পুনৰ এজন চিকিৎসকক আগুৰি ধৰা হ’ল৷ গণপ্রহাৰ চলিল৷ ধৰাশায়ী হৈ পৰিল ডাঃ সেউজ সেনাপতি৷ কিন্তু সেনাপতিয়েই প্রথম নহয়৷ এনে ঘটনা পূর্বেও সংঘটিত হৈ গৈছে৷
প্রচণ্ড ক্ষোভ আৰু দুখেৰে মই গৰিহণা দিওঁ সেইজনক, যিজনে হাতত এটা ম’বাইল ফোন থকাৰ পাছতো আৰক্ষী প্রশাসনক খবৰ নিদি দুর্ঘটনাটোৰ ভিডি’ কৰে৷ গৰিহণা দিওঁ তেওঁৰ হেৰাই যোৱা মনুষ্যত্বক৷ আপুনি পাৰিবনে চকুৰ সন্মুখত কোনোবাই কাৰোবাক প্রহাৰ কৰিলে বাধা নিদিয়াকৈ থাকিব? পাৰিবনে আৰক্ষী বা আন কাৰোবাৰ সহায় নিবিচাৰি কেৱল ভিডি’ কৰি যাব, পাৰিবনে?
ডাঃ দেৱেন দত্তই প্রথম নাছিল৷ সময়ে সময়ে এনে দুষ্কর্ম হৈ আহিছে৷ আমি লেখকে যিবোৰ লিখোঁ বা বিভিন্ন দল–সংগঠনে ন্যায় বিচাৰি যি আৱাজ তোলে, গণপ্রহাৰৰ অপৰাধীহঁত সেইবোৰৰ পৰা দূৰত থাকে৷ অপৰাধৰ ফলাফল কি হয়গৈ সিহঁতে জানিব নোখোজে৷ নপঢ়ে৷ নুশুনে৷ কিবাকৈ টিভিৰ বাতৰিত বা হাতৰ ম’বাইলত সেয়া গম পালেও গুৰুত্ব নিদিয়ে৷
মানুহৰ দেহত অফুৰন্ত শক্তি সঞ্চয় হৈ গৈছে৷ হাল বোৱা, খৰি কটাৰ শাৰীৰিক শ্রম নোহোৱাৰ দৰেই৷ হাতে হাতে ম’বাইল৷ খবৰ আহে মানুহ এজনক ঘেৰাও কৰা হৈছে৷ কিয়, জানিবৰ নিষ্প্রয়োজন৷ ব’ল দুহাত চলাই থৈ আহোঁ৷
মানৱ শৰীৰ ৰোগত ঢ়লে আৰু চিকিৎসকে তুলি ধৰে৷ তাৰ অর্থ এইটো নহয় যে চিকিৎসকে জীৱন দিব পাৰে৷ এনে হোৱা হ’লে কোনো চিকিৎসকৰ পৰিয়ালত কাৰো মৃত্যু নহ’লহেঁতেন৷ চিকিৎসক নিজেই অমৰ হ’লহেঁতেন৷
কিন্তু এই কথা ঠাৱৰ কৰিবলৈ কাৰো দৰকাৰ পৰা নাই৷ আপোনজন সুস্থ হৈ নুঠিল, তেওঁৰ ৰোগ কিমান গুৰুতৰ আছিল, সেয়াও বিচার্যৰ বিষয় নহয়, কথা হৈছে চিকিৎসকে চোৱাৰ পাছতো ৰোগী মৰিব কিয়? গতিকে ধৰ সেই ডাক্তৰক৷ মাৰ৷ শেষ কৰি দে৷
গণপ্রহাৰৰ অপৰাধী কৰায়ত্ত হয়৷ বিচাৰ চলিবলৈ ধৰে আৰু সমাজখনো অন্য বাতৰিলৈ যায়গৈ৷ কিন্তু তেনেতেই আকৌ সংঘটিত হৈ যায় গণপ্রহাৰ৷ কোনোবা ডাঃ দত্তক আমি হেৰুৱাওঁ৷ ডাঃ সেনাপতিক জর্জৰিত অৱস্থাত কোনোমতে ঘূৰাই পাওঁ৷ চিকিৎসক প্রহূতৰ অপৰাধবোৰ সাধাৰণতে চিকিৎসালয়তে হয়৷ তাৰ তুলনাত সুৰক্ষা কর্মীৰ সংখ্যা নিচেই সামান্য৷ যেতিয়ালৈকে অপৰাধ কৰিবলৈ সংকুচিত নহয় দানব, অপৰাধ কি নুবুজে, চিকিৎসকসকলক ডিঙিত ষ্টেথ’স্কোপ লোৱাৰ অনুমতি থকাৰ দৰে লগত সুৰক্ষাৰ অস্ত্র লৈ ফুৰাৰো অনুমতি প্রদান কৰা হওক৷