পবিতৰা অভয়াৰন্যত নিশা দুস্কৃতিকাৰীৰ দপদপনিঃ নিৰ্বিঘ্নে মাৰি লৈ গৈছে দ জলাশয়ৰ মাছ
নিয়মীয়া বাৰ্তা, ১৭ জুনঃ বিশ্ববিখ্যাত এশিঙীয়া গঁড়ৰ বিচৰণভূমি পবিতৰা অভয়াৰণ্যৰ ভিতৰত থকা জলাশয়সমূহত শেনচকু একাংশ দুস্কৃতিকাৰীৰ। অভয়াৰণ্যখনৰ ভিতৰভাগত কেইবাটাও দ জলাশয় আছে আৰু এই জলাশয়সমূহত মাছ কাছ আদিৰ বসতিস্থল। কিন্তু শেহতীয়াভাৱে নিশাৰ আন্ধাৰৰ সুযোগ গ্ৰহন কৰি একাংশ দুষ্কৃতিকাৰীয়ে এই জলাশয়সমূহৰ পৰা মাছ মাৰি ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। এই অবৈধ মাছমৰা কাৰ্য্যত দুই এক বনকৰ্মীও জড়িত থকা বুলিও স্থানীয় ৰাইজে অভিযোগ কৰিছে। উল্লেখ্য যে অভয়াৰণ্যখনত বিগত কেইবামাহ ধৰি স্থায়ী বনবিষয়া নিযুক্ত নোহোৱাৰ সুযোগ গ্ৰহন কৰি এনেদৰে অবৈধ ভাবে মাছ মাৰিবলৈ সক্ষম হৈছে। অতি শীঘ্ৰে অভয়াৰণ্যত স্থানী বনবিষয়া নিযুক্তি নকৰিলে এনে ধৰণৰ দুষ্কৃতিকাৰীৰ দপদপনি বৃদ্ধি হ’ব আৰু অভয়াৰণ্যখনৰ জীৱকূললৈ ভাবুকি অহাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। সেয়ে স্থানীয় ৰাইজ তথা প্ৰকৃতি প্ৰেমী সংগঠনে অসম চৰকাৰক পবিতৰাত অতি শীঘ্ৰে স্থানী বনবিষয়া নিযুক্তিৰ দাবী জনাইছে।