নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দক্ষিণ আফ্রিকাৰ গাঁৱত হীৰাৰ সন্ধানত হাজাৰ হাজাৰ স্বপ্ণবিলাসী লোক

নিয়মীয়া বাৰ্তা ১৬ জুনঃ দক্ষিণ আফ্রিকাৰ কাৱাজুলু–নাটাল প্রদেশৰ এখন গাঁৱত কেইবাহাজাৰো স্বপ্ণবিলাসী লোকে হীৰাৰ সন্ধান কৰিবলৈ গৈ পথাৰত খনন চলোৱা ঘটনাক লৈ সংবাদ মাধ্যমত ব্যাপক চর্চা চলিছে৷ প্রদেশখনৰ কাৱালথি গাঁৱত দক্ষিণ আফ্রিকাৰ গাঁৱৰ বিভিন্ন চহৰৰ পৰা শনিবাৰে হাজাৰ হাজাৰ লোক উপস্থিত হয়৷ গাঁওখনৰ মুকলি পথাৰত অচিনাক্ত মূল্যৱান পাথৰ উদ্ধাৰ হোৱাৰ পিছতে এয়া হীৰা বুলি বিভিন্ন মহলত চর্চা চলে৷ বিগত তিনি দিন ধৰি এই মূল্যৱান পাথৰ বিচাৰি পথাৰত খনন কার্য চলাই আছে লোকসকলে৷ কেইগৰাকীমান লোকে হীৰা বুলি বিশ্বাস কৰা মূল্যৱান পাথৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ এই লোকসকলে তেওঁলোকৰ ভাগ্যোদয় হোৱা বুলি ঘোষণা কৰিছে সংবাদ মাধ্যমত৷ অৱশ্যে, গৰিষ্ঠসংখ্যক লোকেই শূন্য হাত আৰু বিফল মনোৰথ লৈ উভতিবলগীয়া হৈছে৷ তথাপি অদৃশ্য এই মূল্যৱান পাথৰ বিচাৰি এতিয়াও ন ন অঞ্চলৰ পৰা গাঁওখনলৈ বহু লোকে যাত্রা কৰি আছে৷ তাৎক্ষণিকভাৱে ভূতাত্ত্বিকসকলে এই ঘটনা সন্দর্ভত কোনো ধৰণৰ প্রতিক্রিয়া প্রকাশ কৰা নাই৷

You might also like