হাইক’ৰ্টৰ গুৰুত্বপূর্ণ নির্দেশনাঃ অন্তর্ৱর্তীকালীন নির্দেশ–জামিনৰ ম্যাদ পুনৰ দুসপ্তাহলৈ বৃদ্ধি
নিয়মীয়া বাৰ্তা, ২ জুনঃ ক’ভিডৰ সংক্রমণে সমগ্র ৰাজ্যত গুৰুতৰ ৰূপ ধাৰণ কৰাৰ প্রতি লক্ষ্য ৰাখি উচ্চ ন্যায়ালয়সহ বিভিন্ন আদালতত বিচাৰাধীন গোচৰৰ অন্তর্ৱর্তীকালীন নির্দেশনাসমূহৰ ম্যাদ পুনৰ বৃদ্ধি কৰা হৈছে৷ এটা নিজাববীয়া গোচৰৰ শুনানি গ্রহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে আদালত আৰু ন্যায়াধিকৰণসমূহে বিভিন্ন গোচৰত প্রদান কৰা অন্তর্ৱর্তীকালীন নির্দেশনাসমূহৰ ম্যাদ পুনৰ দুসপ্তাহলৈ বৃদ্ধি কৰিছে৷
অহা ১৫ জুনলৈ এই গোচৰসমূহৰ ম্যাদ বাহাল থাকিব৷ সমান্তৰালভাৱে অন্তর্ৱর্তীকালীন, হ্রস্বকালীন আৰু আগতীয়া জামিনসমূহৰ ম্যাদো ১৫ জুনলৈ বৃদ্ধি কৰা হৈছে৷ ইয়াৰ পূর্বে অন্তর্ৱর্তীকালীন নির্দেশনাসমূহৰ ম্যাদ ৩১ মে’লৈ বৃদ্ধি কৰা হৈছিল৷
উল্লেখ্য যে মুখ্য ন্যায়াধীশ সুধাংশু ঢুলীয়া, ন্যায়াধীশ এন কে সিং আৰু ন্যায়াধীশ মানস ৰঞ্জন পাঠকৰ তিনিজনীয়া বিচাৰপীঠে ৩/২০২১ নম্বৰ ৰাজহুৱা স্বার্থজড়িত গোচৰৰ শুনানি গ্রহণ কৰি কয় যে ক’ভিড মহামাৰীয়ে এক অকল্পনীয় পৰিৱেশৰ সৃষ্টি কৰিছে৷ দ্বিতীয় লহৰৰ প্রতি লক্ষ্য ৰাখি যোৱা ১০ মে’ত নির্দেশনাযোগে অন্তর্ৱর্তীকালীন নির্দেশনাসমূহৰ ম্যাদ ৩১ মে’লৈ বৃদ্ধি কৰা হৈছিল৷
মঙলবাৰে এই গোচৰটোৰ শুনানিকালত মহাধিবক্তাকে ধৰি জ্যেষ্ঠ অধিবক্তাসকলে দুসপ্তাহৰ বাবে পূর্বৰ নির্দেশনাসমূহৰ ম্যাদ পুনৰ বৃদ্ধি কৰাৰ সপক্ষে সন্মতি প্রদান কৰে৷ যাৰ পৰিপ্রেক্ষিতত বিচাৰপীঠখনে এই সিদ্ধান্ত গ্রহণ কৰে৷
আনহাতে, জামিন আবেদনৰ ক্ষেত্রত জামিনদাৰৰ ম্যাদ এটা নির্দিষ্ট সময়ৰ বাবেহে থাকে৷ কিন্তু জামিন আবেদনসমূহৰ ম্যাদ পুনৰ দুসপ্তাহৰ বাবে বৃদ্ধি কৰাৰ লগে লগে এই জামিদাৰৰ ম্যাদো বৃদ্ধি পাব বুলি উল্লেখ কৰে বিচাৰপীঠখনে৷ অন্তর্ৱর্তীকালীন গোচৰসমূহৰ ম্যাদ বৃদ্ধিৰ বিষয়টো পুনৰ অহা ১৪ জুনত বিবেচনা কৰিব উচ্চ ন্যায়ালয়ে৷