ৰাতিপুৱা খালী পেটত চাহ খায় নেকি, হ’ব পাৰে স্বাস্থ্যৰ ব্যাপক ক্ষতি
নিয়মীয়া বাৰ্তা ১৯ জুনঃ ভাৰতীয় লোকসকলে সৰ্বাধিক এবিধ পনীয়ই সেৱন কৰে সেইবিধেই হৈছে চাহ। চাহৰ অবিহেন কোনো লোকৰেই দিনৰ আৰম্ভণি নহয়। বহুলোকে শুই উঠি খালী পেটতেই চাহ খায়। কিন্তু এইটো ভাল অভ্যাস নহয়। বিশেষজ্ঞসকলৰ মতে এনে ধৰণৰ অভ্যাস স্বাস্থ্য কাৰণে ভাল নহয়। কাৰণ ৰাতিপুৱাৰ চাহে স্বাস্থ্যক বেয়াকৈ প্ৰভাৱিত কৰে।
কাৰণ খালী পেটত চাহে গেছৰ সমস্যা সৃষ্টি কৰে। বিশেষজ্ঞসকলৰ মতে ৰাতিপুৱা খালী পেটত চাহ বা কফী খালে মুখত থকা বেক্টেৰিয়া পেটলৈ গুচি যায়। যি স্বাস্থ্যৰ বাবে বহু ক্ষতিকাৰক। লগতে চাহত এনে ধৰণৰ ৰাসায়ণ থাকে যি কোষ্ঠকাঠিন্য ৰ সমস্যা দেখা দিব পাৰে। এই ৰাসায়নক থিয়ফিলাইন বুলি কোৱা হয়। লগতে চাহৰ লগত নিকটিন পোৱা যায়। যিয়ে আপোনাক এই পানীয়ৰ প্ৰতি আসক্ত কৰি তোলে ।
যদি আপুনি ৰাতিপুৱা চাহ খাবলৈ মন যায় তেতিয়া ৰাতিপুৱা খাদ্যৰ খোৱাৰ পিছতহে খাব লাগে।