নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রহ্মপুত্রৰ চৰত কৃষিকর্মৰে স্বাৱলম্বী শতাধিক কৃষক

নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰীঃ মহানগৰীৰ গাতে লগা তথা আজাৰা ৰাজহ চক্রৰ অন্তর্গত ব্রহ্মপুত্রৰ মাজৰ চৰ নেহালীত বিভিন্ন ৰবিশস্য আৰু শাক–পাচলিৰ খেতিৰে নীৰৱে চলিছে সেউজ বিপ্লৱ ৷ মহানগৰীৰ কোলাহলপূর্ণ জীৱনৰ পৰা সম্পূর্ণ নিলগত ব্রহ্মপুত্রৰ মাজৰ চাপৰিত শতাধিক কৃষকে বিভিন্ন পাচলি উৎপাদনেৰে নিজৰ লগতে পৰিয়ালকো পোহপাল দি আহিছে ৷ উল্লেখ্য যে, ব্রহ্মপুত্রৰ মাজত ধাৰাপুৰৰ পৰা ভট্টাপাৰালৈ প্রায় ৪,২১০ বিঘা মাটিত ধাৰাপুৰ, মজলী, গড়ল, ভট্টাপাৰা, মাজিৰগাঁও আদিৰ কৃষকসকলে কৃষিকর্ম কৰি আহিছে ৷ মাটিমাহ, মগু, বন্ধাকবি, ফুলকবি, ওলকবি, পালেং, ধনীয়া, গাজৰ, মূলা, বিট, সৰিয়হ, মৰিচা, মিথি, মটৰ, খুতুৰা, পদিনা আদিকে ধৰি বিভিন্ন শাক–পাচলিৰ খেতিৰে কার্যতঃ এক সেউজ বিপ্লৱ গঢ়ি তুলিছে ৷

চৰ নেহালী তথা স্থানীয় ভাষাত মজলী হিচাপে পৰিচিত চাপৰিত কৃষিকর্মত জড়িত ধাৰাপুৰৰ অক্ষয় কলিতা, লক্ষ্মণ দাস, নাৰায়ণ দাস, অজিত দাস, অবণী কলিতা, ভট্টাপাৰাৰ অপূর্ব কাকতি, তপন দাস, ঘনশ্যাম দাস নামৰ কৃষককেইগৰাকীয়ে জানিবলৈ দিয়া মতে, ৰাজ্য চৰকাৰৰ কৃষি বিভাগে প্রদান কৰা বিভিন্ন আঁচনি গ্রহণ কৰি তেওঁলোকে বিভিন্ন কৃষিকর্ম কৰি আহিছে ৷ চৰকাৰীভাৱে প্রদান কৰা মাটিমাহ আৰু মগুৰ উৎপাদন এইবাৰ লাভজনক হোৱা বুলি তেওঁলোকে জানিবলৈ দিয়ে ৷ বিগত সময়ছোৱাত তেওঁলোকৰ বহুসংখ্যক বলধ গৰু চোৰে চুৰি কৰি নিয়াত কেইবাজনো কৃষক সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে ৷

তদুপৰি একমাত্র টুলুঙা নাৱেই যাতায়াতৰ একমাত্র মাধ্যম হোৱাত ইপাৰৰ পৰা কৃষিকর্মলৈ যোৱাৰ ক্ষেত্রত বহু সমস্যাৰ সন্মুখীন হ’ব লগা হয়৷ বিশেষকৈ বাৰিষাৰ সময়ছোৱাত ব্রহ্মপুত্রৰ মাজৰ চাপৰিৰ পৰা কৃষিকর্ম সামৰি গৃহাভিমুখী হোৱাৰ সময়ত নাও ডুবি কেইবাজনো কৃষকে অকাল মৃত্যুক সাবটি ল’ব লগা হোৱাৰ বিষয়ে তেওঁলোকে দুখেৰে জানিবলৈ দিয়ে৷ যদিহে ৰাজ্য চৰকাৰে কৃষকসকলক যাতায়াতৰ বাবে মেচিনচালিত নাও প্রদান কৰে আৰু গৰু চুৰি ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্রহণ কৰে, তেন্তে কৃষকসকল কৃষিকর্মৰ ক্ষেত্রত অধিক উৎসাহিত হৈ পৰিব ৷

You might also like