তিহাৰ জে’লৰ পৰা মুকলি অসমৰ দেৱাংগনা কলিতা
নিয়মীয়া বাৰ্তা, ১৮ জুনঃ নতুন দিল্লীৰ তিহাৰ কাৰাগাৰৰ পৰা মুক্ত হ’ল অসমৰ দেৱাংগনা কলিতা৷ দিল্লী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰাৰ দুদিন পাছত বৃহস্পতিবাৰে পিঞ্জৰা তোড় কর্মী দেৱাংগনা কলিতা, নাটাশা নাৰৱাল আৰু জামিয়া মিলিয়া ইছলামিয়াৰ শিক্ষার্থী আছিক ইকবাল টানহাক কালি সন্ধিয়া ৭.৩০ বজাত কাৰাগাৰ কর্তৃপক্ষই মুকলি কৰি দিয়ে৷
তাৎপর্যপূর্ণ যে দুদিন পূর্বে দিল্লী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰাৰ পাছতো দিল্লী আৰক্ষীয়ে পিঞ্জৰা তোড় কর্মী তথা জে এন ইউৰ শিক্ষার্থী দেৱাংগনা কলিতা, নাতাশা নাৰৱালকে ধৰি তিনি প্রতিবাদীক মুকলি কৰি দিয়া নাছিল৷
অৱশেষত বৃহস্পতিবাৰে সন্ধিয়া মুকলি কৰি দিয়ে৷ কাৰাগাৰৰ বাহিৰত সমর্থকৰ ভিৰৰ মাজত দেৱাংগনা কলিতাই কয়– ‘আৰক্ষীৰ দ্বাৰা মোক প্রচণ্ড হেঁচা প্রয়োগেৰে সোধা–পোছা কৰিছিল৷ মই কৈছিলো যে আমি প্রতিবাদকাৰী৷ সংঘর্ষৰ লগত আমাৰ কোনো সম্পর্ক নাই৷ আদালতৰ ৰায়ক লৈ মই সুখী৷ মুক্ত আকাশত মই উশাহ লৈ স্বস্তি অনুভৱ কৰিছোঁ৷
উল্লেখ্য যে বিগত বর্ষৰ কা আন্দোলনৰ সময়ত দেশৰ ৰাজধানী নতুন দিল্লীত হিংসাত্মক কার্যকলাপ সংঘটিত হৈছিল৷ এই ঘটনাত জড়িত থকাৰ অভিযোগত দেৱাংগনা কলিতাসহ আন দুজনক গ্রেপ্তাৰ কৰা হৈছিল৷