদ্দেশ্যে একান্ত ভাবে কৃষি কৰ্মত নামি পৰিছিল। এজন উদ্যমী যুৱ কৃষক ৰূপে মৰিগাঁৱ জিলা প্ৰশাসন আৰু কৃষি বিজ্ঞান বিভাগৰ পৰা কেইবাবাৰু উচ্চ প্ৰশংসিত হোৱা এই যুৱক জনে এতিয়া নিজৰ পথাৰ , গাঁওৰ ৰাজহুৱা বিল ৰক্ষাৰ বাবে বেদশলকাৰীৰ বিৰুদ্ধে থিয় দিব লগীয়া হৈছে।

যুৱ কৃষক শশীদানন্দ বৰদলৈয়ে অভিযোগ কৰা অনুসৰি মৰিগাঁও জিলাৰ অন্যতম পুৰণি খিলঞ্জীয়া লোকৰ বাসস্থান এই বৰচলা গাঁও খনৰ এটা অংশত বহু বছৰ পূৰ্বে একাংশ সংখ্যালঘু সম্প্ৰদায়ৰ লোক অস্থায়ী ভাবে বাস কৰি আছিল কিন্তু কালক্ৰমত আজিৰ পৰা ১০ বছৰমান পূৰ্বৰ পৰা এটা দুটাকৈ পৰিয়ালে গাঁও খনৰ একমাত্ৰ ৰাজহুৱা বিল খন কিছু অংশ দখল কৰিবলৈ আৰম্ভ কৰে। কিন্তু লাহে লাহে সংগোপনে চৰকাৰী ভূমিত স্থিত ৰাজহুৱা বিল খনৰ ৮১ বিঘা ভূমি উক্ত লোক সকলে বেদখল কৰি পেলাই। এতিয়া পৰিস্থিতি এনে হৈছেগৈ যে কেইটামান দিন পূৰ্বে অভিযোগকাৰী সশীদা নন্দ বৰদলৈৰ ২ কথা ম্যাদী মাটি , সৰুৰাম বৰদলৈৰ ৩০ লোছা ,নৰেন ডেকাৰ ১০ লোছা,সোমনাথ বৰদলৈ ৰ ৫লোছা মাটি ও দখল কোটি লয় ।

উল্লেখ্য এই সম্পৰ্কে জানিব পাৰি সশীদা নন্দ বৰদলৈ আৰু একাংশ স্থানীয় ৰাইজে মাটি বেদশলকাৰী , আবুল, জয়নাল,জালালুদ্দিন, জমিৰুদ্দিন,আবুল ক আলোচনাৰ বাবে মাতে যদিও নিশা পুনৰ ফকলেন ব্যৱহাৰ কৰি নিশাটোৰ ভিতৰতে ফিছাৰী খান্দি উলিয়াই। উল্লেখ্য স্থানীয় ৰাইজে যিমানেই এই বেদখল ক বাধা দিবলৈ চেষ্টা কৰিছে উক্ত বেদশলকাৰী কেইটাই উক্ত মাটি কিনি লোৱা বুলি ঘোষণা কৰি আহিছে। কিন্তু প্ৰশ্নটো হল চৰকাৰী ভূমিত থকা ৰাজহুৱা বিল আৰু ম্যাদী মাটি ৰাজহ বিভাগে গম নোপোৱাকৈ কোনে বিক্ৰী কৰিছে অথবা চৰকাৰী ভূমি ক্ৰয় কৰাৰ অধিকাৰ কোনে দিছে এই বেদখল কাৰী কেইটাক।

উল্লেখ্য এই সন্দৰ্ভ ত সশীদা নন্দ বৰদলৈয়ে স্থানীয় বৰচলা আৰক্ষী চকীত গোচৰ দিছে যদিও বৰচলা আৰক্ষীয়ে ভূমি খনন কায্যত ব্যবহিত হোৱা ফকলেন খন চালক সহ আৰক্ষী চকীলৈ লৈ আনি দায়িত্ব সামৰা ৰ চেষ্টা চলাইছে। এই বাতৰি লিখাৰ সময়লৈকে অভিযোগকৰ্তা গৰাকী ৰ পৰা এই সন্দৰ্ভত সোধা পোছা ও কৰা নাই আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে। তেনে অৱস্থাত আজি দিনৰ ভাগত পুনৰ সশীদা নন্দা বৰদলৈৰ সৈতে দখলকাৰী জয়নাল আবুল সহ আন কেইটামানৰ তৰ্ক হোৱাৰ পিছত চুলতান বাছৰ, সুৰহাব আলি, আহব নামৰ গুণ্ডা কেইটাই শশী দা নন্দ ক মৃত্যুৰ ভাবুকি পৰ্য্যন্ত দি ইয়াত মাৰ্ডাৰ হৈ যাব পাৰে বুলি ভাবুকি প্ৰদান কৰে। উল্লেখ্য ইতিমধ্যে এই ঘটনাৰ পিছত স্থানীয় ৰাইজে বেদশলকাৰী সকলৰ বিৰুদ্ধে আৰক্ষী আৰু প্ৰশাসন ক কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে। জীৱনৰ প্ৰতি ভাবুকি সৃষ্টি হোৱা উদ্যমী যুৱ কৃষক শচিদা নন্দ বৰদলৈ এ মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক আৰু উপায়ুক্তৰ হস্তক্ষেপ দাবী কৰিছে। ইতিমধ্যে বেদশলকাৰীৰ বিৰুদ্ধে সংগ্ৰাম চলাই যাব বুলি সচিদা নন্দ বৰদলৈয়ে দৃঢ় সংকল্প বদ্ধ হৈছে

You might also like