নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাত সত্ৰীয়া-শংকৰী কলাকৃষ্টিৰ প্ৰশিক্ষণ দুলীয়াজানৰ জীয়ৰী প্ৰিয়দৰ্শিনীৰ

বিশ্ব দৰবাৰত গুৰুজনাৰ কৃষ্টি-সংস্কৃতি প্ৰতিষ্ঠিত কৰাৰ লক্ষ্য

নিয়মীয়া বাৰ্তা, ১ জুন:  সাত সাগৰ তেৰ নদীৰ সীমনাত মুখৰিত হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যাউতিযুগীয়া সৃষ্টি-কৃষ্টিৰাজিৰ অমিয়া মাধুৰী সুৰ । পৰমপুৰুষ গুৰুজনাৰ সৃষ্ট সত্ৰীয়া কলাকৃষ্টিৰ প্ৰশিক্ষণেৰে অসমৰ শংকৰী সংস্কৃতি বন্দিত হৈছে সূদুৰ আমেৰিকাৰ নৰ্থ কেৰ’লিনাত। বৰ্তমান আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ নাগৰিক তথা প্ৰেছিডেন্টছ ভলন্টীয়াৰ ছাৰ্ভিচ এৱাৰ্ড-২০১৯ প্ৰাপ্ত দুলীয়াজানৰ জীয়ৰী প্ৰিয়দৰ্শিনী ইনমেনৰ ঐকান্তিক প্ৰচেষ্টাত যোৱা ৩ টা বছৰে প্ৰবাসী ভাৰতীয়ৰ মাজত শংকৰী কলা-কৃষ্টি প্ৰশিক্ষণ প্ৰদান কৰি আহিছে।

বিশ্বব্যাপী ক’ৰোণা অতিমাৰীৰ মহাসংকটৰ সময়তো ভাৰ্চুৱেল যোগে প্ৰশিক্ষাৰ্থী সকলৰ মাজত সত্ৰীয়া নৃত্যৰ কলা-কৌশলসমূহ আগবঢ়াই আহিছে প্ৰিয়দৰ্শিনীয়ে। বিশ্ব দৰবাৰ তথা চাহাবী দেশত গুৰুজনাৰ সৃষ্টিৰাজি প্ৰতিষ্ঠিত কৰাৰ লক্ষ্যৰে প্ৰিয়দৰ্শিনীৰ একক প্ৰচেষ্টাত গঢ় লোৱা “নৃত্যধ্বনি স্কুল অৱ পাৰফৰ্মিং আৰ্টছ”ত বৰ্তমান প্ৰবাসী অসমীয়াৰ উপৰি আমেৰিকান, পাঞ্জাৱী, টেলেগু, মাৰাঠী আদিৰ প্ৰায় ২৩ গৰাকী প্ৰশিক্ষাৰ্থীয়ে সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছে। অসমৰ সংগীত সত্ৰ বৰ্ডৰ স্বীকৃতিপ্ৰাপ্ত “নৃত্যধ্বনি স্কুল অৱ পাৰফৰ্মিং আৰ্টছ” আমেৰিকাৰ প্ৰথমখন আনুষ্ঠানিক সত্ৰীয়া সংস্কৃতি প্ৰশিক্ষণ কেন্দ্ৰ বুলি উল্লেখ কৰিছে প্ৰিয়দৰ্শিনীয়ে। পৰ্যায়ক্ৰমে এই স্কুলৰ উদ্যোগত খোল বাদ্য-নাগাৰা আদি থলুৱা বাদ্যযন্ত্ৰৰ প্ৰশিক্ষণ আগবঢ়োৱাৰ পৰিকল্পনা প্ৰস্তুত কৰিছে।

আনহাতে দুলীয়াজানৰ সত্ৰীয়া নৃত্যশিল্পী তথা গুৰু অনিতা তামুলীয়ে এইক্ষেত্ৰত  প্ৰিয়দৰ্শিনীক যথেষ্ট সহযোগিতা আগবঢ়াই অহাৰ উপৰি অনুপ্ৰাণিত কৰি আহিছে বুলি উল্লেখ কৰে প্ৰিয়দৰ্শিনীয়ে। দুলীয়াজানৰ ব্যৱসায়ী তিলক দত্ত আৰু টেঙাখাট ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী নিভা বৰকাকতিৰ জ্যেষ্ঠা কন্যা প্ৰিয়দৰ্শিনী বৰ্তমান বিভিন্ন সমাজকল্যাণমূলক কৰ্মৰ লগত জড়িত থকাৰ লগতে আমেৰিকাৰ নিউ জাৰ্চিত মাজুলীৰ আউনিআটীয় সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীৰ দ্বাৰা গুৰু আসন প্ৰতিষ্ঠিত নামঘৰ এচ’ছিয়েছনৰ সৈতেও ওতঃপ্ৰোতভাৱে জড়িত।

You might also like