নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমচৈ চাহ বাগিচাৰ কভিড কেয়াৰ কেন্দ্ৰত বনৰীয়া হাতী

নিয়মীয়া বাৰ্তা,২৭ মেঃ বিজেপিৰ মিত্ৰ দল এজিপি দলৰ পৰা অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰীৰ দায়িত্ব লাভ কৰা মন্ত্ৰী কেশৱ মহন্তই আহি ২৫মে’ ত ৬৭ গৰাকী কভিড আক্ৰান্ত থকা আমচৈ চাহ বাগিচাৰ আক্ৰান্ত সকলৰ চিকিৎসা ভালদৰে চলি আছে নে খবৰ লৈ যায় আৰু এই আক্ৰান্ত সকলৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ জিলা দুৰ্যোগ প্ৰশমন বিভাগ আৰু স্বাস্থ্য বিভাগক নিৰ্দেশ দি থৈ যায় ।

মন্ত্ৰী গৰাকীয়ে ভ্ৰমণ কৰি যোৱা পিছদিনা নিশাই অৰ্থাৎ ২৬ মে’ৰ নিশা ১২টা মান বজাত বন্য হাতী এটাও আহি আমচৈ চাহ বাগিচাৰ চিকিৎসালয়ত চৌহদত থকা কভিড কে‌য়াৰ কেন্দ্ৰত প্ৰৱেশ কৰি তাত থকা ৰোগী আৰু স্বাস্থ্য কৰ্মী সকলক আতঙ্কিত কৰি তোলে । বন্য হাতীটোৱে চিকিৎসালয়ৰ চৌহদত থকা দুটা তামোল গছও ভাঙি খায় । অঞ্চলটোত অসম চৰকাৰৰ দুৰ্যোগ প্ৰশমন বিভাগৰ দ্বাৰা ঘোষিত সান্ধ্য আইন বলৱৎ থকা সত্বেও মানুহবোৰ বন্য হাতী খেদিবলৈ ঘৰৰ পৰা ওলাই আহিবলৈ বাধ্য হয় ।

এই মানুহবোৰে হাতে হাতে জুই, টৰ্চ , ফটকা আদি লৈ হুলস্থুল কৰাতহে বন্য হাতীটোৱে চিকিৎসালয় চৌহদৈৰ পৰা ওলাই চাহ গছৰ মাজেৰে বাগিচাখনৰ দক্ষিণাঞ্চল থকা বনাঞ্চললৈ গুচি যায় । এজিপি দলৰ পৰা মন্ত্ৰীত্ব লাভ কৰা কেশৱ মহন্তই বাগিচাখন ভ্ৰমণ কৰি থৈ যোৱাৰ বাবেই এজিপি দলৰ প্ৰতীক হাতীয়েও আহি কভিড আক্ৰান্তসকলৰ খবৰ লৈ গ’ল বুলি বহুতেই এই দুখৰ মাজতো ৰগৰ তুলিছে ।

You might also like