বেচৰকাৰী সংস্থা NEAADSৰ প্ৰশংসনীয় পদক্ষেপ : বৰহোলা সামূহিক চিকিৎসালয়ত চিকিৎসা সামগ্ৰী প্ৰদান
নিয়মীয়া বাৰ্তা, ২৮ জুন : তিতাবৰ মহকুমাৰ বৰহোলা সামূহিক চিকিৎসালয়লৈ আজি দুটা অক্সিজেন কনচেনট্ৰেটৰ, দুটা অক্সিমিটাৰ আৰু বহু পৰিমাণৰ ঔষধ সাহাৰ্য প্ৰদান কৰে অসমৰ অন্যতম প্ৰসিদ্ধ বেচৰকাৰী সংস্থা ‘উত্তৰ-পূৱ পিড়িত অঞ্চল উন্নয়ন সমিতি” ( North East Affected Area Development Society) চমুকৈ নিডচে ( NEAADS)। এই উপলক্ষে আজি দিনৰ ১১ মান বজাত চিকিৎসালয়খনত অনুষ্টুপীয়াকৈ আয়োজিত এক অনুষ্ঠানত নিডচৰ যোৰহাট জিলাৰ একাংশ বিষয়ববীয়াৰ লগতে বৰহোলাৰ জ্যেষ্ঠ চিকিৎসক সৌৰভ বৰা, দুলেন বৰা, অগপৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সদস্য দিপাংক বৰা, পঞ্চায়ত প্ৰতিনিধি হৰেন গগৈ, বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ যোৰহাট জিলাৰ সভাপতি বিজয় হাজৰিকা, সমাজকৰ্মী তৰুণ সোণোৱাল, মুন ৰাজখোৱা আদিকে ধৰি একাংশ বিশিষ্ট ব্যক্তি আৰু চিকিৎসালয়খনৰ চিকিৎসাকৰ্মী-নাৰ্চ আদি উপস্থিত থাকে।
বৰ্তমান সময়ত অতি প্ৰয়োজনীয় এই চিকিৎসা সামগ্ৰীসমূহ প্ৰদান কৰি নিডচৰ সমন্বয়ক মোহন চন্দ্ৰ শইকীয়াই কয় যে কভিড-১৯ অতিমাৰীৰ প্ৰতি লক্ষ্য কৰি জনসাধাৰণৰ জীৱনৰ সুৰক্ষাৰ বাবে তেওঁলোকৰ সংস্থাই বোকাখাত, জয়সাগৰ, নকছাৰী, টিয়ক ভগামুখ আদিকে ধৰি অসমৰ বিভিন্ন অঞ্চলৰ ৰাইজলৈ সহায়ৰ হাত আগবঢ়াই আহিছে আৰু কভিড-১৯ ৰ বিৰুদ্ধে চলি থকা যুদ্ধখনত সক্ৰিয়ভাৱে অংশ গ্ৰহণ কৰিছে। নিডচে সৰ্বসাধাৰণ ৰাইজৰ কল্যাণৰ বাবে বহুতো উন্নয়নমূলক কাম কৰি আহিছে আৰু কৰি থাকিব।
জনপ্ৰিয় চিকিৎসক সৌৰভ বৰাই স্বেচ্ছাসেৱী সংস্থা নিডচে আগবঢ়োৱা সাহাৰ্যৰ বাবে চিকিৎসালয়খনৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰে আৰু কভিড-১৯ অতিমাৰীৰ পৰা হাত হাৰি থাকিবলৈ প্ৰয়োজনীয় সজাগ-সচেতনতাৰ ওপৰত এক চমু বক্তৃত্বা প্ৰদান কৰে। বৃহত্তৰ বৰহোলা অঞ্চলৰ ৰাইজৰ বাবে বিশেষ প্ৰয়োজনীয় এই চিকিৎসা সামগ্ৰীসমূহ প্ৰদান কৰাৰ বাবে উপস্থিত সকলোৱে স্বেচ্ছাসেৱী সংস্থা নিডচক ধন্যবাদ জ্ঞাপন কৰে।