যোৰহাটৰ ৰৰৈয়া বায়ুসেনা বাহিনীৰ ঘাটিত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। তথ্য অনুসৰি, ভাৰতীয় বায়ুসেনাৰ AN-32 পৰিবহণ বিমান এখন অৱতৰণ কৰাৰ কিছু সময় পিছতেই বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। ঘটনাটোত বিমানখন ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে।
বিস্ফোৰণৰ সঠিক কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। বায়ুসেনাৰ বিষয়াসকলে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে আৰু কাৰিকৰী ত্ৰুটি নে আন কোনো কাৰণত এই অঘটনা সংঘটিত হ’ল সেয়া অনুসন্ধান চলি আছে।
উল্লেখ্য যে যোৰহাটৰ ৰৰৈয়া বায়ুসেনা ঘাটি পূৰ্বাঞ্চলত ভাৰতীয় বায়ুসেনাৰ এক গুৰুত্বপূৰ্ণ ঘাটি হিচাপে পৰিচিত, য’ৰ পৰা নিয়মিতভাৱে AN-32 পৰিবহণ বিমানৰ অভিযান চলোৱা হয়।
ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। যদিও প্ৰাথমিকভাৱে কোনো হতাহতৰ খবৰ প্ৰকাশ পোৱা নাই, তথাপি বায়ুসেনাই ঘটনাটোক গুৰুত্বসহকাৰে লৈ তদন্ত অব্যাহত ৰাখিছে।
ডিজিটেল ডেস্ক, ১৩ জুন