প্ৰতিবন্ধী সুৰক্ষা সন্থাই অসমে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়ালে ৫০,১৫০ টকাৰ বৰঙণি
নিয়মীয়া বাৰ্তা ১৭ জুনঃ কোভিড অতিমাৰীৰ বিৰুদ্ধে যুজ দিয়াৰ বাবে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ প্ৰতিবন্ধী সুৰক্ষা সন্থা অসমৰ তৰফৰ পৰা অনুদান আগবঢ়ায়৷ সন্থাৰ সম্পাদক নৃপেন মালাকাৰে জনোৱা অনুসৰি বিশ্বত্ৰাস সৃষ্টি কৰা কোভিডৰ সৈতে মোকাবিলা কৰিবলৈ সৰ্বস্তৰৰ লোকৰ পৰা সহায় বিছাৰিছিল মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে সহায়ৰ হাত আগবঢ়োৱাৰ সময়তে প্ৰতিবন্ধী সুৰক্ষা সন্থায়ো ৰাজ্যৰ বিভিন্ন জিলাৰ সদস্য সকলৰ পৰা সংগ্ৰহ কৰি মূখ্যমন্ত্ৰীৰ হাতত জমা দিয়ে৷
সংগঠনটোৱে প্ৰতিজন সদস্যৰ পৰা ৫০টকাকৈ সংগ্ৰহ কৰি ১০০৩জন সদস্যৰ মুঠ ৫০১৫০টকা ড্ৰাফট যোগে বুধবাৰে সন্ধিয়া জনতা ভৱনৰ মূখ্যমন্ত্ৰী কাৰ্যলয়লৈ গৈ প্ৰদান কৰে৷ সন্থাৰ সম্পাদক নৃপেন মালাকাৰ, উপদেষ্টা তথা চিকিৎসক ডাঃ হিতেশ বৰুৱা, মধ্য অসম প্ৰতিবন্ধী সন্থা, উত্তৰ অসম দিব্যাংগ সন্থা আৰু দৃষ্টিহীন পৰিষদ অসমৰ নেতৃত্বৰ উপস্থিতিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ড্ৰাফট খন প্ৰদান কৰাৰ লগতে প্ৰতিবন্ধী সমস্যা সন্দৰ্ভত আলোচনা কৰে৷
আলোচনা কালত মুখ্যমন্ত্ৰী গৰাকীয়ে সমস্যা সমুহ সমাধান কৰিব বুলি আশ্বাস দিয়ে৷ মালাকাৰে লগতে কয় কেৱল এয়াই নহয় কোভিডৰ সৈতে যুঁজ দিয়াৰ বাবে ৰাজ্যৰ প্ৰতিগৰাকী প্ৰতিবন্ধী ব্যক্তিকে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ সামৰ্থ অনুযায়ী সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনায়৷