নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ন’টা ভোটঃ নির্বাচনত ভোটাৰৰ প্রতিবাদৰ এক প্রতীক

-ড০ নীলিমা দত্ত

২০১৩ চনত ভাৰতত উচ্চতম ন্যায়ালয়ে নির্বাচন আয়োগক ‘ন’টা’ None of the above) ভোটৰ অনুমতি প্রদান কৰে আৰু ২০১৪ চনৰ লোকসভা নির্বাচনত জনসাধাৰণে এই ভোটৰ সুবিধা গ্রহণ কৰে৷ অসমত প্রথমবাৰৰ বাবে ২০১৬ চনৰ বিধানসভা নির্বাচনতএই ব্যৱস্থাৰ ব্যৱহাৰ হয়৷ ভাৰতৰ আগতে আন কেইখনমান দেশ–বাংলাদেশ, ব্রাজিল, বেলজিয়াম, চিলি, কলম্বিয়া, ফিনলেণ্ড, ফ্রান্স, গ্রীচ, ছুইডেন, স্পেইন, ইউক্রেইন, আমেৰিকা যুক্তৰাষ্ট্র আৰু আমেৰিকাৰ নেভাডা প্রদেশে ন’টা ভোটক গুৰুত্ব প্রদান কৰিছে৷ নির্বাচনত ন’টা ভোটক অন্তর্ভুক্ত কৰা পৃৃথিৱীৰ চতুর্দশ দেশ হ’ল ভাৰত৷
‘ন’টা’ ভোট আচলতে ভোটাৰৰ এক ঋণাত্মক অভিব্যক্তি৷ নির্বাচনৰ সময়ত কোনো ভোটাৰে যদি কোনো এজন প্রাথ্কে উপযুক্ত বুলি বিবেচনা নকৰে, তেনেস্থলত ‘ন’টা’ ভোট সাব্যস্ত কৰি তেওঁৰ সেই অভিমত ব্যক্ত কৰিব পাৰে৷
২০২১ চনত হৈ যোৱা অসম বিধানসভা নির্বাচনত ন’টাত ভোটাধিকাৰ সাব্যস্ত কৰা কেইজনমান ভোটাৰক সুধিছিলোঁ তেওঁলোকে ন’টাত ভোটাধিকাৰ সাব্যস্ত কৰাৰ কাৰণ৷ কেইজনমান ভোটাৰে কৈছিল যে তেওঁলোকৰ সমষ্টিৰ প্রায়কেইজন প্রাথ্য়েই অপৰাধজনিত ঘটনাত জডিত৷ তেনেকুৱা প্রাথ্ক তেওঁলোকে প্রতিনিধি হিচাপে নিবিচাৰে৷ গতিকে তেওঁলোকে ন’টা ভোট সাব্যস্ত কৰিছে৷ আনকেইজনমান ভোটাৰে কৈছিল– নির্বাচনৰ আগত ৰাজনৈতিক দলবোৰে বিভিন্ন প্রতিশ্রুতি দিয়ে, কিন্তু নির্বাচনত জয়ী হোৱাৰ পিছত একো প্রতিশ্রুতিয়েই পালন নকৰে৷ নির্বাচিত জনপ্রতিনিধিসকলে দেশৰ কথা, জনসাধাৰণৰ কথা চিন্তা নকৰি নিজ স্বার্থ পূৰণত ব্যস্ত হৈ পৰে৷ এনেকুৱা মিছলীয়া দলৰ প্রতি, প্রাথ্ৰ প্রতি তেওঁলোকৰ আস্থা নাই৷ গতিকে গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিছে ন’টা ভোটৰ জৰিয়তে৷ দুজনমান ভোটাৰে কৈছিল– তেওঁলোকৰ সমষ্টিৰ প্রায়বোৰ প্রাথ্ৰেই শিক্ষাগত অর্হতা একেবাৰে নূ্যনতম৷ এনেকুৱা কম শিক্ষাৰে শিক্ষিত প্রাথ্য়ে জনপ্রতিনিধি হৈ দেশৰ হৈ, জনতাৰ হৈ কিবা যে কৰিব পাৰিব, তেওঁলোক সন্দিহান৷ যোগ্য প্রাথ্ৰ অভাৱত সেয়েহে তেওঁলোকে ন’টাত ভোটদান কৰিছে৷ আন এটা উল্লেখনীয় দিশ হ’ল, ন’টা ভোট সাব্যস্ত কৰা ভোটাৰৰ বেছিভাগেই বয়োজ্যেষ্ঠ ব্যক্তিতকৈ নৱপ্রজন্মৰ৷ কিছুমান এনেকুৱা ভোটাৰো আছে, যাৰ ই ভিএম ব্যৱস্থাৰ ওপৰত বিশ্বাস নাই৷ ই ভি এম টেম্পাৰিঙক লৈ তেওঁলোক সন্দিহান৷ তেওঁলোকৰ মতে, ভোটগ্রহণৰ বাবে বেলট ব্যৱস্থাটোৱেই বেছি ভাল৷ বিশ্বৰ বহু ধনী দেশত এতিয়াও ই ভি এমৰ পৰিৱর্তে বেলটতে নির্বাচন অনুষ্ঠিত হয়৷ এই দিশেৰে লক্ষ্য কৰিলে ভৱিষ্যতে আমাৰ দেশতো বেলটৰ দাবী শক্তিশালী হ’ব পাৰে বুলি ভাবিব পাৰি৷
দেখা গৈছে, ভোটাৰৰ মাজত ন’টা ভোটৰ প্রতি সচেতনতা বৃদ্ধি পাবলৈ লৈছে৷ সমীক্ষা অনুসৰি,২০১৬ চনৰ অসম বিধানসভা নির্বাচনত ভোটদান কৰা মুঠ ১,৬৯,১৯,৩৬৪ ভোটাৰৰ ১,৮৯,০৮৫ (১.১২ শতাংশ) ভোটাৰেই ন’টা ভোট দিছিল৷ সেইদৰে ২০২১ চনৰ অসম বিধানসভা নির্বাচনত প্রায়১.৯২ কোটি ভোটাৰৰ ২.১৯ লাখে (১.১৪ শতাংশ) ন’টা ভোট সাব্যস্ত কৰিছে৷ গুজৰাট (২০১৭), কর্ণাটক (২০১৮), মধ্যপ্রদেশ (২০১৮) আৰু ৰাজস্থান (২০১৮)ৰ বিধানসভা নির্বাচনত ন’টা ভোটে যথেষ্ট গুৰুত্ব পাইছে৷
ন’টা ভোটসমূহো বাকীবোৰ ভোটৰ দৰেই গণনা কৰা হয়৷ কোনো এটা সমষ্টিত ন’টা ভোটৰ সংখ্যা যদি সর্বাধিক ভোট লাভ কৰা প্রাথ্গৰাকীতকৈ বেছি হয়, তেন্তে নির্বাচন আয়োগে সেই সমষ্টিটোৰ পৰা প্রতিদ্বন্দ্বিতা কৰা প্রাথ্সকলক অযোগ্য বিবেচনা কৰিপুনৰ ভোটগ্রহণৰ সিদ্ধান্ত ল’ব পাৰে৷ উল্লেখনীয় যে অযোগ্য বিবেচিত প্রাথ্সকলে পুনৰ অনুষ্ঠিত হোৱা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিব নোৱাৰে৷
দেখা যায় যে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা প্রাথ্সকলৰ ৰাজনৈতিক, সামাজিক, বৌদ্ধিক আদি জ্ঞানতকৈ ধনবল, জনবল আদিয়েহে প্রাধান্য লাভ কৰে৷ ফলত বিভিন্ন গোচৰ, দুন্তি আদিত অভিযুক্ত লোকেও নির্বাচনত অৱতীর্ণ হোৱাৰ সুযোগ পায়৷ প্রাথ্ৰ শিক্ষাগত অর্হতাৰ বিষয়টোও এটা গুৰুত্বপূর্ণ কথা৷ কিন্তু নির্বাচনত এই বিষয়টোৱে বিশেষ গুৰুত্ব নাপায়৷ যাৰ বাবে ৰাজনীতি এতিয়া দুর্জনৰ আশ্রয়স্থলী হৈ পৰিছে৷ সেয়েহে ৰাজনীতিকসকলৰ প্রতি জনতাৰ আস্থা কমিবলৈ লৈছে৷ বৃদ্ধি হ’বলৈ লৈছে ন’টা ভোটৰ চাহিদা৷ ন’টা এক ইতিবাচক পদক্ষেপ বুলি ভোটাৰসকলে ভাবিবলৈ লৈছে৷ উল্লেখ্য যে ন’টা ভোট সম্পর্কত সজাগতা সৃষ্টিৰ বাবে নির্বাচন আয়োগেই হওক বা এই ভোট সম্পর্কে জ্ঞাত জনসাধাৰণেই হওক, যিমান প্রচাৰ চলাব লাগিছিল, সেই ধৰণৰ প্রচাৰ পৰিলক্ষিত হোৱা নাই৷ ফলত ন’টা ভোট সম্পর্কে বহুতো ভোটাৰ অজ্ঞ হৈ আছে৷ ভোটাৰৰ এই অজ্ঞতাৰ সুযোগতেই বহুতো অযোগ্য প্রাথ্য়ে নির্বাচনত জয়ী হৈ দুন্তি–ভ্রষ্টাচাৰৰ ৰাজনীতি কৰিবলৈ সুবিধা পাইছে৷
সুস্থ গণতান্ত্রিক ভাবধাৰাৰে এক নিকা নির্বাচন অনুষ্ঠিত কৰাৰ প্রথম চর্ত হ’ল প্রাথ্ নির্বাচন৷ পছন্দৰ প্রাথ্ নাথাকিলে ন’টাত ভোটদান কৰি ভোটাধিকাৰ সাব্যস্ত কৰাৰ লগে লগে, অযোগ্য প্রাথ্ যাতে নির্বাচিত হ’ব নোৱাৰে, তাৰো ব্যৱস্থা কৰিব পাৰি বুলি ভবাৰ থল আছে৷ এই ব্যৱস্থাৰ সুস্থ প্রয়োগে ৰাজনৈতিক দলবোৰৰ সমীকৰণো সলনি কৰি দিব পাৰে৷ গতিকে জনসাধাৰণে উপযুক্ত প্রাথ্ বা দলৰ অভাৱ অনুভৱ কৰিলে ভোট নিদিয়াকৈ নাথাকি ন’টাত ভোট দিয়া প্রয়োজন৷ এইদৰেই ন’টাক শক্তিশালী কৰিব পৰা যাব৷ নির্বাচনী প্রক্রিয়াত ন’টা ইতিমধ্যে প্রতিবাদৰ এক প্রতীক হিচাপে পৰিগণিত হৈছে৷
অৱশ্যে ন’টাৰ কিছুমান অসুবিধাও আছে৷ সচেতন, শিক্ষিত নাগৰিকসকলৰ বেছিভাগেই যোগ্য প্রাথ্ৰ অভাৱত ন’টাত ভোটদান কৰিলে সামাজিকভাৱে, ৰাজনৈতিকভাৱে সচেতন নোহোৱা অশিক্ষিত নাগৰিকসকলে প্রলোভনৰ দ্বাৰা মোহাচ্ছন্ন হৈ অযোগ্য প্রাথ্ক ভোটদান কৰি নির্বাচিত কৰিব পাৰে৷ ন’টা ভোটৰ সংখ্যা সর্বাধিক ভোট লাভ কৰা প্রাথ্গৰাকীৰ সংখ্যাতকৈ বেছি হোৱাৰ ফলত যদিহে পুনৰ নির্বাচন অনুষ্ঠিত কৰিবলগীয়া হয়, তেন্তে পুনৰ নির্বাচনৰ বাবে অতিৰিক্ত খৰচৰ কথাটোও চিন্তনীয়৷ প্রত্যক্ষভাৱে ন’টা ভোটে নির্বাচনৰ ফলাফলত বিশেষ প্রভাৱ নেপেলায় যদিও ভোট নিদিয়া আৰু ন’টাত ভোট দিয়া একে নহয়৷ ভোট নিদিলে ভোট নিদিয়াৰ কাৰণ জানিব পৰা নাযায়৷ কিন্তু ন’টাত ভোট দিলে উপযুক্ত প্রাথ্ৰ অভাৱতেই যে ভোটাৰে ন’টা ব্যৱহাৰ কৰিছে, এইটো জানিব পৰা যায়৷ সম্পূর্ণ স্বচ্ছ, নিকা নির্বাচন অনুষ্ঠিত কৰাটো সম্ভৱ নহয়৷ তথাপি ন’টা ভোট প্রয়োগেৰে যোগ্য জনপ্রতিনিধি নির্বাচনত যথেষ্ট সুবিধা হ’ব বুলি ভাবিব পাৰি৷ ন’টা ভোটৰ জৰিয়তে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিব পাৰিলে ৰাজনৈতিক দলবোৰে নির্বাচনত প্রাথ্ প্রক্ষেপ কৰাৰ সময়ত অলপ হ’লেও চিন্তা কৰিবলৈ বাধ্য হ’ব আৰু কিছু পৰিমাণে হ’লেও দুন্তিমুক্ত চৰকাৰ গঠনত সহায়ক হ’ব বুলি আশা কৰিব পাৰি৷ ‘ন’টা’ ব্যৱস্থা হ’ব পাৰে ভোটাৰৰ এক পাশুপাত অস্ত্র৷
২০২১ চনৰ অসম বিধানসভা নির্বাচনত কেইজনমান প্রাথ্য়ে লাভ কৰা ভোটৰ সংখ্যা সমষ্টিটোৰ ন’টা ভোটৰ সংখ্যাতকৈও কম, যিটো আচলতে উদ্বেগজনক বিষয়৷ সমীক্ষা মতে, অলপতে হৈ যোৱা পাঁচখন ৰাজ্যৰ বিধানসভা নির্বাচনত ন’টা ভোটৰ সংখ্যা অসমৰ বাহিৰে বাকী চাৰিখন ৰাজ্যত আগৰবাৰ নির্বাচনতকৈ নিম্নগামী হৈছে৷ কিন্তু অসমৰ ক্ষেত্রত ই হৈছে ঊর্ধ্বগামী৷ ইয়ে প্রমাণ কৰে যে অসমৰ ৰাইজৰ ৰাজনীতিকসকলৰ প্রতি, ৰাজনৈতিক দলবোৰৰ প্রতি কমি আহিছে আস্থা, বিশ্বাস– যিটো সুস্থ গণতন্ত্রৰ প্রতি ভাবুকি বুলিয়েই ক’ব পাৰি৷

You might also like