ছবছৰ পিছত ন্যায় পালে নাৰেংগীৰ ধীৰাজ তালুকদাৰৰ পৰিয়ালে
নিয়মীয়া বাৰ্তা ২৬ জুনঃ ছুপাৰি কিলাৰ বুবু কোঁৱৰৰ মৃত্যুৰ বাতৰি শুনি আনন্দত উচুপি উঠিল প্রয়াত ধীৰাজ তালুকদাৰৰ পিতৃ আৰু পৰিয়ালৰ লোক৷ মাহ–হালধিৰ গোন্ধ গাৰ পৰা নৌযাওঁতেই ছুপাৰি কিলাৰ বুবু কোঁৱৰে নৃশংসভাৱে হত্যা কৰিছিল মহানগৰীৰ নাৰেংগীৰ ধীৰাজ তালুকদাৰক৷ নৱবিবাহিত ধীৰাজৰ পত্নীয়ে বৈবাহিক জীৱনৰ দুমাহতে বৈধব্য জীৱনক আঁকোৱালি ল’ব লগা হয়৷ ধীৰাজবিহীনভাৱে বহু কষ্টেৰে চলি থকা ঘৰখনলৈ বিগত ছয় বছৰৰ মূৰত আহিল সুখবৰ৷ ন্যায় পালে ধীৰাজ তালুকদাৰৰ পৰিয়ালে৷ যোৱা ২৩ জুনত শিৱসাগৰত ধীৰাজ তালুকদাৰৰ হত্যাকাৰী ছুপাৰি কিলাৰ বুবু কোঁৱৰৰ আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু হয়৷ পুত্র হত্যাকাৰী বুবু কোঁৱৰৰ মৃত্যুত সন্তুষ্টি প্রকাশ কৰি প্রয়াত ধীৰাজ তালুকদাৰৰ পিতৃ অকণ তালুকদাৰে সংবাদ মাধ্যমৰ আগত কয় যে বহু বছৰ পূর্বে আৰক্ষীয়ে বুবু কোঁৱৰক হত্যা কৰিব লাগিছিল৷
পূর্বতে হত্যা কৰিলে বুবু কোঁৱৰৰ পৰা বহু পৰিয়াল ৰক্ষা পৰিলহেঁতেন বুলি মন্তব্য কৰি ধীৰাজৰ পিতৃ অকণ তালুকদাৰ শোকত ভাগি পৰে৷ উল্লেখ্য যে নাৰেংগীৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ আৱাসিক এলেকাৰ বাসিন্দা ধীৰাজ তালুকদাৰে ২০১৫ চনত ওচৰৰ এগৰাকী যুৱতীক বিয়া পাতে৷ বিয়াৰ পিছত ধীৰাজে এখন ছুইফট ডিজায়াৰ গাডী ক্রয় কৰি নিজে ভাৰা মাৰি পৰিয়ালটোক পোহপাল দি আছিল৷ ২০১৫ চনৰ ২৯ আগষ্টত বুবু কোঁৱৰে ধীৰাজৰ বাহনখন ভাৰা কৰি দিছপুৰৰ পৰা ডিব্রুগড অভিমুখে লৈ যায়৷ সেইদিনাৰ পৰাই ধীৰাজ তালুকদাৰ সন্ধানহীন হৈ পৰে৷ ঘটনা সন্দর্ভত ধীৰাজৰ পত্নীয়ে দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰে৷
এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত কৰি যোৰহাটত ব্রহ্মপুত্রৰ পানীৰ পৰা ধীৰাজৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ইপিনে, ম’বাইল ফোনৰ কললিষ্টৰ আঁত ধৰি দিছপুৰ থানাৰ তদন্তকাৰী বিষয়াৰ নেতৃত্বত ধীৰাজৰ মৃতদেহ উদ্ধাৰ হোৱাৰ কিছুদিন পিছতে উজানবজাৰৰ খাৰঘুলিত অভিযান চলাই বুবু কোঁৱৰক গ্রেপ্তাৰৰ চেষ্টা চলায়৷ আৰক্ষী অহাৰ উমান পাই বুবু কোঁৱৰে আৰক্ষীলৈ লক্ষ্য কৰি কেইবাজজাই গুলীচালনা কৰে৷ প্রত্যুত্তৰত আৰক্ষীয়েও গুলীচালনা কৰে৷ ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে বুবু কোঁৱৰক গ্রেপ্তাৰ কৰি জে’ল–হাজোতলৈ প্রেৰণ কৰে৷ তিনি মাহ পিছত জে’লৰ পৰা জামিনত মুক্ত হৈ বুবু কোঁৱৰ পুনৰ হত্যাকাণ্ডত লিপ্ত হয়৷ শেহতীয়াকৈ ২৩ জুনত শিৱসাগৰ আৰক্ষীয়ে ছুপাৰি কিলাৰ বুবু কোঁৱৰক গুলীয়াই হত্যা কৰে৷