ৰামেশ্বৰম আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেল (RIFF): চুটি ছবি “অনীহা”ৰ পৰিচালক পূৰৱ আৰু মৃগাঙ্কলৈ শ্ৰেষ্ঠ পৰিচালকৰ সন্মান
নিয়মীয়া বাৰ্তা ২৩ জুনঃ যোৰহাটলৈ এক গৌৰৱ কঢ়িয়াইছে যোৰহাটৰে দুগৰাকী ছাত্ৰই। N.J. Production r ৰ বেনাৰত নিৰ্মিত চুটি ছবি “অনীহা” ৰ পৰিচালক, নৱ প্ৰজন্মৰ দুজন প্ৰতিভা, যোৰহাট স্প্ৰিংডেল হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ পূৰৱ শৰ্মা আৰু যোৰহাটৰে এজন প্ৰতিভাবান যুৱক মৃগাঙ্ক মাইনাই। ৰামেশ্বৰম আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলত ( RIFF) ভাৰতীয় চুটি ছবি শিতানত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান বুটলি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে দুয়োগৰাকী ছাত্ৰই। প্ৰতিযোগিতাৰ ফাইনেল ৰাউণ্ডৰ অন্তত বিচাৰক মণ্ডলীয়ে পূৰৱ আৰু মৃগাঙ্কক ভাৰতীয় চুটি ছবি শিতানত শ্ৰেষ্ঠ পৰিচালক হিচাবে ঘোষণা কৰে।
ভাল খবৰ যে “অনীহা” ইতিমধ্যে ৰামেশ্বৰম আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলে অনুষ্ঠিত কৰিবলগীয়া আন এক সন্মানীয় গল্ডেন চেল এৱাৰ্ড (Golden shell Award )ৰ বাবে মনোনয়ন লাভ কৰিছে। উল্লেখ্য,এন জে প্ৰডাকচনৰ বেনাৰত নয়ন জ্যোতি শৰ্মাৰ প্ৰযোজনাত যোৱা ৫ জুনত বিশ্ব পৰিবেশ দিৱসৰ দিনা মুক্তি পোৱা “অনীহা” চুটি ছবিখনৰ কাহিনী পৰিবেশৰ ওপৰত আধাৰিত। এটা গছ পুলি ৰুবৰ বাবে মানুহৰ যি অনীহা বা অনাদৰ হয় তাকে ছবিখনত পৰিচালকে সুন্দৰ ভাবে প্ৰকাশ কৰিছে।ইতিবাচক উপস্থাপন শৈলীৰ বাবে চছিয়েল মিডিয়াটো চৰ্চা হোৱা ছবিখনত অভিনয় কৰিছে মানবেন্দ্ৰ শৰ্মা, চন্দন ঠাকুৰ, বিনোদ গগৈ, পাৰ্থ প্ৰতীম শৰ্মা আৰু আশাতৰা শৰ্মাই। সহযোগী পায়েল শৰ্মা।