বুকুখন কুৰুকি থকা কথাবোৰ
১২ মে’ ২০২১ তাৰিখ বুধবাৰে পুৱাই অপ্রত্যাশিতভাৱে আমাৰ মাজৰ পৰা অসমীয়া ভাষা–সাহিত্যৰ কাণ্ডাৰীজন আঁতৰি যোৱাৰ হূদয়বিদাৰক বাতৰিটো পোৱাৰ পাছৰে পৰা আজি এমাহকাল এক প্রকাশ কৰিব নোৱাৰা বেদনাই বুকুখন গধুৰ কৰি ৰাখিছে৷ চাৰিওফালে যেন এক বিশাল শূন্যতাৰ নীৰৱ কোলাহল৷ মৃত্যু শাশ্বত, অনিবার্য, অৱধাৰিত জন্মিলে মৰিব লাগিব, এই চিৰন্তন সত্য মগজুৱে স্বীকাৰ কৰে৷ কিন্তু হূদয়ে নামানে দেখোন৷ চিকিৎসাশাস্ত্রৰ তথ্য তথা পৰিসংখ্যাভিত্তিক ভাৰতীয় মানুহৰ আয়ুস কালৰ গড় হিচাপেও বয়সৰ জোখাৰে এই ‘আনন্দ আৰু বেদনাসন্ধানী’ বহুমুখী প্রতিভাৰ আকৰ ব্যক্তিজনে পূর্ণজীৱনেই (বয়স ৮৯ বছৰ) উপভোগ কৰিছে বুলি সন্তুষ্টি লভিব পাৰি৷ কিন্তু তথাপিও মন অবুজন৷ মোৰ ধাৰণা অসমৰ প্রতিজন ‘হোমেন্দ্রপ্রেমী’ৰ অৱচেতন মনত এটি ভাবে নিগাজিকৈ খোপনি পুতিছিল যে জীৱন ধুমুহাই টলাব নোৱাৰা এই একক, অনন্য ‘হোমেন বৰগোহাঞি’ বোলা মানুহজন আমাৰ মাজত ন ন চিন্তাৰ ভোটাতৰা হৈ সদায়ে উজলি থাকিব, থাকিলেওহেঁতেন৷ অত্যন্ত স্বাস্থ্য সচেতন আৰু সময়ানুৱর্তিতা তথা নিয়মানুৱর্তিতাৰ প্রতীক এই ধীমানজন নিঃসন্দেহে আমাৰ মাজত আৰু কিছুবছৰ দপ্দপাই ফুৰিলেহেঁতেন যদিহে বর্তমান সময়ত সংহাৰ ৰূপ ধাৰণ কৰা কাল ক’ৰোনা অতিমাৰীয়ে তেওঁক কাবু কৰি তন–মন–চিত সহিতে তেওঁৰ ভিতৰখন দুর্বল কৰি নেপেলালে হয়৷
এদিন–দুদিনকৈ পাৰ হৈ যোৱা ছাৰবিহীন দিনবোৰত ঘৰৰ মানুহকে ধৰি মোৰ প্রায়বোৰ বন্ধু–বান্ধৱ, লগৰীয়া, সমনীয়া, মানীজন, গুৰুজন, যিসকলে মই ছাৰৰ ‘আশিসধন্য’ আছিলোঁ বুলি বিশ্বাস কৰে, সকলোৱে মোৰ পৰা জানিব বিচাৰিছে যে মই ছাৰৰ কথা কিয় লিখা নাই৷ কি লিখিম ছাৰৰ বিষয়ে? কোনটো দিশ? সাহিত্য জগতৰ মহীৰূহজনাৰ সাহিত্যকৃতি তথা জীৱনগাথা বিশ্লেষণ কৰিব পৰাকৈ নিঃসন্দেহে হয়তো মোৰ জ্ঞানৰ ভাণ্ডাৰ চহকী নহয়৷ কেৱল আৱেগেৰে সেইজনা পুৰোধা ব্যক্তিৰ জীৱন সম্বন্ধে কলম হাতত তুলি ল’বলৈ ধৃষ্টতা কৰাটো সমীচীন হ’বনে? ছাৰতো নিজেই এখন খোলা কিতাপ, যাৰ জীৱনৰ প্রতিটো পৃষ্ঠাই প্রতিফলন কৰিছে বৌদ্ধিক চেতনাৰ প্রৱাহ৷ কেৱল ইখনৰ পিছত সিখন পাত লুটিয়াই গ’লেই হ’ল৷ চকুৰ আগত জলজল–পটপট হ’ব শব্দশিল্পৰ খনিকৰজনৰ জ্ঞানৰ মহাসিন্ধু৷
তেনেহ’লে কি লিখিম? আত্মবন্দনা৷ স্বৰচনা মই যেনেদৰে ছাৰৰ মৰম, ভালপোৱা, চেনেহ, আশীবার্দেৰে পুষ্ট হৈছিলোঁ, তেনেদৰে হয়তো অসমৰ ইমূৰৰ পৰা সিমূৰলৈ, সৃষ্টিৰ পথাৰত কঠীয়া পাৰিবলৈ প্রয়াস কৰা হাজাৰজন লোক নতুন প্রতিভাৰ সন্ধানত সদা সক্রিয় হৈ থকা ছাৰৰ কৃপাদৃষ্টিৰে ধন্য হৈছিল৷ সলনি হৈছিল তেওঁলোকৰ জীৱনক ফঁহিয়াই চোৱাৰ দৃষ্টিভংগী আৰু প্রচেষ্টা, প্রাণ পাই উঠিছিল লেখ নোহোৱা আর্তজনৰ মৰহি যাবলৈ ধৰা জীৱনবৃক্ষ ‘কৰুণাধাৰা’ৰ সুধা ৰসেৰে৷
১৯৯৯ চনৰ মার্চ মাহৰ এটা স্মৰণীয় আবেলি৷ চকুৰ চিনাকি নথকা অথচ লেখা পঢ়ি আপোন হৈ পৰা ছাৰৰ লগত মুখামুখি পৰিচয় হৈছিল ডাক্তৰ–ৰোগী সম্পর্কৰে মোৰ ৰাজগড়স্থিত ছেম্বাৰত৷ সেয়াও এক কাহিনী৷ জনাই জানে৷ সচৰাচৰ ৰোগীয়ে চিকিৎসা সম্পর্কীয় পৰামর্শ আৰু ব্যৱস্থাপনা গ্রহণ কৰাৰ পাছত ডাক্তৰগৰাকীলৈ আগবঢ়াই দিয়া ৰুটিনমাফিক কনচালটেচন ফীজটো যিজনে ‘আপোনাৰ মাননিটো গ্রহণ কৰক’ বুলি মর্যাদাসহকাৰে আগবঢ়াই দিয়ে, সেই মুহূর্ততে বুজি উঠিছিলোঁ ‘নিজে খন্দা সোঁতত গতি কৰা’ এইজনা ব্যক্তি এক ব্যতিক্রম বুলি৷ সেয়াই আৰম্ভণি৷ তাৰ পাছত সুদীর্ঘ একৈশ বছৰৰ সান্নিধ্যৰে আমাৰ মাজৰ ডাক্তৰ–ৰোগী সম্পর্কৰ উত্তৰণ ঘটিছিল মৰম মিহলি অধিকাৰ, শ্রদ্ধা মিহলি ভালপোৱাৰ আৰু পিতৃসুলভ অভিভাৱকত্বলৈ৷ কলেজত পঢ়াকালতে পিতৃহাৰা হৈ বিয়াৰ আগতেই মাতৃক হেৰুৱাই পিতৃ–মাতৃৰ মৰমৰ অভাৱ বৰকৈ অনুভৱ কৰিছিলোঁ৷ হিয়াৰ মাজতে অভিভাৱকৰ আসনখন দীর্ঘদিন ধৰি শূন্য হৈ আছিল৷ কিন্তু ছাৰক লগ পোৱাৰ পিছত সেই ৰিক্তস্থান পিতৃসুলভ মমতাৰে সিক্ত হৈ পৰিছিল৷ জীৱনৰ সৰু–বৰ সকলো সিদ্ধান্তৰে ছাৰৰ পৰামর্শ আৰু উপদেশ অপৰিহার্য হৈ পৰিছিল৷ মৰম, আশিস আৰু সময়োচিত পৰামর্শ প্রদানত ছাৰে কেতিয়াও কার্পণ্য কৰা নাছিল৷ ছাৰে আঙুলিয়াই দিয়া মার্গ–দর্শনেৰে জীৱনৰ বাট বুলিবলৈ সাহস পাইছিলোঁ, নিজৰ এটা সুকীয়া পৰিচয় গঢ়াৰ প্রয়াসত প্রেৰণা পাইছিলোঁ৷ আপোচহীন সাহস আৰু অফুৰন্ত অনুপ্রেৰণাৰ অক্ষয় ভাণ্ডাৰ আছিল মাণিকসন্ধানী হোমেন বৰগোহাঞি৷ ছাৰৰ মৃত্যুত মই কি হেৰুৱালোঁ, সেইটো কলমৰ ভাষাৰে ফুটাই তুলিবলৈ মই অপাৰগ৷ মোক আৱৰি ৰখা মূৰৰ ওপৰৰ সাহস আৰু অভয়ৰ ছাতিটো যেন কাল ধুমুহাই উৰুৱাই লৈ গ’ল মই মোৰ ঈশ্বৰক হেৰুৱালোঁ৷
ক’ভিড আক্রান্ত হৈ হাস্পতাললৈ যোৱাৰ দুদিন আগতে (২৪/০৪/২১ শনিবাৰ) সন্ধিয়া ৮.৩০ বজা (ছাৰৰ লগত কথা–বতৰা হোৱাৰ নির্ধাৰিত সময়)ত সচৰাচৰ পতাৰ দৰে কথা পাতিছিলোঁ৷ মোৰ যোগেদি ছাৰৰ লগত পৰিচয় হোৱা মৰিগাঁৱৰ সৃষ্টি প্রকাশনৰ স্বত্বাধিকাৰী, বিশিষ্ট কবি অজিত কুমাৰ ৰায়ৰ সৈতে ‘কথা–বার্তা’ অনুষ্ঠানটোৰ (ছাৰৰ অন্তিমটো ৰেকর্ডিং) বাবে সেইদিনা আবেলি ৰেকর্ডিং কৰিছিল৷ এই বিষয়ে হোৱা কথা প্রসংগত ছাৰে হঠাতে কৈ উঠিছিল ‘কথা–বার্তাৰ ৰেকর্ডিঙলৈ এইবাৰ তুমি আকৌ অতিথি হৈ আহিবা৷ হোমেন বৰগোহাঞিলৈ পাঁচটা প্রশ্ণ লৈ আহিবা৷ হ’বনে? আহিবানে?’
‘হ’ব ছাৰ৷’
‘ কি সুধিবা তুমি মোক?’
ছাৰৰ প্রশ্ণৰ আকস্মিকতাত থতমত খাই হঠাত সুধি পেলাইছিলোঁ৷
‘ছাৰ আপুনি আজিকালি মৃত্যুক লৈ বৰ লিখা–মেলা কৰে, কিয়?’ কিয় জানো, বিগত কিছু সময়ত ছাৰে মৃত্যুৰ ওপৰত কিছুমান লেখা প্রকাশ কৰি আহিছিল আৰু তাৰে কিছুমান বিশেষ বাক্যই মনত হেন্দোলনি তুলি আছিল৷
‘তুমি লেখাবোৰ ভাল পাইছানে?’
‘ মৃত্যুক সুন্দৰভাৱে গ্রহণ কৰিব পৰাটো জীৱনত শেষবাৰৰ বাবে কৰিব পৰা আটাইতকৈ সুন্দৰ কাম বুলি আপুনি ব্যাখ্যা কৰিছে, কিন্তু সেয়ে হ’লেও মই আপোনাৰ মুখত মৃত্যুৰ কথা শুনিব নিবিচাৰোঁ৷’
মোৰ কথাত ছাৰে তাৎক্ষণিকভাৱে একো উত্তৰ দিয়া নাছিল৷ বেছ কিছু সময়ৰ বাবে ছাৰ নিশ্চুপ হৈ পৰিছিল৷ মোৰ ধাৰণা হৈছিল ছাৰে সেই মুহূর্তত ফোনটো কাটি দিব, যিটো ছাৰৰ পুৰণি অভ্যাস৷ সেয়েহে দুবাৰমান মোৰ ফালৰ পৰা ‘হেল্ল’ ছাৰ, হেল্ল’ ছাৰ’ বুলি উপস্থিতিৰ উমান দিছিলোঁ৷ নাই, ছাৰৰ কোনো সঁহাৰি নাই৷ উপায় নাপাই মোৰ ফালৰ পৰা সংযোগ বিচ্ছিন্ন কৰোঁ বুলি লওঁতেই গভীৰ নীৰৱতা ভেদ কৰি ছাৰে গহীন হৈ মাত লগালে৷ তৎমুহূর্তত মোৰ এনে ভাব হ’ল বহুত দূৰৈৰ, অন্য এক পৃথিৱীৰ পৰা যেন ছাৰৰ মাতটো ভাঁহি আহিছে৷
‘ৰুবী…, মৃত্যুনো কি? মৃত্যু মাথোঁ ইপাৰ আৰু সিপাৰ৷ চিন্তা নকৰিবা মই মৰিলেও তোমালোকৰ লগতে তোমালোকৰ মাজতে থাকিম৷
Rest is silence.’
সঁচাকৈ বৰগোহাঞি ছাৰ আমাৰ মাজতে আমাৰ লগতে আছে৷ ‘পুৱা শোৱাৰ পৰা উঠি কি কৰা উচিত’ৰ পৰা ৰাতি বিছনাত পৰাৰ সময়ত ‘টোপনিৰ প্রয়োজনীয়তা’লৈকে, ঘনচিৰিকাৰ কোলাহলৰ পৰা ভেকুলীৰ টোৰটোৰনিলৈকে, ভোকৰ ভাতসাঁজৰ পৰা ঢেঁকীয়া আৰু ঔটেঙাৰ জোলখনলৈকে মানুহ, গছ আৰু প্রকৃতিৰ পৰা বৰষুণৰ মাদকতালৈকে, কিতাপ পঢ়াৰ আনন্দৰ পৰা মানুহ হৈ জীয়াই থকাৰ আনন্দলৈকে সকলোতে বৰগোহাঞি ছাৰৰ অখণ্ড ব্যাপ্তি৷ শৰীৰী অনুপস্থিতিৰ এমাহ কালৰ পাছতো অহর্নিশে বুকুত কঢ়িয়াই ফুৰিছোঁ সেই একক, অদ্বিতীয়, ব্যতিক্রমী সত্তাক৷ হয়তো ওৰেজীৱন মন গহনত দোলা দি থাকিব সেই সাধাৰণ, অসাধাৰণ দেদীপ্যমান ব্যক্তিজনে, হোমেন বৰগোহাঞি নামৰ বিশাল অনুষ্ঠানটোৱে৷