নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আক্রান্তৰ হাৰ ৩.০৬ শতাংশঃ সোমবাৰে ৰাজ্যত ৩,৮০৪জন পজিটিভ

নিয়মীয়া বাৰ্তা, ৮ জুনঃ ৰাজ্যত অব্যাহত আছে ক’ৰোনাৰ সংক্রমণৰ নিম্নগামী হাৰ৷ সোমবাৰে ৰাজ্যখনত ক’ভিড আক্রান্তৰ হাৰ ৩.০৬ শতাংশলৈ হ্রাস পাইছে৷ সোমবাৰে মুঠ ৩,৮০৪জন লোকৰ শৰীৰত নতুনকৈ ক’ভিড ধৰা পৰিছে৷ আক্রান্ত লোকসকলৰ ভিতৰত ৩১৮জন কামৰূপ মহানগৰ জিলাৰ৷ তদুপৰি তিনিচুকীয়াৰ ৩১৫জন, কাছাৰৰ ৩১১জন আৰু ডিব্রুগড়ৰ ২৮১জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে৷

বিগত ২৪ ঘণ্টাত ১,২৪,৩১৬টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ ইপিনে, সোমবাৰে ক’ভিডত মৃত্যু হৈছে ৩৭জন লোকৰ৷ মৃত্যু হোৱা লোকসকলৰ ভিতৰত কাছাৰ–ডিব্রুগড়–যোৰহাটত চাৰিজনকৈ, হোজাই–মৰিগাঁৱৰ তিনিজনকৈ, বঙাইগাঁও–কামৰূপ মহানগৰ–কোকৰাঝাৰত দুজনকৈ, বাক্সা–বিশ্বনাথ–চৰাইদেউত এজনকৈ লোকৰ মৃত্যু ঘটিছে৷

সোমবাৰে ক’ভিডৰ পৰা সুস্থ হোৱা লোকৰ সংখ্যা হৈছে ৪,৬১৩জন৷ সম্প্রতি চিকিৎসাধীন ৰোগীৰ সংখ্যা হৈছে ৪৮,৬৭২জন৷

উল্লেখ্য যে সোমবাৰে জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগ লোকসকলৰ বাবে তেওঁলোকৰ বাসগৃহৰ ওচৰত ক’ভিড প্রতিষেধক কেন্দ্র স্থাপনৰ ক্ষেত্রত নতুন এছ অ’ পি জাৰি কৰিছে ৰাজ্য চৰকাৰে৷ সেই অনুসৰি এনে ব্যক্তিৰ বাবে সমূহীয়া কেন্দ্র, পঞ্চায়ত ঘৰ, বিদ্যালয়, বৃদ্ধাৱাস আদিত এনেধৰণৰ কেন্দ্র স্থাপন কৰিব ৰাজ্য চৰকাৰে৷ প্রয়োজন সাপেক্ষে জিলা টাস্ক ফ’র্চে এনে ভেকচিন প্রদানৰ বাবে বেচৰকাৰী সংস্থাসমূহৰ সহায় ল’ব পাৰিব৷

You might also like