বিজেপিক উৎখাত কৰাৰ বাবে কংগ্রেছে মহাজোঁট গঠন কৰিও সদ্যসমাপ্ত বিধানসভা নির্বাচনত পৰাজয়ৰ সন্মুখীন হ’ল৷ এনে নির্বাচনী বিপর্যয়ৰ কাৰণ কি বুলি ভাবে আপুনি?
ঃ এয়া ঠিক নির্বাচনী বিপর্যয় নহয়, প্রকৃততে পৰাজয়ৰ কাৰণ এটা বুলি ক’লে শুদ্ধ নহ’ব৷ যোৱা নির্বাচনত কংগ্রেছে যি ধৰণে ৰাইজৰ ওচৰলৈ যাব লাগিছিল, তাত ব্যর্থ হ’ল৷ দিল্লীয়ে নির্ধাৰণ কৰি দিয়া কার্যসূচী অনুযায়ী নির্দিষ্ট কেইজনমান ব্যক্তিয়ে যি ধৰণে প্রচাৰ চলালে, তাৰ দ্বাৰা দল বিশেষ লাভৱান নহ’ল৷ ভোটাৰ ৰাইজক আমি বিশ্বাসত আনিবলৈ সক্ষম নহ’লোঁ৷ তৃণমূলৰ শিপাডালৰ সৈতে সংযোগ হ’ব নোৱাৰিলে কংগ্রেছ৷ ইয়াৰ বিপৰীতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই যোৱা এপ্রিল মাহতে এটা কথা বিভিন্ন ধৰণে প্রকাশ কৰিছিল যে ৰাজ্যত দুটাকৈ আঞ্চলিক দল গঠনত বিজেপিৰ ভূমিকা আছে৷ যোৱাটো বিজেপিৰ কার্যকালত চৰকাৰখনৰ বিৰুদ্ধে যি অসন্তুষ্টি সৃষ্টি হৈছিল, সেই অসন্তুষ্টি সদ্যসমাপ্ত নির্বাচনত প্রতিফলন ঘটিল যদিও সেই ভোট কংগ্রেছৰ বিপৰীতে আঞ্চলিক দল দুটাই পালে৷ ২০১৬ আৰু ২০১৯ চনৰ দুটাকৈ নির্বাচনত বিজেপিৰ বিৰুদ্ধে একত্রিত হোৱা ভোট কংগ্রেছে লাভ কৰাৰ বিপৰীতে অধিকাংশ নতুন আঞ্চলিক দললৈ গ’ল৷ সেয়া আছিল নির্বাচনত পৰাজয়বৰণ কৰা আমাৰ বাবে প্রথম কাৰণ৷ তদুপৰি এইবাৰ নির্বাচনত ধর্মীয় মেৰুকৰণে যথেষ্ট গুৰুত্ব পালে৷ নামনিত ধর্মীয় মেৰুকৰণৰ বাবে বিজেপি ক্ষতিগ্রস্ত হ’ল যদিও উজনিত ড০ হিমন্ত বিশ্ব শর্মাই যি ধৰণে প্রচাৰ চলালে, ধর্মীয় মেৰুকৰণে কংগ্রেছক যথেষ্ট ক্ষতি কৰিলে৷ একপ্রকাৰ ক’বলৈ গ’লে, উজনিত ধর্মীয় মেৰুকৰণে কংগ্রেছক বিধ্বস্ত কৰিলে৷ ইয়াৰ উপৰি দেশ তথা ৰাজ্যৰ অর্থনৈতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি কংগ্রেছে সামাজিক উন্নয়নৰ ক্ষেত্রত চৰকাৰখন ব্যর্থ হোৱা বুলি যি প্রচাৰ চলাইছিল, সেই প্রচাৰে বিশেষ গুৰুত্ব লাভ নকৰিলে৷ কিয়নো বিজেপিয়ে এইবাৰ ব্যক্তিগত স্বার্থ পূৰণত সর্বাধিক গুৰুত্ব দি তেনে ধৰণৰ আঁচনি গ্রহণ কৰিলে৷ বাট–পথ বা অন্যান্য মৌলিক সমস্যাৰ ইছ্যুৰ বিপৰীতে বিজেপিয়ে হিতাধিকাৰী সৃষ্টি কৰিলে৷ প্রত্যক্ষভাৱে বেংকত পুঁজি হস্তান্তৰৰ জৰিয়তে ৰাজ্যৰ মহিলা, যুৱক আৰু বহুসংখ্যক দুখীয়া লোকক আকর্ষণ কৰিবলৈ সক্ষম হ’ল৷ বেংকত ধন জমা কৰি হিতাধিকাৰী সৃষ্টি কৰাৰ ফলত সামাজিক উন্নয়নক বাদ দি ব্যক্তিগত উন্নয়নতহে ভোটাৰে সর্বাধিক গুৰুত্ব দিলে৷ যাৰ বাবে লাভান্বিত হ’ল বিজেপি৷ চাহ শ্রমিকৰ দৈনিক মজুৰি ৩৫১ টকা কৰাৰ বিপৰীতে শ্রমিকৰ বেংক একাউণ্টত ৩০০০ টকাকৈ জমা কৰি তেওঁলোকক আকর্ষিত কৰিবলৈ সক্ষম হ’ল৷
নির্বাচনৰ ফলাফল প্রকাশৰ এমাহৰো অধিক দিন অতিক্রম কৰিলে৷ নির্বাচনী পৰাজয় সন্দর্ভত আজিলৈকে কংগ্রেছৰ দলীয় মঞ্চত কোনো পর্যালোচনা বৈঠক অনুষ্ঠিত হোৱা নাই৷ ইয়াকে কেন্দ্র কৰি দলৰ ভিতৰচ’ৰাত ক্ষোভ–সন্তুষ্টিৰ বহিঃপ্রকাশ ঘটিছে৷ এই সন্দর্ভত কি কয়?
ঃ দল পৰাজয়ৰ সন্মুখীন হোৱাৰ পিছত বিভিন্ন ধৰণৰ অভিযোগ বা অসন্তুষ্টি সৃষ্টি হোৱাটো কিছু স্বাভাৱিক৷ দৰাচলতে ক’ভিড পৰিস্থিতি তথা ১৪৪ ধাৰা জাৰি হৈ থকা বাবে কংগ্রেছৰ নেতাসকল একে মঞ্চত সমৱেত হোৱা নাই৷ সুৰক্ষাৰ দিশটোৰ প্রতি লক্ষ্য ৰাখি ইচ্ছা থকা সত্ত্বেও আমি সমষ্টিসমূহলৈ গৈ দলীয় কর্মীৰ মনোভাব গ্রহণ কৰিব পৰা নাই৷ নিশ্চিতভাৱে দলৰ পৰাজয় সন্দর্ভত অনানুষ্ঠানিকভাৱে কিছু পর্যালোচনা হৈছে যদিও বহল ভিত্তিত এই পর্যালোচনা হোৱা নাই৷ ইতিমধ্যে প্রদেশ কংগ্রেছৰ সভাপতিৰ উপস্থিতিত কেন্দ্রীয় নেতৃত্বই জুম কনফাৰেঞ্চৰ জৰিয়তে নির্বাচনৰ বিপর্যয়ৰ পোষ্টম’র্টেম কৰা বুলি জানিব পাৰিছোঁ৷ পৰিস্থিতি কিছু স্বাভাৱিক হ’লে এই পর্যালোচনাসমূহ হ’ব, বহু দলীয় কর্মী আৰু নেতাৰ মাজত নির্বাচনৰ পৰাজয় সন্দর্ভত হয়তো ক’ব লগা বহু কথাই আছে৷ এই বিষয়বোৰ আলোচনা হ’ব আৰু সেই ধৰণে আমি কামত আগবাঢ়িম৷ পর্যালোচনা কৰিলে আমি বিপর্যয়ৰ প্রকৃত কাৰণসমূহ উলিয়াব পাৰিম৷
নতুন চৰকাৰখনে দায়িত্বভাৰ গ্রহণ কৰিয়েই ড্রাগ্ছৰ বিৰুদ্ধে নিৰন্তৰ অভিযান চলাইছে৷ বনভূমি আৰু ধর্মীয় অনুষ্ঠানত হোৱা বেদখল উচ্ছেদ কৰিছে, এনে পদক্ষেপক আপুনি কি ধৰণে লক্ষ্য কৰিছে? কংগ্রেছৰ একাংশই এনে কার্যক সমালোচনা কৰিছে৷ কি কয় আপুনি?
ঃ প্রকৃততে নতুন চৰকাৰখনে যি ধৰণে কাম–কাজ হাতত লৈছে, সেই বিষয়বোৰ গভীৰভাৱে পর্যালোচনা কৰা দৰকাৰ৷ আপোনাক এটা কথা মই উল্লেখ কৰোঁ, ২০১৭ চনত ছিপাঝাৰত চৰকাৰে এক বৃহৎ উচ্ছেদ চলাইছিল৷ এই উচ্ছেদ সন্দর্ভত মই ব্যক্তিগতভাৱে চৰকাৰক প্রশ্ণ কৰিছিলোঁ যে উচ্ছেদ কৰা লোকসকলৰ নাগৰিকত্ব পৰীক্ষা কৰা হৈছে নেকি? ইয়াৰ উত্তৰত জিলা প্রশাসনে কৈছিল যে নাগৰিকত্বৰ কোনোধৰণৰ পৰীক্ষা হোৱা নাই৷ কেৱল উচ্ছেদহে চলিছে৷ ইয়াৰ দ্বাৰা নিশ্চিতভাৱে যিসকল উচ্ছেদিত হৈছে, তেওঁলোক ভাৰতীয় নাগৰিক৷ দৰাচলতে নামনিত হোৱা প্রবল গৰাখহনীয়াৰ বাবে নিজ গৃহ–ভূমি হেৰুৱাই সর্বস্বান্ত হোৱা লোকসকলে আশ্রয় বিচাৰি এনেদৰে বসতি স্থাপন কৰি আহিছে৷ কেতিয়াবা এই লোকসকলে মথাউৰিত, চৰত আৰু চৰকাৰী ভূমিত বসবাস কৰি নিজৰ জীৱন কষ্টেৰে চলাই নিয়ে৷ তেনে ক্ষেত্রত চৰকাৰৰ দায়িত্ব হোৱা উচিত যে এই লোকসকলক কিদৰে পুনৰ সংস্থাপন কৰিব পাৰি৷ উচ্ছেদ কৰাৰ বিপৰীতে এই দুর্ভগীয়া পৰিয়ালসমূহক সংস্থাপন কৰিলেহে সমস্যাৰ সমাধান হ’ব৷ প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনৰ কার্যকালত বহুল প্রচাৰিত কাজিৰঙাত চলা উচ্ছেদৰ ক্ষেত্রতো এটা দিশ স্পষ্ট হৈছিল যে উচ্ছেদ কৰা এই লোকসকল দেশৰেই নাগৰিক৷ তেওঁলোকক বিদেশী বুলি চিনাক্ত কৰি উচ্ছেদ কৰা হ’ল৷ বর্তমানৰ চৰকাৰখনে একেই ধৰণে অভিযান চলোৱা দেখা গৈছে৷ ইয়াৰ বিপৰীতে হৰিশংকৰ ব্রহ্মৰ নেতৃত্বত গঠন হোৱা কমিটীয়ে ভূমি নীতিৰ ওপৰত যি প্রতিবেদন প্রস্তুত কৰিছে, সেই প্রতিবেদনৰ আধাৰতেই চৰকাৰে বেদখল উচ্ছেদ কৰা উচিত৷ ভাৰতীয় নাগৰিকসকল যাতে ইয়াৰ দ্বাৰা ক্ষতিগ্রস্ত নহয়, সেই দিশৰ প্রতি লক্ষ্য ৰখা উচিত৷ জীয়াই থকাৰ অধিকাৰ সকলোৰে আছে৷ আনহাতে, যোৱা সময়ছোৱাত অসামাজিক আৰু আইনবিৰুদ্ধ ড্রাগ্ছৰ বিৰুদ্ধে চৰকাৰখনে অভিযান চলাই কিছু সফলতা লাভ কৰাটো আদৰণীয়৷ দৰাচলতে এই অভিযানে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ৰাজনৈতিক দৃঢ়তা প্রতিপন্ন কৰিছে৷ সমান্তৰালভাৱে এই কথাটোতো লক্ষ্য ৰখা উচিত যে এই কার্যসমূহ পূর্বৰে পৰা চলি আহিছিল৷ জিলা প্রশাসন আৰু একাংশ আৰক্ষীৰ পৃষ্ঠপোষকতাতে চলি থকা এই ব্যৱসায়বোৰ প্রতিৰোধ কৰাৰ বাবে কোনোধৰণৰ পদক্ষেপেই গ্রহণ কৰা নহ’ল৷ ড্রাগ্ছ সৰবৰাহৰ কম সময়ৰ ভিতৰতে এনেধৰণে প্রসাৰ ঘটা নাই৷ দীর্ঘ সময় ধৰি এই কার্যকলাপবোৰ চলি আছে৷ অভিযোগ অনুসৰি, এই চোৰাং কাৰবাৰৰ সৈতে চৰকাৰী পৃষ্ঠপোষকতা পোৱা একাংশ নেতা–পালিনেতাও আছে৷ এই বিষয়বোৰ কিদৰে ৰোধ কৰে, সেয়া যথেষ্ট লক্ষণীয় হ’ব৷ চৰকাৰে এই অবৈধ কার্যকলাপৰ বিৰুদ্ধে চলোৱা অভিযানক আমি আদৰণি জনাইছোঁ৷
সম্প্রতি ৰাজ্যত কংগ্রেছ দলত অচলাৱস্থাৰ সৃষ্টি হৈছে৷ এনে অচলাৱস্থা আঁতৰ কৰি দলটোৱে অনাগত দিনত মূৰ দাঙি উঠিব বুলি আপুনি ভাবেনে? দলক শক্তিশালী কৰাৰ ক্ষেত্রত কেনেধৰণৰ পৰামর্শ দিব?
ঃ নিশ্চিতভাৱে কংগ্রেছ দল বর্তমান এক সংকটৰ মাজেৰে গতি কৰিছে৷ কেইবাটাও নির্বাচনত আমি পৰাজয়ৰ সন্মুখীন হৈছোঁ৷ কিন্তু অচিৰেই দল একত্রিত হ’ব আৰু শক্তিশালী ৰূপত ভুমুকি মাৰিব৷ এটা কথা আপুনি লক্ষ্য কৰিব, বর্তমান সমগ্র দেশ বিজেপিৰ ভুল নীতিৰ বাবে এক অৰাজক পৰিৱেশলৈ গতি কৰিছে৷ বহু লোক আর্থিকভাৱে ক্ষতিগ্রস্ত হৈ দৰিদ্রতাৰ দিশে পর্যবসিত হৈছে৷ দেশৰ আর্থিক অৱস্থা অতি শোচনীয়৷ বিজেপিৰ এনে ভুল নীতিৰ বাবে ৰাইজে ইয়াৰ বিকল্প ৰূপে কংগ্রেছক বিচাৰিব৷ ইয়াৰ বাবে দলে একত্রিতভাৱে কাম–কাজ আৰম্ভ কৰিব৷ দলৰ শীর্ষ নেতৃত্বই বিভিন্ন ধৰণে তৃণমূল কর্মীসকলক সক্রিয় তথা একত্রিত কৰাৰ বাবে কাম–কাজ কৰিছে৷ কিছু পলমকৈ হ’লেও আমি নিজকে সু–সংগঠিত কৰি দলক শক্তিশালী কৰাৰ বাবে সকলো ধৰণৰ প্রচেষ্টা চলাম৷
সদ্যসমাপ্ত নির্বাচনত কংগ্রেছতকৈ এআইইউডিএফে যথেষ্ট ভাল ফলাফল লাভ কৰিছে৷ দলটোৱে ১৯খন আসনত প্রতিদ্বন্দ্বিতা কৰি ১৬খনকৈ আসন লাভ কৰিবলৈ সক্ষম হৈছে৷ কংগ্রেছৰ মিত্রদলৰ এই সফলতাৰ কাৰণ কি বুলি ভাবে আপুনি?
ঃ আপুনি লক্ষ্য কৰিব, কংগ্রেছ আৰু এআইইউডিএফৰ প্রভাৱ থকা সমষ্টিসমূহ প্রায় একেই৷ যিহেতু সদ্যসমাপ্ত নির্বাচনত আমি বুজাপৰাৰে প্রতিদ্বন্দ্বিতা আগবঢ়াইছোঁ, গতিকে যিবোৰ সমষ্টিত এআইইউডিএফে সফলতা লাভ কৰিছে, তাৰ বাবে কংগ্রেছৰ শক্তিশালী সাংগঠনিক স্থিতিয়েই মূল কাৰণ৷ বিৰোধীয়ে কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতাৰ বাবে যি ধৰণৰ সমালোচনা আৰু অপপ্রচাৰ চলাইছিল, সেয়া ৰোধ কৰিব নোৱাৰিলোঁ৷ এনে ব্যর্থতাৰ বাবেই আমি প্রয়োজনীয় আসন হেৰুৱালোঁ৷ এই কথাটো ইতিমধ্যে সঁচাত পৰিণত হৈছে৷ আপোনাক মই এটা উদাহৰণ দিওঁ– পথত যেতিয়া দুখন গাড়ী চলে, তেতিয়া কোনেও দুর্ঘটনা হ’ব বুলি গাড়ী নচলায়৷ কোনো এজন চালকৰ ভুলৰ বাবে আন এখন গাড়ী অথবা চালক দুর্ঘটনাগ্রস্ত হয়৷ সদ্যসমাপ্ত নির্বাচনত এআইইউডিএফৰ বাবেই বহু সমষ্টিত আমি পৰাজয়ৰ সন্মুখীন হৈছোঁ৷ মিত্রদল হ’লেও তেওঁলোকৰ নির্বাচনী ইছ্যু আৰু কিছু কথা–বতৰাই আমাক যথেষ্ট ক্ষতি কৰিছে৷ এআইইউডিএফ কংগ্রেছৰ দ্বাৰা লাভান্বিত হোৱাৰ বিপৰীতে কংগ্রেছৰ বৃহৎ ক্ষতি হৈছে৷ সেয়া এতিয়া প্রমাণিত হৈছে৷ গতিকে নির্বাচনত এআইইউডিএফৰ সফলতা দলটোৰে কৃতিত্ব নহয়৷ কংগ্রেছৰ সাংগঠনিক শক্তিয়েহে এআইইউডিএফক জয়ত সহায় কৰিছে৷
প্রদেশ কংগ্রেছৰ সভাপতিৰূপে আপোনাৰ নাম উচ্চাৰিত হৈ আছে৷ দলৰ দুর্যোগৰ সময়ত আপুনি এই দায়িত্ব ল’বলৈ সাজুনে?
ঃ কংগ্রেছ দলৰ মই এগৰাকী কর্মীহে৷ নিশ্চিতভাৱে দলত সকলোৱে পদোন্নতি বিচাৰে৷ দলে মোক যি ধৰণে দায়িত্ব দিয়ে, সেই ধৰণে কাম কৰি যাম৷ ইতিমধ্যে দলৰ নেতৃত্বই মোক বিৰোধী দলপতি হিচাপে দায়িত্ব অর্পণ কৰিছে৷ গতিকে প্রদেশ কংগ্রেছৰ সভাপতি হিচাপে পুনৰ মোক দায়িত্ব দিব বুলি নাভাবোঁ৷ দলে কোনোধৰণৰ দায়িত্ব নিদিলেও দলৰ স্বার্থত মই কাম কৰি যাম৷ এটা কথা স্পষ্ট যে দলক শক্তিশালী কৰিব পৰা যি ব্যক্তিকেই সভাপতি হিচাপে দায়িত্ব অর্পণ কৰে, তেওঁক মই সকলো দিশৰ পৰা সমাধান আগবঢ়াই যাম৷