লখিমপুৰত কভিডে নিঃশেষ কৰি পেলালে এখন ঘৰ, নিথৰুৱা হ’ল পিতৃ-মাতৃ
এখন ঘৰ উদং কৰি চিৰদিনলৈ গুচি গ’ল এহাল ভাতৃ-ভগ্নী
নিয়মীয়া বাৰ্তা ২৮ মেঃ লখিমপুৰ নগৰৰ সমীপৰ বাহাদুৰ চুকত এদিনৰ অগা–পিছাকৈ এহাল ভাতৃ–ভগ্ণীৰ মৃত্যু হোৱা ঘটনাই সমগ্র অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে৷ ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে হেমচন্দ্র দত্তৰ পুত্র কুকিল দত্ত (২৫) আৰু কন্যা পূবালী দত্তৰ (২১)৷ যোৱা ১৫ মে’ত কুকিলৰ শৰীৰত ক’ভিডৰ অৱস্থিতি ধৰা পৰাত স্থানীয় চিকিৎসালয়ত ভর্তি কৰোৱা হৈছিল যদিও স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰা হয়৷ পৰৱর্তী সময়ত তেওঁ ক’ভিড নিগেটিভ হয় যদিও চিকিৎসাধীন অৱস্থাতে কালি মৃত্যু ঘটে৷
বৃহস্পতিবাৰে তেওঁৰ ভগ্ণী পূবালী দত্তৰো গুৱাহাটীৰ জি এন আৰ চিত মৃত্যু হয়৷ আনহাতে, তেওঁলোকৰ মাতৃ বিজু দত্তৰো অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে৷ দুমাহ পূর্বে লখিমপুৰ জিলাৰ বিদেশী ন্যায়াধিকৰণত কনিষ্ঠ সহায়ক হিচাপে নিযুক্তি লাভ কৰিছিল কুকিল দত্তই৷ তেওঁৰ ভগ্ণী পূবালী আছিল নার্ছিং পাঠ্যক্রমৰ তৃতীয় ষণ্মাসিকৰ ছাত্রী।