নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাতগাঁৱত ৩ গভাইত বাইক চোৰ গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা ২৫ জুনঃ মহামাৰী ক’ৰোনাৰ আতংক আৰু সান্ধ্য আইন চলি থকাৰ মাজতো মহানগৰীত সক্রিয় হৈ আছে গাড়ী চুৰি চক্র৷ সাতগাঁও আৰক্ষীৰ অভিযানত সেই চক্রৰ দুজনকৈ গভাইত গাড়ী চোৰক আটক কৰাৰ লগতে উদ্ধাৰ কৰে দুখনকৈ দুচকীয়া বাহন৷ ধৃত গভাইত চোৰ দুটা ক্রমে আব্দুল আলী (৩০) ওৰফে কালীয়া আৰু ইৰফান আলী (৩৫) ওৰফে টিংকু৷ আৰক্ষী সূত্রই জনোৱা মতে যোৱা ১৯ আৰু ২০ জুনত সাতগাঁও নোৱাপাৰাৰ পৰা এ এছ–০১ এ এন–০৯১০ নম্বৰৰ বাইক আৰু এ এছ–৩১–বি এ ৯৮৩ নম্বৰৰ স্কুটী এখন চুৰি হৈছিল৷ বাহনৰ গৰাকীয়ে থানাত এজাহাৰ দিয়াৰ পিছতে আৰক্ষীয়ে চোৰ দুটাক আটক কৰি সোধাপোছা কৰাত নির্দিষ্ট বাহন দুখন চুৰি কৰা বুলি স্বীকাৰোক্তি দিয়ে৷ সেই স্বীকাৰোক্তিৰ ভিত্তিত পথাৰৰ মাজৰ এটা পৰিত্যক্ত ঘৰৰ পৰা বাইকখন উদ্ধাৰ কৰে আৰক্ষীয়ে৷

আনহাতে, চুৰি স্কুটীখন যোৰাবাট আৰক্ষীৰ জিম্মাৰ পৰা উদ্ধাৰ কৰে সাতগাঁও আৰক্ষীয়ে৷ সাতগাঁও আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ইৰফান নামৰ চোৰটোৱে ২০ জুনতে স্কুটীখন চুৰি কৰি নি মেঘালয়লৈ যোৱাৰ পথত যোৰাবাট আৰক্ষীৰ তালাচীত জব্দ হয়৷ পিছত গাড়ীৰ নথিপত্র আনিব নোৱাৰাৰ ছলেৰে সেই দিনাৰ পৰা পলাতক হৈ আছিল ইৰফান৷ ইফালে আৰক্ষীয়ে আৰু প্রকাশ কৰা অনুসৰি ধৃত চোৰ দুটাক ইয়াৰ পূর্বে বিভিন্ন চুৰি ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত জে’ললৈ প্রেৰণ কৰা হৈছিল৷ কিছুদিন পূর্বে মুকলি হৈ আহি পুনৰ চুৰিকার্য সংঘটিত কৰিছে দুই গভাইত চোৰে৷ আনহাতে পাঞ্জাবাৰীৰ অমিতপুৰৰ পৰা কালি চাইকেল এখন চুৰি কৰি নি পলায়ন কৰা কৃষ্ণ ৰায় (২৮) ওৰফে কাচি নামৰ চোৰটোকো চাইকেলখনসহ আটক কৰিছে সাতগাঁও আৰক্ষীয়ে৷ তিনিওটা গভাইত চোৰক আজি আদালতত হাজিৰ কৰোৱাৰ পিছত দণ্ডাধীশে হাজোতলৈ প্রেৰণ কৰিছে৷

You might also like