কাৰ্বি আংলং আৰক্ষীৰ বৃহৎ সফলতাঃবোকাজানত ১৬ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ
নিয়মীয়া বাৰ্তা ১৭ জুনঃ কাৰ্বি আংলং আৰক্ষীৰ জালত এইবাৰ আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰী । কাৰ্বি আংলংৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙৰ নেতৃত্বত চলিছিল এই অভিযান ।
বোকাজানৰ খটখটি থানাৰ অন্তৰ্গত পকাফিল্ডত উদ্ধাৰ কৰা হৈছে ১৬৪ পেকেট ড্ৰাগছ। ড্ৰাগছখিনিৰ ওজন ২ কেজি ১২৫ গ্ৰাম। ধৃত ড্ৰাগছ সৰবৰাহকাৰী এগৰাকী নগা মহিলাসহ আটক এজন নগা যুৱক। আটকাধীন যুৱক জনৰ নাম কেভেটচচা মভি (২৮) , আনহাতে মহিলাগৰাকীৰ নাম টি এইচ পাওনে (৫০)।
জানিব পৰা অনুসৰি টি এইচ পাওনে নামৰ মহিলা গৰাকী আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহ চক্ৰৰ সৈতে জড়িত বুলি জানিব পৰা গৈছে। ধৃত কেভেটচচাৰ ঘৰ নাগালেণ্ডত আৰু টি এইচ পাওনেৰ ঘৰ মণিপুৰত বুলি জানিব পৰা হৈছে। ঘটনাৰ সৈতে জড়িত AS 01 BY 9058 নম্বৰৰ এখন এল্ট জব্দ কৰা হৈছে।কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙৰ নেতৃত্বত চলিছিল এই অভিযান।