নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজান অইল হাস্পতালত ১৪,১৩৫জনক ভেকচিন

নিয়মীয়া বাৰ্তা, ২ জুনঃ দেশজুৰি ক’ভিড–১৯ৰ দ্বিতীয় ঢ়ৌৰ সংক্রমণ অতি দ্রুতগতিত বৃদ্ধি পাবলৈ ধৰাৰ সময়তে দুলীয়াজান অইল ইণ্ডিয়া হাস্পতালে এই সংকটৰ সৈতে যুঁজ দিয়াৰ ক্ষেত্রত এক সক্রিয় প্রতিৰোধমূলক ভূমিকা গ্রহণ কৰিছে ৷ দেশত অবিৰত শক্তিৰ যোগান সুনিশ্চিত কৰাৰ লগতে অইলে ইয়াৰ মেডিকেল বিভাগৰ অধীনত হাস্পতালখনক ক’ভিড–১৯ৰ বিৰুদ্ধে যুদ্ধংদেহি তৎপৰতাৰে যুঁজ দিবলৈ নির্দেশ দিছে৷

চৰকাৰী নির্দেশনা অনুসৰি অইল হাস্পতালে দুলীয়াজান আৰু ইয়াৰ পার্শ্বৱর্তী এলেকাত সংক্রমণ নিৰীক্ষণৰ বাবে ক’ভিড–১৯ পৰীক্ষা কেন্দ্র, ক’ভিড আৰোগ্য কেন্দ্র, কোৱাৰেণ্টাইন কেন্দ্রৰ ব্যৱস্থা কৰাৰ উপৰি ২৪ ঘণ্টাই সক্রিয় অইল ক’ভিড–১৯ হেল্পলাইন আৰু নিয়মিতভাৱে ক’ভিড–১৯ ভেকচিন প্রদান অব্যাহত ৰাখিছে৷

উল্লেখ্য যে অইল হাস্পতালে ক’ভিড সংক্রমণ প্রতিৰোধৰ বাবে ইতিমধ্যে মুকলি কৰা ক’ভিড পৰীক্ষণ কেন্দ্রত প্রতিদিনে গড হিচাপত ১০০ জন লোকক পৰীক্ষা সম্পন্ন কৰা হয় আৰু এতিয়ালৈকে প্রায় স্থানীয় ২৮০০ লোকক পৰীক্ষা সম্পন্ন কৰা হৈছে৷ সেইদৰে অইল হাস্পতালে এক সমর্পিত ক’ভিড আৰোগ্য কেন্দ্র স্থাপন কৰি চিকিৎসক, নার্ছ, প্রাথমিক চিকিৎসা সহায়ক আৰু ছেনিটেচন কর্মীৰ এটা দলৰ সৈতে যোৱা ২১ মে’ৰ পৰা ইয়াক কার্যকৰী কৰা হৈছে৷ ৪০খন বিছনাযুক্ত এই আৰোগ্য কেন্দ্রৰ ২৫খন বিছনাতে ২৪ ঘণ্টা অক্সিজেনৰ সুবিধা ব্যৱস্থা কৰা হৈছে৷

শেহতীয়াকৈ এই কেন্দ্রত ৪০গৰাকী ক’ভিড ৰোগীক ভর্তি কৰোৱা হৈছে আৰু চিকিৎসক, নার্ছ আৰু প্রাথমিক চিকিৎসা সহায়কৰ এটা দলৰ তত্ত্বাৱধানত তেওঁলোকক চিকিৎসা প্রদান কৰি থকা হৈছে৷ আনহাতে ক’ভিড আৰোগ্য কেন্দ্রৰ উপৰি অইলে ইয়াৰ ছাউথ বেংক কেম্পাছত লক্ষণবিহীন ক’ভিড পজিটিভ ৰোগীৰ বাবেও এক কোৱাৰেণ্টাইন কেন্দ্র স্থাপন কৰে ৷ ইয়াৰ উপৰি ক’ভিড পজিটিভ ৰূপে চিনাক্ত হোৱা অইল ইণ্ডিয়ানসকলক কোম্পানীয়ে প্রদান কৰা ঘৰ অথবা গৃহত হোম আইছ’লেচনৰ বাবে নির্ধাৰিত কার্যবিধিসমূহ পূৰণ কৰি চৰকাৰী নির্দেশনা অনুসৰি কঠোৰ হোম আইছ’লেচনত থাকিবলৈ অনুমতি প্রদান কৰে৷ এনে ৰোগীসমূহক প্রতিদিনে তদাৰক কৰা হয় আৰু অইল হাস্পতালৰ এক চিকিৎসক দলৰ দ্বাৰা টেলিফোনযোগে প্রয়োজনীয় চিকিৎসা সম্পর্কীয় নির্দেশনাৱলী প্রদান কৰা হয় ৷

ইফালে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে জাৰি কৰা নির্দেশনাৱলী অনুসৰি অইলৰ মেডিকেল বিভাগে দুলীয়াজানত যোৱা ৫ ফেব্রুৱাৰীৰ পৰা প্রতিষেধক তথা ভেকচিন প্রদান অভিযান আৰম্ভ কৰে৷ মন্ত্রালয়ৰ নির্দেশনা অনুসৰি প্রথমে অইল হাস্পতালৰ স্বাস্থ্যকর্মী আৰু আগশাৰীৰ কর্মীসকলক টিকাকৰণৰ সৈতে দুলীয়াজানত ভেকচিন প্রদান অভিযান আৰম্ভ কৰা হৈছিল৷ ইয়াৰ পাছতে দুলীয়াজান অইল হাস্পতালে দুলীয়াজানস্থিত অইল ক্ষেত্রীয় মুখ্য কার্যালয়ৰ লগতে মৰাণ আৰু ডিগবৈ কার্যালয়ৰ বিষয়া, কর্মচাৰী আৰু ঠিকাকর্মীসকলক ভেকচিন প্রদানৰ বিশাল অভিযান আৰম্ভ কৰে৷ অইল হাস্পতাল দুলীয়াজানে ইতিমধ্যে বিষয়া, কর্মচাৰী আৰু কিছুসংখ্যক ঠিকাকর্মীক ভেকচিন প্রদানৰ কাম সম্পূর্ণ কৰিছে৷

সেইদৰে দুলীয়াজান অইল হাস্পতালে দুলীয়াজানস্থিত ৰ’টাৰী ক্লাব চৌহদত ১৮ৰ পৰা ৪৪ বছৰ বয়সৰ লোকসকলৰ বাবে ক’ভিড–১৯ ভেকচিনেচন কেন্দ্র আৰম্ভ কৰে৷ তদুপৰি ৰ’টাৰী ক্লাবৰ সহযোগত আজি অর্থাৎ ২ জুনত প্রায় ৩০জন বিশেষভাৱে সক্ষম লোকক ভেকচিন প্রদানৰ পৰিকল্পনা কৰিছে অইল হাস্পতালে৷ বর্তমানলৈকে দুলীয়াজান অইল হাস্পতালে প্রথম পালি ভেকচিনৰ ক্ষেত্রত ১০,৫৬৮গৰাকী আৰু দ্বিতীয় পালি ভেকচিন ৩,৫৬৭গৰাকীসহ মুঠ ১৪,১৩৫গৰাকী লোকক সফলভাৱে ভেকচিন প্রদান সম্পন্ন কৰে৷

You might also like