নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউনৰ মাজতে ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰত বৃহৎ সংখ্যক চোৰাং কুণ্ডাঃ বিভাগীয় তদন্ত

নিয়মীয়া বাৰ্তা, ২৩জুনঃ চহৰৰ পাঁচআলিৰ মথাউৰিৰ কাষৰ ব্ৰহ্মপুত্ৰৰ পাৰত তিনিখনকৈ মূল্যৱান কাঠৰ চালিত বান্ধি অনা হৈছিল বহু লক্ষাধিক টকাৰ  কুণ্ডা। য’ত বৃহৎ পৰিমাণৰ কুণ্ডা নৈৰ বুকুৱেদি ডিব্ৰুগড়লৈ চোৰাং সৰবৰাহৰ তথ্য স্পষ্ট হৈ পৰিছে।এই নিষিদ্ধ চোৰাং কুণ্ডাৰ বেহাত স্থানীয় লোক যে  জড়িত,সেয়া স্পষ্ট প্ৰমাণ হৈছে কুণ্ডাৰ চালি কেইখন নৈৰ পাৰত শক্তিশালী ভাৱে ৰচিৰে বান্ধি থোৱা হৈছিল।য’ৰ পৰা স্পষ্টভাৱে প্ৰমাণ হয়  এই কুণ্ডাৰ অবৈধ বেহাত স্থানীয় লোক প্ৰত্যক্ষভাবে জড়িত আছে।

ইতিমধ্যে কুণ্ডাখিনিৰ ব্যৱসায়ত জড়িত অসাধু চক্ৰৰ তদন্তত নামিছে বন বিভাগ।বন বিভাগৰো সন্দেহ কুণ্ডাৰ অবৈধ বেহাত স্থানীয় লোক জড়িত থাকিবই লাগিব।প্ৰশ্ন হয় পাঁচ আলি-লোহাৰপট্টী অঞ্চলৰ অন্তৰ্গত নৈৰ পাৰত উদ্ধাৰ হোৱা এই কুণ্ডাৰ অবৈধ বেহাত তেন্তে কোন স্থানীয় জড়িত হৈ আছে? লক্ষ্যণীয় ভাৱে নৈৰ পাৰত উদ্ধাৰ হোৱা  কুণ্ডাখিনিৰ ওচৰত ডিব্ৰুগড়ৰ আৰক্ষীৰ উচ্চ পদস্ত বিষয়া সহ এটা দল আৰু বন বিভাগৰ লোক উপস্থিত হোৱাৰ লগে লগেই ৰহস্যজনক ভাৱে লকডাউনৰ মাজতো একাংশ যুৱক আৰু বভিন্ন লোক সমবেত হোৱাত,সন্দেহ ঘণীভুত হৈ পৰিল।ইতিমধ্যে বন বিভাগে এই কুণ্ডাৰ মূল্য বহু লক্ষাধিক বুলি প্ৰকাশ কৰিছে।যেনে ধৰণে কুণ্ডাখিনি উদ্ধাৰ হৈছে তাক লৈ এইয়া অবৈধ কুণ্ডাৰ সৰবৰাহ বুলি একপ্ৰকাৰ বন বিভাগ স্পষ্ট যদিও অনুসন্ধানতহে সমগ্ৰ তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা প্ৰকাশ কৰিছে বন বিভাগে।’জিলা উপ আৰক্ষী অধীক্ষকে প্ৰদান কৰা তথ্যৰ ভিত্তিত আমি চহৰখনৰ লিটিল প্পেচ হোটেলৰ পিছফালে ব্ৰহ্মপুত্ৰ নদীৰ তিনিখন কুণ্ডাৰ চালি প্ৰত্যক্ষ কৰো।সন্দেহ কৰামতে চুৰিও হব পাৰে। সেয়া তদন্তৰ পাছতহে ওলাব।

বিভাগীয় বিধি অনুযায়ী কাৰ্যব্যৱস্থা গ্ৰহন কৰি জাননী জাৰি কৰা হব বুলি ৰেঞ্জাৰ প্ৰাঞ্জল বৰুৱাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।উল্লেখ্য যে ডিব্ৰুগড় চহৰৰ ব্ৰহ্মপুত্ৰ নৈৰ পাৰৰ মোহনাঘাট,পাঁচ আলি,কয়লা ঘাটৰ পৰা মাইজানলৈকে বৃহৎ সংখ্যক ভাৱে অবৈধ কুণ্ডাৰ সৰবৰাহ  চুবুৰীয়াৰ ৰাজ্য অৰুণাচলৰ পৰা ব্ৰহ্মপুত্ৰ নদীয়েদি চলি থকাৰ বহু প্ৰমাণ বন বিভাগে বছৰ বছৰ ধৰি লাভ কৰি আহিছে যদিও বিয়াগোম বিভাগটোৰ দ্বাৰা বিশেষ পদক্ষেপ আজি পৰ্যন্ত লোৱা দেখা নগ’ল ডিব্ৰুগড়ত।

 

You might also like