বেদখল চাবলৈ যোৱা বিধায়ক ৰূপজ্যোতি–সাংবাদিকলৈ নগাৰ ধাৰাসাৰ গুলী
নিয়মীয়া বাৰ্তা ২৮ মেঃ অসম ভূমিত বেদখলকাৰী নগা দুষৃকতিকাৰীয়ে বিধায়ক ৰূপজ্যোতি কুর্মীসহ সাংবাদিকৰ দললৈ লক্ষ্য কৰি গুলীচালনা কৰা ঘটনাক কেন্দ্র কৰি মৰিয়নি অঞ্চলত তীব্র চাঞ্চল্য সৃষ্টি হৈছে৷ অসম–নাগালেণ্ড সীমান্তৱর্তী দিছৈ ভেলী সংৰক্ষিত অঞ্চলত আজি এই ঘটনা সংঘটিত হয়৷ উল্লেখ্য যে মৰিয়নি বনাঞ্চলিক বিষয়া আৰু সোণোৱাল খণ্ড বন বিষয়াৰ কার্যালয়ৰ অন্তর্গত দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ মাটিত নগাই দীর্ঘদিন ধৰি বেদখল চলাই আহিছে৷ বুধবাৰে যোৰহাট জিলাৰ আৰক্ষী অধীক্ষকসহ আৰক্ষীৰ এটা বৃহৎ দল উক্ত বেদখল চাবলৈ গৈছিল যদিও ৰহস্যজনকভাৱে কিছুদূৰ গৈয়েই উভতি আহিছিল৷
বৃহস্পতিবাৰে উক্ত বেদখল চাবলৈ মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুর্মীৰ লগতে নিউ সোণোৱাল খণ্ড বন বিষয়া কার্যালয়ৰ খণ্ড বন বিষয়া নৱজ্যোতি বৰা, স্থানীয় এশাংশ লোক আৰু সাংবাদিকৰ এটা দল গৈছিল৷ বিধায়ক কুর্মীৰ দুই দেহৰক্ষীৰ লগতে নিউ সোণোৱালৰ অসম আৰক্ষী বেটেলিয়নৰ ছয়জন জোৱানো দলটোৰ সৈতে আছিল৷ বনগাঁৱৰ সমীপৰ বালিজান পাহাৰত নগাই কেইবাটাও টিলা মুকলি কৰি ঘৰ সজাৰ লগতে তামোলকে ধৰি বিভিন্ন খেতি কৰিছে৷ বিধায়ক কুর্মীসহ অসমৰ দলটো উক্ত স্থান পোৱাৰ কিছু সময়ৰ পাছতেই নাতিদূৰৈত গুলীৰ শব্দ শুনা পায়৷ নগা দুষৃকতিকাৰীয়ে অসমৰ দলটোলৈ লক্ষ্য কৰি প্রথমে এজাঁই গুলী ফুটায়৷ লগে লগে বিধায়ক কুর্মীসহ দলটো পিছুৱাই আহে৷ কিন্তু তাৰ কিছু সময়ৰ পাছতেই অসমৰ দলটোলৈ লক্ষ্য কৰি নগাই ধাৰাসাৰ গুলীবর্ষণ কৰে৷ বিধায়ক কুর্মীসহ দলটোৱে প্রাণ লৈ তাৰ পৰা আগত অহাৰ চেষ্টা কৰে যদিও বিধায়ক কুর্মীৰ লগতে কেইবাজনো সংবাদকর্মী আবদ্ধ হৈ পৰে৷
সেই সময়ত নিউ সোণোৱাল বি অ’ পিৰ অসম আৰক্ষী বেটেলিয়নৰ জোৱানে নগাৰ দলটোলৈ লক্ষ্য কৰি গুলীৰে প্রত্যুত্তৰ দিয়ে৷ দুয়োপক্ষৰ মাজত কিছু সময় গুলীয়াগুলী চলে৷ তাৰ মাজতেই বেটেলিয়ন জোৱানে আবদ্ধ হৈ পৰা বিধায়ক কুর্মী আৰু সংবাদকর্মীকেইজন নিৰাপদ দূৰত্বলৈ লৈ আনে৷ পাছত অসমৰ দলটোৰ আটাইকেইজন আহি বনগাঁৱৰ সমীপৰ নিউ সোণোৱাল–খেৰেমীয়া গড়কাপ্টানী পথত উপস্থিত হয়হি৷ লক্ষণীয় যে গুলীয়াগুলীৰ মাজতেই দলটোৰ অসমৰ কেইজনমান পাহাৰৰ ওপৰৰ পৰা জঁপিয়াই হাবিয়ে হাবিয়ে আহি গডকাপ্ঢানী পথটোত উপস্থিত হয়৷ ঘটনাস্থলীৰ পৰা পথলৈ দূৰত্ব প্রায় তিনি কিলোমিটাৰ হ’ব৷ সৌভাগ্যক্রমে এই গুলীচালনাৰ ঘটনাত অসমৰ কোনো লোক হতাহত নহ’ল ৷ অৱশ্যে দৌৰি পলায়ন কৰোঁতে সংবাদকর্মী ৰঞ্জিত বৰা (জিতু), দীপাংকৰ বাৰুৱতী আৰু জয় নাৰায়ণ ৰয়ৰ লগতে স্থানীয় এজন ব্যক্তিও গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয়৷ পাছত দীপাংকৰ বাৰুৱতী আৰু জয় নাৰায়ণ ৰয়ক চিকিৎসালয়লৈ লৈ যোৱা হয় ৷
ইফালে, নগাৰ দলটোৱে অত্যাধুনিক মাৰণাস্ত্র ব্যৱহাৰ কৰা বুলি জানিব পৰা গৈছে৷ বিধায়ক কুর্মীসহ অসমৰ দলটোলৈ লক্ষ্য কৰি নগা দুষৃকতিকাৰীয়ে ত্রিশ ৰাউণ্ডৰ বেছি গুলী চলোৱা বুলি সন্দেহ কৰা হৈছে৷ অসম আৰক্ষীয়েও প্রায় পোন্ধৰ ৰাউণ্ড গুলীৰে প্রত্যুত্তৰ দিয়ে৷ গুলীচালনাৰ এই ঘটনাত নগা উগ্রপন্থী সংগঠনৰ সদস্য জডিত থকা বুলি সন্দেহ কৰা হৈছে৷ এই ঘটনাৰ পিছতেই যোৰহাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণ্ময় গোস্বামী, উপ–আৰক্ষী অধীক্ষক বিভাস দাস, লিগিৰি পুখুৰীৰ প্রথম অসম আৰক্ষী বেটেলিয়ানৰ কমাণ্ডেণ্ট যুৱৰাজ, তিতাবৰৰ মহকুমা আৰক্ষী বিষয়া নিতুমণি দাস, মৰিয়নিৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া বিদ্যুৎ দত্ত, সীমান্ত দণ্ডাধীশ তথা কার্যবাহী দণ্ডাধীশ ডাঃ বিশ্বজিৎ বৰা প্রমুখ্যে আৰক্ষী আৰু প্রশাসনৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷
নিউ সোণোৱাল বি অ’ পি আৰু খেৰেমীয়া বি অ’ পিৰ অসম আৰক্ষী বেটেলিয়ান আৰু অর্ধসামৰিক বাহিনীৰ জোৱানকো মোতায়েন কৰা হয়৷ কিন্তু ঘটনাস্থলীলৈ অসম আৰক্ষী যোৱা নাই৷ নিউ সোণোৱাল–খেৰেমীয়া গডকাপ্ঢানী পথৰ ওপৰতেই সকলো অৱস্থান কৰি আছে৷ ইফালে পাহাৰৰ ওপৰৰ কেইবাঠাইতো মাৰণাস্ত্র লৈ বহুকেইজন নগা লোকৰ স্পষ্ট অৱস্থান দেখা গৈছে৷ যোৰহাট আৰক্ষীৰ শীর্ষ বিষয়াসকলেও সশস্ত্র নগাৰ দলটোক প্রত্যক্ষ কৰে৷ এই ঘটনাই ওচৰৰ ৰাইজৰ মাজত ব্যাপক আতংকৰ সৃষ্টি কৰিছে৷ যিকোনো সময়তে নগা দুষৃকতিকাৰীৰ আক্রমণৰ আশংকা ব্যক্ত কৰিছে স্থানীয় ৰাইজে৷ সমগ্র অঞ্চলটোত বর্তমান তীব্র উত্তেজনাই বিৰাজ কৰিছে ৷
আটছাৰ প্রতিক্রিয়া
বিধায়ক ৰূপজ্যোতি কুর্মীসহ অসমৰ দলটোলৈ লক্ষ্য কৰি নগা দুষৃকতিকাৰীয়ে চলোৱা গুলীচালনাৰ ঘটনাক অসম চাহ জনজাতি ছাত্র সন্থ চমুকৈ আটছাই তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে৷ এক বিবৃতিত আটছাৰ কেন্দ্রীয় সভাপতি ধীৰাজ গোৱালাই কয়– অসম চৰকাৰৰ দুর্বল ভূমিকাৰ বাবেই নগাই এইদৰে অসমৰ লোকৰ ওপৰত আক্রমণ চলাব পাৰিছে৷ অসমৰ মাটিত নগাই বেদখল কৰি থকাৰ পিছতো প্রতিবাৰেই অসমৰ প্রশাসন পিছুৱাই অহাৰ বাবেই নগাই ইয়াৰ সুযোগ লৈছে আৰু অসমৰ মাটিত অবাধ বেদখল চলাই গৈ আছে৷ বিধায়ক কুর্মীসহ সাংবাদিক আৰু স্থানীয় লোকক লক্ষ্য কৰি অসমৰ মাটিতে নগাই গুলীৰে লক্ষ্য কৰি লোৱা কার্য অতি দুর্ভাগ্যজনক বুলি অভিহিত কৰে ধীৰাজ গোৱালাই৷ এইক্ষেত্রত অতি শীঘ্রেই উপযুক্ত পদক্ষেপ গ্রহণ কৰাৰ বানে চৰকাৰক দাবী জনাইছে আটছাৰ কেন্দ্রীয় সভাপতিজনে ৷
বিশেষ আৰক্ষী সঞ্চালকপ্রধানক ঘটনাস্থলীলৈ ৰাওনা হোৱাৰ নির্দেশ মুখ্যমন্ত্রীৰ
অসম–নাগালেণ্ড সীমান্তৰ নিউ সোণোৱাল বি অ’ পি অধীনৰ দিছৈ সংৰক্ষিত বনাঞ্চলত আজি সংঘটিত গুলীচালনাৰ ঘটনাত গভীৰ উদ্বেগ প্রকাশ কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ আজি এক বিবৃতিৰ জৰিয়তে মুখ্যমন্ত্রীয়ে কয় যে শান্তি বিঘ্ণিত কৰিব পৰা এনেধৰণৰ ঘটনা অত্যন্ত দুর্ভাগ্যজনক৷ মুখ্যমন্ত্রীয়ে লগতে বিশেষ আৰক্ষী সঞ্চালকপ্রধান জি পি সিঙক ঘটনাস্থলীলৈ ৰাওনা হৈ ঘটনাৰ সবিশেষ তদন্তৰ নির্দেশ দিয়ে৷
বিৰোধী দলপতি দেৱব্রত শইকীয়াৰ প্রতিক্রিয়া
অসম–নাগালেণ্ড সীমান্তত মৰিয়নি থানাৰ অন্তর্গত দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলত নগাই অবৈধভাৱে এখন গাঁও স্থাপন কৰা সন্দর্ভত চৰজমিন তদন্তৰ বাবে উক্ত স্থানত উপস্থিত হোৱা মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুর্মীক লক্ষ্য কৰি দুর্বৃত্তই গুলীচালনা কৰা ঘটনাৰ তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে বিৰোধী দলপতি দেৱব্রত শইকীয়াই৷ এক বিবৃতিত বিৰোধী দলপতিজনে কয় যে নগাৰ আগ্রাসনৰ বিৰুদ্ধে প্রশাসনে পদক্ষেপ গ্রহণ নকৰাত আজি স্থানীয় বিধায়ক তথা আমাৰ সতীর্থ ৰূপজ্যোতি কুর্মীসহ সাংবাদিকৰ এটা দল, বন বিভাগৰ কিছু বিষয়া তথা অসম বেটেলিয়নৰ দল এটাৰ সৈতে সেই অঞ্চল পৰিদর্শন কৰিবলৈ যাওঁতে নগা দুর্বৃত্তই বিধায়কজনক উদ্দেশ্যি গুলীচালনা কৰে৷ এয়া অতিশয় দুর্ভাগ্যজনক ঘটনা৷
চৰাইদেউ জিলা কংগ্রেছ কমিটীৰ গৰিহণা
দলৰ জ্যেষ্ঠ সদস্য তথা যোৰহাট জিলাৰ মৰিয়নি বিধানসভা সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুর্মী লক্ষ্য কৰি নগা দুষৃকতিকাৰীয়ে গুলীচালনা কৰা ঘটনাক চৰাইদেউ জিলা কংগ্রেছ কমিটীয়ে তীব্র গৰিহণা দিয়াৰ লগতে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক এই বিষয়ত উচিত পদক্ষেপ ল’বলৈ দাবী জনাইছে৷ সংবাদ মাধ্যমলৈ জিলা কংগ্রেছ কমিটীৰ সভাপতি পৱিত্র শইকীয়া আৰু মুখপাত্র প্রদীপ চেতিয়া ফুকনে প্রেৰণ কৰা এক বিবৃতিৰ ঘটনাটোৰ উচিত তদন্ত কৰাৰ লগতে বিধায়ক ৰূপজ্যোতি কুর্মীৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ গৃহ বিভাগক দাবী জনায়৷