নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষি বিভাগৰ কাম–কাজৰ পর্যালোচনা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্বৰ শর্মাৰ

নিয়মীয়া বাৰ্তা ৮ জুনঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাহ কৃষিমন্ত্রী অতুল বৰাৰ ডপস্থিতিত জনতা ভৱনস্থিত নিজ কার্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক বৈঠকত আজি কৃষি বিভাগৰ কাম–কাজৰ সামগ্রিক পর্যালোচনা কৰে৷ বিভাগটোৰ অধীনত ৰূপায়িত কেন্দ্রীয় চৰকাৰৰ বিভিন্ন আঁচনি, কেন্দ্রীয় পৃষ্ঠপোষকতাপ্রাপ্ত আঁচনি আৰু বিভাগৰ নিজা আঁচনিসমূহৰ কাম–কাজৰ বুজ লৈ ৰাজ্যৰ কৃষিখণ্ডৰ সামগ্রিক দৃশ্যপট ডজ্জীৱিতকৰণৰ বাবে সর্বশিক্ষা মিছন বা ৰাষ্ট্রীয় স্বাস্থ্য মিছনৰ আর্হিত শীঘ্রে এক বিশেষ মিছন গঠনৰ ৰূপৰেখা প্রস্তুত কৰিবলৈ বিভাগটোক মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে৷ তেওঁ কয় যে ৰাজ্যৰ কৃষিখণ্ডত যথেষ্ট সম্ভাৱনীয়তা আছে আৰু বিভাগৰ সৈতে জডিত সকলোৱে উজ্জীৱিতভাৱে কাম কৰিলে এই খণ্ডটোৰ দৃশ্যপট আগন্তুক পাঁচ বছৰৰ ভিতৰতে সলনি কৰিব পৰা যাব৷ আজিৰ পর্যালোচনা বৈঠকত মুখ্যমন্ত্রী ড০ শর্মাই বিভাগটোলৈ কেইবাটাও গুৰুত্বপূর্ণ নির্দেশনা জাৰি কৰে৷

তিনি বছৰতকৈ অধিক কাল অতিবাহিত কৰা সকলো কৃষি উন্নয়ন বিষয়াকে অনতিপলমে বদলিকৰণৰ ব্যৱস্থাৰ লগতে অসমৰ ৩০০০খন গাঁও পঞ্চায়ত আৰু ভি চি ডি চিত কৃষিজাত সামগ্রী ডৎপাদনৰ এক সামগ্রিক জৰীপৰ অর্থে অসম কৃষি বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্রুগড বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্র–ছাত্রীক নিয়োজিতকৰণৰ পদক্ষেপ ল’বলৈ কৃষি বিভাগক মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে৷ মুখ্যমন্ত্রীয়ে আজি ৰাজ্যৰ কৃষকসকলক গুণগত মানৰ বীজ যোগান সুনিশ্চিত কৰাৰ স্বার্থত উন্নত বীজ উৎপাদনকাৰী ৰাজ্যৰ বীজ নিগমৰ পৰা পোনপটীয়াভাৱে বীজ ক্রয়ৰ পদক্ষেপ ল’বলৈ বিভাগটোক নির্দেশ দিয়ে৷ তেওঁ কয় যে ৰাজ্যৰ কৃষকে যাতে উন্নত বীজ লাভ কৰে সেয়া সুনিশ্চিত হ’ব লাগিব৷ সাৰ যোগানত অনিয়ম কৰাসকলৰ বিৰুদ্ধে তৎকালে কঠোৰ পদক্ষেপ লোৱাৰ লগতে পি এম–কিষাণ যোজনাৰ হিতাধিকাৰীৰ তালিকা অতি সোনকালে ত্রুটিমুক্তকৰণৰ বাবে সংশ্লিষ্ট ডপায়ুক্তক সম্পূর্ণ কর্তৃত্ব প্রদান কৰিবলৈ বিভাগটোক মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে৷ কৃষি সামগ্রীৰ ৰপ্তানি বৃদ্ধিত গুৰুত্ব আৰোপ কৰি কাজিনেমু, ৰঙালাডৰ দৰে চাহিদা থকা সামগ্রীৰ ৰপ্তানিবৃদ্ধি কৰাৰ লগতে থলুৱা ৰপ্তানিকাৰীসকলক ডদগনিৰ পদক্ষেপ ল’বলৈও বিভাগটোক নির্দেশ দিয়ে৷

You might also like