নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত পুনৰ ধৰ্ষণকাৰী চিকিৎসক জেললৈঃসতীৰ্থক ধৰ্ষণৰ অভিযোগ

নিয়মীয়া বাৰ্তা: ২৮ জুনঃ পুৰুষ সকল সাৱধান!কোনো নাৰীৰ সতে সুবিধাবাদী সৰ্ম্পক ৰক্ষা কৰি চলিলেই আপুনিও এদিন ধৰ্ষণকাৰী হিচাপে জেলৰ ভাত খাব লগীয়া হব পাৰে!তেনে এক ঘটনাই আজি ডিব্ৰুগড়ত তীব্ৰ চাঞ্চল্যৰ স্বৃষ্টি কৰাৰ লগতে ঐতিহ্যমণ্ডিত ডিব্ৰুগড় চহৰখনক কলুষিত কৰিলে।ডিব্ৰুগড়ত পুনৰ এগৰাকী সতীৰ্থ চিকিৎসকক ধৰ্ষণ কৰি গ্ৰেপ্তাৰ হল অসম মেডিকেল কলেজৰ শল্য চিকিৎসা বিভাগৰ পঞ্জীয়ক ডাঃ সোণমনি ভূঞা।

জানিব পৰা মতে ভুঞাই তেঁওৰ সতীৰ্থ এগৰাকী যুৱতী চিকিৎসকক ধৰ্ষণ কৰাৰ বাবে আৰক্ষীক গোচৰ দিয়াত ডিব্ৰুগড় সদৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ  ৪০৬/৩৭৬/৩৮৪ নং ধাৰাৰ অধীনত ১২৪৭/২১ নম্বৰ গোচৰ পঞ্জীয়ন হোৱাৰ লগতে আৰক্ষীয়ে অভিযুক্ত চিকিৎসক সোণমনি ভুঞাক গ্ৰেপ্তাৰ কৰি আজি জেললৈ প্ৰেৰণ কৰে।

বিশেষ সূত্ৰে অনুসন্ধান কৰি জানিব পৰা মতে দুয়োগৰাকী চিকিৎসকৰ দীৰ্ঘ দিনৰে পৰা শাৰিৰীক সম্বন্ধত আছিল আৰু ইয়াৰ মাজতে যুৱতী চিকিৎসকগৰাকীৰ এবাৰ গৰ্ভপাতো কৰোৱা হৈছিল।জেললৈ প্ৰেৰণ কৰা চিকিৎসকগৰাকীয়ে বিবাহত সন্মতি নিদিয়াৰ বাবেই ধৰ্ষণৰ দৰে গোচৰ দিয়া বুলি সন্দেহ কৰা হৈছে।এতিয়া আৰক্ষীৰ সঠিক তদন্ত আৰু অনুসন্ধানৰ পাছতহে প্ৰকৃত সত্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

You might also like