মাজুলীৰ মথাউৰি পৰিদর্শন মন্ত্রী পীয়ূষ হাজৰিকাৰ
নিয়মীয়া বাৰ্তা ২৮ মেঃ প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আজি মাজুলীৰ খহনীয়াগ্রস্ত বহুকেইটা স্থান পৰিদর্শন কৰে৷ ৰাজ্যৰ জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকা, শক্তিমন্ত্রী বিমল বৰা, লখিমপুৰ লোকসভাৰ সাংসদ প্রদান বৰুৱা আৰু মাজুলীৰ উপায়ুক্ত বিক্রম কৈৰী, জলসম্পদ বিভাগ, ব্রহ্মপুত্র ব’ৰ্ডৰ উচ্চপদস্থ বিষয়াসহ পুৱা ১০.৩০ বজাত প্রথমে নামনি মাজুলীৰ কৰতিপাৰ পঞ্চায়তৰ মিছামৰাত খহনীয়া অঞ্চল পৰিদর্শন কৰে৷
বৃহস্পতিবাৰে পুৱাই যোৰহাটৰ পৰা এখন বিশেষ ফেৰীৰে পাৰ হৈ মাজুলী সদৰ গডমূৰৰ উপায়ুক্ত কার্যালয়ৰ পৰা দলটো আঁহতগুৰি মৌজাৰ মিছামৰাৰ খহনীয়াগ্রস্ত অঞ্চল পৰিদর্শন কৰি ক্ষেত্রভিত্তিক বুজ লয়৷ খহনীয়াগ্রস্ত অঞ্চলসমূহ পৰিদর্শন কৰি জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকাই স্থানীয় লোকৰ সৈতে মত বিনিময় কৰাৰ লগতে সংবাদ মাধ্যমৰ আগত কয় যে স্থানীয় বিধায়ক তথা প্রাক্তন মুখ্যমন্ত্রীজনৰ নির্দেশমর্মে নামনি মাজুলীৰ মিছামৰাৰ স্পর্শকাতৰ খহনীয়া অঞ্চল পৰিদর্শন কৰি আমি প্রত্যক্ষ কৰিছেছা যে ইয়াত সম্পূর্ণ দুই কিলোমিটাৰ অঞ্চলত খহনীয়া প্রতিৰোধৰ কাম হাতত ল’বলগীয়া আছে৷বর্তমান ব্রহ্মপুত্রৰ জলস্তৰ বৃদ্ধি হৈ থকা বাবে খহনীয়া ৰোধৰ স্থায়ী সমাধানৰ কাম কৰিব পৰা নগ’লেও অস্থায়ী প্রতিৰোধৰ কাম অতি খৰতকীয়াকৈ কৰাৰ বাবে আমি বিভাগক নির্দেশ প্রদান কৰিছোঁ৷ ইয়াত যাতে পুঁজিৰ অপব্যৱহাৰ নহয়, ইয়াৰ বাবে বিভাগীয় বিষয়াসকলে চোকা নজৰ ৰাখিব লাগিব আৰু বাৰিষা শেষ হোৱাৰ পিছত উন্নত কাৰিকৰী পদ্ধতিৰে এই খহনীয়া প্রতিৰোধ কিদৰে কৰিব পাৰি, তাৰ পর্যালোচনা কৰাৰ লগতে অত্যাধুনিকভাৱে খহনীয়া প্রতিৰোধৰ বাবে এই দুই কিলোমিটাৰত প্রায় ৮–৯ কোটি টকাৰ প্রয়োজন হ’ব বুলি আমাক বিভাগীয় বিষয়াসকলে অৱগত কৰিছে৷ তাৎক্ষণিকভাৱে এই পুঁজি আবণ্টন দিয়া হ’ব বুলি মন্ত্রীজনে সাংবাদিকৰ আগত কোৱাৰ লগতে প্রাক্তন মুখ্যমন্ত্রীৰ সমষ্টি মাজুলীৰ প্রতি মোৰ অত্যন্ত শ্রদ্ধা আছে৷
সত্রীয়া সংস্কৃতিৰ পীঠস্থান মাজুলীৰ ভূমি, মাজুলীৰ ভৌগোলিক সুৰক্ষা প্রদানৰ দিশটোত অনাগত সময়তো নিষ্ঠা আৰু সততাৰে গুৰুত্ব ৰাখিম বুলি কৈ মন্ত্রীগৰাকীয়ে খহনীয়া প্রতিৰোধৰ লগতে কাম চলি থকাৰ সময়তো মই নিজেই আহি খহনীয়া প্রতিৰোধৰ কামসমূহ পর্যবেক্ষণ কৰিম বুলি উপস্থিত ৰাইজৰ আগত অৱগত কৰায়৷ ইয়াৰ পিছতে দলটো নামনি মাজুলীৰে আন এটা খহনীয়া অঞ্চল চামগুৰি অঞ্চলৰ খহনীয়া পৰিদর্শন কৰি ব্রহ্মপুত্র ব’ডক ৰাইজক আস্থা আৰু বিশ্বাসত লৈ চামগুৰি অঞ্চলৰ খহনীয়া প্রতিৰোধত তৎপৰতাৰে কাম কৰা নির্দেশ প্রদান কৰে৷ বর্তমান যুদ্ধকালীন গতিত আপোনালোকে মাজুলীৰ অতি স্পর্শকাতৰ খহনীয়া অঞ্চলসমূহ কিদৰে ৰক্ষা কৰিব পাৰি, তাৰ ওপৰতহে গুৰুত্ব প্রদান কৰক বুলি ব্রহ্মপুত্র ব’ড আৰু জলসম্পদ বিভাগৰ বিষয়াসকলক নির্দেশ দিয়া পৰিলক্ষিত হয়৷ স্থানীয় বিধায়ক সর্বানন্দ সোণোৱালেও জনসাধাৰণৰ স্থাৱৰ–স্থাৱৰ সম্পত্তি, জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰাটোৱেই আপোনালোকৰ প্রধান কাম বুলি বিভাগীয় কর্তৃপক্ষক অৱগত কৰায়৷ ইয়াৰ পিছতে মন্ত্রী, স্থানীয় বিধায়ক আৰু সাংসদসহ বিভাগীয় দলটো কমলাবাৰী ঘাটৰ পৰা এখন বিশেষ ফেৰীৰে ভকতচাপৰিলৈকে ব্রহ্মপুত্র ব’ডৰ দ্বাৰা চলি থকা সুৰক্ষা আঁচনিৰ কাম–কাজ আৰু বর্তমান খহনীয়াগ্রস্ত অঞ্চলসমূহ পৰিদর্শন কৰে৷