নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতিখন আৰক্ষী থানালৈ অত্যাধুনিক চাইবাৰ কিট

চাইবাৰ প্রৱঞ্চকৰ কবলত পৰিছে নেকি? ২৪ ঘণ্টাৰ ভিতৰত ফোন কৰক ১৫৫২৬০ নম্বৰত

নিয়মীয়া বাৰ্তা ২৯ জুনঃ অপৰাধ ৰোধ কৰিবলৈ অসম আৰক্ষীক দিয়া হৈছে অত্যাধুনিক ৰূপ৷ বিশেষকৈ চাইবাৰ অপৰাধৰ ক্ষেত্রত তৎকালে ব্যৱস্থা গ্রহণ কৰিবৰ বাবে অসম আৰক্ষীয়ে গ্রহণ কৰিছে কেইবাটাও অভিলাষী প্রকল্প৷ ইয়াৰে অংশ হিচাপে সোমবাৰে ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই চি আই ডিৰ মুখ্য কার্যালয়ত মুকলি কৰে ‘চাইবাৰ ফৰেনছিক পৰীক্ষাগাৰ আৰু প্রশিক্ষণ কেন্দ্র’৷ কেন্দ্রীয় চৰকাৰৰ গৃহ মন্ত্রালয়ৰ মহিলা আৰু শিশুৰ বিৰুদ্ধে হোৱা চাইবাৰ অপৰাধ প্রতিৰোধ আইনৰ অধীনত অসমত এই পৰীক্ষাগাৰ আৰু প্রশিক্ষণ কেন্দ্র স্থাপন কৰা হৈছে৷ অসম চাইবাৰ ফৰেনছিক পৰীক্ষাগাৰ স্থাপনত মুঠ ব্যয় হৈছে ৩.৯২ কোটি টকা৷ আধুনিক সা–সুবিধাসম্পন্ন পৰীক্ষাগাৰটোত চাইবাৰ ফৰেনছিক টুল, ডিস্ক ফৰেনছিক, জি পি এছ ফৰেনছিকছ, ম’বাইল ফৰেনছিক, ডাটা ৰিক’ভাৰী, ইমেজিং আদিৰ প্রযুক্তি উপলব্ধ হ’ব৷

সমান্তৰালভাৱে ২৫গৰাকী আৰক্ষী বিষয়ায়ো একে সময়তে ইয়াত প্রশিক্ষণ গ্রহণ কৰিব পাৰিব৷ একেদৰে মৈত্রী আঁচনিৰ অধীনত ৰাজ্যৰ ২৪৫খন থানালৈ প্রদান কৰা হৈছে চাইবাৰ ক্রাইম ৰেচপনডাৰ কিটছ৷ প্রতিটো কিটৰ মূল্য হ’ল ১৩.৫৩ লাখ টকা৷ উচ্চ প্রযুক্তিসম্পন্ন এই কিট আৰক্ষীয়ে যিকোনো অপৰাধস্থলীৰ পৰা তথ্য–প্রমাণ সংগ্রহ আৰু সংৰক্ষণৰ ক্ষেত্রত সহায়ক হ’ব৷ একেদৰে ৰাজ্যত সঘনে চাইবাৰ প্রৱঞ্চনাৰ ঘটনা সংঘটিত হ’বলৈ ধৰিছে৷ অচিনাকি নম্বৰৰ পৰা অহা ফোন কলৰ জৰিয়তে বহু লোকৰ বেংকৰ ধন লুট কৰি নিছে৷ এনে অপৰাধ ৰোধ কৰিবৰ বাবে অসম আৰক্ষীয়ে মুকলি কৰিছে এটা টোল ফ্রী নম্বৰ৷

কোনো ব্যক্তি চাইবাৰ প্রৱঞ্চকৰ কবলত পৰিলে ২৪ ঘণ্টাৰ ভিতৰত ১৫৫২৬০ নম্বৰত ফোন কৰি অভিযোগ দাখিল কৰিব পাৰিব৷ আৰক্ষীয়ে অভিযোগ পোৱাৰ পাছত তৎকালে বেংকৰ ধন সুৰক্ষিত কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্রহণ কৰিব৷ কিন্তু প্রৱঞ্চনাৰ সন্মুখীন হোৱাৰ ২৪ ঘণ্টাৰ ভিতৰত অভিযোগ দাখিল কৰিলেহে আৰক্ষীয়ে ফলপ্রসূ ব্যৱস্থা গ্রহণ কৰিব পাৰিব৷ আজি এই নতুন ব্যৱস্থাসমূহ মুকলি কৰি ডি জি পি ভাস্কৰজ্যোতি মহন্তই কয় যে চাইবাৰ অপৰাধৰ ক্ষেত্রত অসম দেশৰ অন্যতম হটস্পটত পৰিণত হৈছে৷ অসম আৰক্ষীত নতুনকৈ সংযোজিত হোৱা প্রযুক্তিয়ে চাইবাৰ অপৰাধ ৰোধ কৰাৰ ক্ষেত্রত উল্লেখযোগ্য ভূমিকা পালন কৰিব৷

You might also like