নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত তিনিটা গভাইত চোৰ গ্ৰেপ্তাৰঃচুৰি সামগ্ৰীসহ ফেন উদ্ধাৰ

 নিয়মীয়া বাৰ্তা ১৭ জুনঃ নিশাৰ কথাটোতো বাদেই, এইবাৰ সান্ধ্য আইন-লক্‌ ডাউনৰ সুযোগ গ্ৰহন কৰি চোৰে দিন দুপৰতে ডিব্ৰুগড়ৰ বৰবৰুৱা থানাৰ নাতি দূৰত অবস্থিত বৰবৰুৱা বালিকা উচ্ছ ইংৰাজী বিদ্যালয়ৰ দোৱাৰ আৰু দোৱাৰৰ তলা ভাঙি চোৰে যোৱা ১১ জুনৰ দিনা বিদ্যালয়খনৰ ৬ খনকৈ চিলিং ফেন এৰোৱাই লৈ যাবলৈ সক্ষম হয়।ইয়াৰো দুদিনমানৰ পূৰ্বে বৰবৰুৱা থানাৰ পৰা মাত্ৰ ৫ শ মিটাৰমান নিলগৰ, ৰাষ্ট্ৰীয় পথৰ কাষৰে এঘৰৰ চৌহদত দুটা চোৰে প্ৰৱেশ কৰি দুখন চাইকেল লৈ যাবলৈ লওঁতেই গিৰীহঁতে গম পোৱাত চিঞৰ-বাখৰ লাগে আৰু চোৰে চাইকেল এৰি থৈ পলাই সাৰে।ইয়াৰ বাহিৰেও নিশা বহুবাৰ বহুতৰ ঘৰলৈ চোৰ কৰিবলৈ চেষ্টা চলাইও ব্যৰ্থ হোৱা বুলি জানিব পৰা গৈছে।

অতি শেহতীয়া ভাৱে বৰবৰুৱা বালিকা উচ্ছ ইংৰাজী বিদ্যালয়ৰ পৰা ৬ খনকৈ চিলি ফেন চুৰ হোৱা বুলি বৰবৰুৱা থানাত বিদ্যালয়খনৰ প্ৰধানে এজেহাৰ দিয়াত যোৱা ১৬ জুনৰ নিশা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ বৰুৱাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে চোৰৰ বিৰুদ্ধে অভিযান চলাই আৰু স্থানীয় তিনিটা গভাইত চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হয়।চোৰ কেইটা ক্ৰমে গুণিন গগৈ(পিতা- ধনেশ্বৰ গগৈ,লাহন গাঁও,বৰবৰুৱা), উজ্জ্বল কোঁৱৰ( পিতা- মৃত খগেন কোঁৱৰ,বুঢ়াহাজাৰ কোঁৱৰ গাঁও,বৰবৰুৱা),আৰু উৎপল সোনোৱাল(পিতা- ৰতন সোনোৱাল,চাংমাই গৰিয়া গাঁও, বৰবৰুৱা)।বৰবৰুৱা থানাৰ গোচৰ নং- ১৯২/২০২১ আৰু ভাৰতীয় দণ্ডবিধি আইনৰ ৪৫৭/৩৪০ মৰ্মে চোৰ তিনিওটাক ডিব্ৰুগড়ৰ জেল হাজোতলৈ প্ৰেৰণ কৰা হয়। উল্লেখযোগ্য যে চোৰ কেইটাই উক্ত চিলিং ফেন কেইখন স্থানীয় বিভিন্ন জনৰ ওচৰত বিক্ৰী কৰিছিল যদিও সেই নিৰ্দিষ্ট ঘৰ সমূহৰ পৰা নিশাটোৰ ভিতৰতেই অভিযান চলাই আটাইকেইখন ফেন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

You might also like