নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এয়াৰ ইণ্ডিয়াত নিযুক্তিৰ নামত অসমৰ নিবনুৱাক প্রৱঞ্চনা দিল্লীৰ অসাধু চক্রৰ

নিয়মীয়া বাৰ্তা ১৮ জুনঃ  ক’ভিডকেন্দ্রিক পৰিস্থিতিৰ মাজতে নতুন দিল্লীত সক্রিয় এক দুষ্ট চক্রই ৰাজ্যৰ শিক্ষিত নিবনুৱা যুৱক–যুৱতীক নিযুক্তি দিয়াৰ নামত প্রতাৰণা কৰাৰ ঘটনা শেহতীয়াভাৱে পোহৰলৈ আহিছে৷

নলবাৰী জিলাৰ মুগকুছি অঞ্চলৰ উচ্চশিক্ষিত যুৱক পল্লৱ শর্মাই এক সপ্তাহ পূর্বে নিজৰ ম’বাইলত ফেচবুকত হঠাতে এয়াৰ ইণ্ডিয়াৰ কার্যালয় সহায়ক পদৰ বিজ্ঞাপন দেখি তাত নির্দিষ্ট ছাইটত গৈ চার্চ কৰোঁতে তেওঁৰ আবেদন গ্রহণ কৰা বুলি জনায়৷ তাৰ পাছত তেওঁৰ হোৱাটছআপ নম্বৰত ১৫ জুনত পোনপটীয়াকৈ এখন নিযুক্তি পত্র প্রদান কৰে আৰু নির্দিষ্ট একাউণ্টছ নম্বৰত অনলাইনযোগে পাঁচ হাজাৰ টকা আদায় দি ১৭ জুনত গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰ চৌহদত থকা এয়াৰ ইণ্ডিয়াৰ কার্যালয়ত যোগদান কৰিবলৈ নির্দেশ দিয়ে৷

আনকি নতুন দিল্লীৰ মুখ্য কার্যালয়ত নিয়োজিত পংকজ বুলি চিনাকি দিয়া এজন লোকে ০৯৫৪৯১৭৪৪৮ নম্বৰৰ পৰা ফোন কৰি পল্লৱক পাঁচ হাজাৰ টকা নির্দিষ্ট একাউণ্টছত পেমেণ্ট কৰাৰ পাছত বৰঝাৰ বিমানবন্দৰত এয়াৰ ইণ্ডিয়াৰ কার্যালয়ত যোগদান কৰিবলৈ নির্দেশনা দিয়ে৷

কিন্তু এয়াৰ ইণ্ডিয়াৰ দৰে দেশৰ অগ্রণী বিমান পৰিবহণ সংস্থা এটাই কোনো ধৰণৰ সাক্ষাৎকাৰ নোলোৱাকৈ ক’ভিডৰ সময়ত নিযুক্তি দিয়া বিষয়টোত সন্দেহ ওপজাত বৃহস্পতিবাৰে তেওঁ বৰঝাৰ বিমানবন্দৰলৈ যায়৷ তাত থকা এয়াৰ ইণ্ডিয়াৰ কার্যালয়ত তেওঁলৈ নতুন দিল্লীৰ পৰা হোৱাটছআপ নম্বৰত প্রেৰণ কৰা নিযুক্তি পত্র দাখিল কৰে৷

তেতিয়া কার্যালয়ত থকা এয়াৰ ইণ্ডিয়াৰ কর্মচাৰীয়ে নিযুক্তি পত্রখন ভুৱা বুলি নিশ্চিত কৰে৷ আনকি দায়িত্ববাহী কর্মচাৰীয়ে পল্লৱ শর্মাক সদৰী কৰা অনুসৰি এয়াৰ ইণ্ডিয়াৰ নতুন নিযুক্তি ক’ভিড– ১৯ ৰোধৰ বাবে বিগত বর্ষৰ মার্চ মাহত দেশজুৰি আৰম্ভ হোৱা লকডাউনৰ সময়ৰে পৰা বন্ধ হৈ আছে৷ তেনেদৰে এয়াৰ ইণ্ডিয়াৰ দৰে সংস্থাই প্রতিষ্ঠিত বাতৰিকাকত আৰু এমপ্লয়িমেণ্ট নিউজ বা ৰোজগাৰ সমাছাৰ আদিৰ দৰে কাকতত নিযুক্তিৰ বাবে বিজ্ঞাপন দিযাৰ পাছতহে সাক্ষাৎকাৰ অনুষ্ঠিত কৰি মেধাৰ ভিত্তিত নিযুক্তি প্রদান কৰে৷

লক্ষণীয়ভাৱে পল্লৱ শর্মাক প্রদান কৰা নিযুক্তি পত্রত ১৭ জুনৰ পৰা প্রশিক্ষণ আৰু তিনি মাহৰ বাবে প্রবেচন, তাৰ পাছত একেবাৰে যাত্রীৰ সেৱা বিভাগত ২০ বছৰৰ বাবে নিযুক্তি দিয়াৰ বিষয়েও উল্লেখ কৰা হৈছে৷

You might also like