নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলং–ডিগাৰুক প্রদূষিত কৰিব ডাম্পিং গ্রাউণ্ডৰ আৱর্জনাই

নিয়মীয়া বাৰ্তা ৩০ জুনঃ প্রাকৃতিক সৌন্দর্যৰে ভৰপূৰ চন্দ্রপুৰৰ ডাম্পিং গ্রাউণ্ড স্থাপন কৰাক লৈ বিভিন্ন দল–সংগঠন আৰু ৰাইজৰ প্রতিবাদ অব্যাহত আছে৷ সেউজ ন্যায়াধিকৰণৰ নির্দেশ মানি ৰামছাইট খ্যাত দীপৰ বিলৰ সমীপৰ বৰাগাঁৱৰ পৰা ডাম্পিং গ্রাউণ্ড চৰকাৰে স্থানান্তৰৰ ব্যৱস্থা গ্রহণ কৰিলে৷ বহুকেইটা স্থানত নির্ধাৰণ কৰাৰ পাছত চৰকাৰে চন্দ্রপুৰতে তাপ বিদ্যুৎ প্রকল্পৰ ৪০ বিঘা ভূমিত ডাম্পিং গ্রাউণ্ড স্থাপনৰ সিদ্ধান্ত গ্রহণ কৰে৷ কালিৰে পৰা পৰীক্ষামূলকভাৱে পৌৰ নিগম কর্তৃপক্ষই চন্দ্রপুৰত ডাম্পিং গ্রাউণ্ড আৱর্জনা পেলোৱাৰ কাম আৰম্ভ কৰিছে৷ ৰাইজৰ প্রতিবাদ নেওচি কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ডাম্পিং গ্রাউণ্ডত আৱর্জনা পেলাইছে৷

প্রাকৃতিৰ ৰম্যভূমি অৱসৰ বিনোদনৰ স্থলী চন্দ্রপুৰৰ তাপবিদ্যুৎ প্রকল্পত স্থাপন কৰা ডাম্পিং গ্রাউণ্ডৰ পৰা প্রায় দুশ মিটাৰ দূৰত্বত আছে কলং আৰু ডিগাৰু নদী৷ ডাম্পিং গ্রাউণ্ডৰ নামনিত কলং আৰু ডিগাৰু নৈ থকাৰ লগতে ডিগাৰুমুখ বনভোজস্থলী৷ ডাম্পিং গ্রাউণ্ডৰ ৫০০ মিটাৰ ব্যাসজুৰি ভিতৰত আছে ডিগাৰু, চন্দ্রপুৰ, নিজৰাপাৰ, চন্দ্রপুৰ বাগিচা, গোৱর্ধন, নিজ গোৱর্ধন, বাঘধৰা, আকাশীনগৰকে ধৰি কেইবাখনো গাঁও৷ জনবসতিপূর্ণ চন্দ্রপুৰত স্থাপন কৰা ডাম্পিং গ্রাউণ্ডৰ আৱর্জনাৰ পৰা ওলোৱা লেতেৰা পানী নামনিত থকা কলং আৰু ডিগাৰুত নৈত পৰিব৷

মাত্র দুশ মিটাৰ দূৰত থকা ডিগাৰু কলং নৈত ডাম্পিং গ্রাউণ্ডৰ পৰা নিগৰিত লেতেৰা পানীয়ে নৈ দুখনৰ লগতে জৈৱ–বৈচিত্র্যৰ প্রতিও ভাবুকিৰ সৃষ্টি কৰিব৷ আছু নেতা টুটুমণি কলিতাই চন্দ্রপুৰত ডাম্পিং গ্রাউণ্ড স্থাপন কৰাক লৈ চৰকাৰক তীব্র ভাষাৰে সমালোচনা কৰিছে৷ কলিতাই ‘নিয়মীয়া বার্তা’ক জানিবলৈ দিয়া মতে চন্দ্রপুৰৰ প্রাকৃতিক সৌন্দর্য, জৈৱ–বৈচিত্র্যৰ প্রতি ভাবুকি সৃষ্টি কৰি ডাম্পিং গ্রাউণ্ড স্থাপন কৰিছে৷ ডাম্পিং গ্রাউণ্ড স্থাপন কৰা স্থানৰ নামনিত কলং, ডিগাৰু আৰু ব্রহ্মপুত্র নদী৷ ত্রিবেণী সংগমস্থলীৰ পৰা দুশ মিটাৰ আঁতৰত স্থাপন কৰা ডাম্পিং গ্রাউণ্ডৰ আৱর্জনাৰ পৰা নিগৰিত লেতেৰা নৈত পৰি এক পূতিগন্ধময় পৰিৱেশৰ সৃষ্টি কৰিব৷ পৌৰ নিগমে বিজ্ঞানসন্মত কোনো ব্যৱস্থা নোলোৱাকৈ ডাম্পিং গ্রাউণ্ডত আৱর্জনা পেলোৱা আৰু প্রাকৃতিক সৌন্দর্যৰে ভৰপূৰ পর্যটনক্ষেত্র চন্দ্রপুৰত কোনো কাৰণতে ডাম্পিং গ্রাউণ্ড স্থাপন কৰিবলৈ দিয়া নহ’ব৷ চন্দ্রপুৰৰ ৰাইজে ইয়াৰ বিৰুদ্ধে ধাৰাবাহিক প্রতিবাদ অব্যাহত ৰাখিব৷

You might also like