নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজানত ১১৬০ জনক ক’ভিড প্ৰতিষেধক প্ৰদান

দুলীয়াজানৰ তিনিটা ক'ভিড কেন্দ্ৰত ১৬৭ জন পজিটিভ ৰোগী চিকিৎসাধীন

নিয়মীয়া বাৰ্তা, ১৮ জুনঃ বৃহত্তৰ দুলীয়াজানত দ্ৰুতহাৰত বৃদ্ধি ঘটা ক’ভিড সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্যে বৃহস্পতিবাৰে টেঙাখাট চৰকাৰী স্বাস্হ্যকেন্দ্ৰৰ অধীনত অঞ্চলটোৰ স্পৰ্শকাতৰ এলেকাসমূহত ক’ভিড পৰীক্ষা আৰু প্ৰতিষেধক প্ৰদানৰ ব্যৱস্হাৱলী গ্ৰহণ কৰা হয়।

দুলীয়াজান ক’ভিড কেন্দ্ৰৰ চিকিৎসক ডাঃ চম্পক কুমাৰ দত্ত আৰু টেঙাখাটৰ ব্লক প্ৰ’গেম মেনেজাৰ অনিল মেধিৰ পৰ্য্যবেক্ষণত কালি দিনটোত অইল ইণ্ডিয়াৰ মুখ্য বাণিজ্যিক স্হলী অইল মাৰ্কেটত বজাৰ কমিটিৰ সহযোগত ১৮ বছৰ উৰ্ধৰ ২১৯ জন ব্যক্তিক প্ৰতিষেধক ক’ভিশ্বিল্ড প্ৰদান কৰা হয়। সেইদৰে স্হানীয় ফাঁচী বজাৰতো ২২০ জন,  আনন্দপাৰাত ১৮ বছৰ উৰ্ধৰ  ২১০ জন আৰু ৪৫ বছৰ উৰ্ধৰ ৬৬ জন, গগৈ মাৰ্কেট আৰু চেঙেলী মাৰ্কেটত ২২০ জন, ১ নং দুলীয়াজানত ১৮ বছৰ উৰ্ধৰ  ১৭৬ জন আৰু ৪৫ বছৰ উৰ্ধৰ ৩২ জনক ক’ভিশ্বিল্ড প্ৰদান কৰে। মুঠ ১১৬০ গৰাকী লোকক ক’ভিড প্ৰতিষেধক প্ৰদান কৰা হয় ।

ইফালে ভেকচিনেচন কেম্প ফাঁচী বজাৰত ২ জন, আনন্দপাৰাত ২ জন, ১নং দুলীয়াজানত ৪ জন সহ বৃহত্তৰ দুলীয়াজানত বৃহস্পতিবাৰ দিনটোত মুঠ ৩৯ জন ব্যক্তিৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছে । অনুৰূপ ধৰণে আজিৰ দিনটোতো দুলীয়াজানৰ বিভিন্ন স্হানত ভেকচিনেচন কেম্প কৰা হৈছে ।

ইফালে পুৰুষ আৰু মহিলা ক’ভিড ৰোগীৰ বাবে দুলীয়াজানত পৃথকভাৱে স্হাপন কৰা দুটা অস্হায়ী ক’ভিড কেন্দ্ৰ পৰিচালনা কৰি আহিছে ১৮ গৰাকীকৈ চিকিৎসক, কমিউনিটি হেলথ অফিচাৰ, জি এন এম , এ এন এম সমন্বিতে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে ।

ইয়াৰ ভিতৰত দুলীয়াজান অইল হায়াৰ চেকেণ্ডাৰী বিদ্যালয়ৰ ক’ভিড কেন্দ্ৰত এই পৰ্যন্ত ১০০ গৰাকী পজিটিভ ৰোগী (পুৰুষ) আৰু টেঙাখাট আদৰ্শ মহাত্মা গান্ধী চিকিৎসালয়ৰ ক’ভিড কেন্দ্ৰত ৪৮ গৰাকী পজিটিভ ৰোগীয়ে (মহিলা) চিকিৎসা গ্ৰহণ কৰি আছে। সেইদৰে অইল ইণ্ডিয়া হাস্পতালত বৰ্তমান ১৯ গৰাকী ক’ভিড ৰোগী চিকিৎসাধীন অৱস্থাত আছে ।

You might also like