নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনীৰ ৩ নং বিষ্ণুপুৰত অঘটনঃ প্ৰৱল বৰষুণৰ পানীয়ে ভঙাই নিলে কালভাৰ্ট, যাতায়ত ব্যাহত

নিয়মীয়া বাৰ্তা ১ জুলাইঃ বাৰিষাৰ পহিলা বৰষুণে বিপদৰ মুখলৈ ঠেলি দিলে বিজনীৰ বৃহৎ অঞ্চলৰ ৰাইজক। কেইবাদিন ধৰি পৰি থকা নেৰা-নেপেৰা বৰষুণৰ পানীয়ে ভাঙি নিলে বিজনীৰ ৩ নং বিষ্ণুপুৰৰ হাজংপাৰাস্থিত কালভাৰ্ট । লক্ষ্যনীয় যে চিকাঝৰাৰ পৰা ২ নং বিষ্ণুপুৰ বজাৰ সংযোগী পথত থকা উক্ত কালভাৰ্ট ভাঙি লৈ যোৱাৰ ফলত সম্পূৰ্ণৰূপে যাতায়ত ব্যাহত হৈ পৰিছে এই বৃহৎ অঞ্চলৰ ৰাইজৰ।

উক্ত পথেৰে ১ নং চিকাঝৰা, ২ নং চিকাঝৰা, ৩ নং চিকাঝৰা, ২ নং ঢলাদণ্ডা, অগ্ৰঙকে আদি কৰি কেবাখনো গাঁৱৰ ৰাইজে যাতায়ত কৰাৰ উপৰিও কৃষি প্ৰধান অঞ্চলটোৰ কৃষকে এই পথেৰে বিষ্ণুপুৰ বজাৰলৈ কৃষিজাত সামগ্ৰী বিক্ৰী কৰিবলৈ লৈ আহে। কিন্তু যাতায়তৰ বাবে একমাত্ৰ পথটোৰ ওপৰত থকা কালভাৰ্ট ভাঙি যোৱাত বিপদৰ সন্মুখীন হৈছে এক বৃহৎ অঞ্চলৰ কৃষক সমাজ।

উক্ত ৰাইজে জোনোৱা মতে মাত্ৰ এবছৰ আগতে নিৰ্মাণ কৰা হৈছিল এই কালভাৰ্ট টো। এইক্ষেত্ৰত ভিচিডিচিৰ সভাপতিয়ে অতি নিম্ন মানদণ্ডৰ কালভাৰ্ট নিৰ্মাণ কৰা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। ৰাইজৰ যাতায়তৰ সুচল হোৱাকৈ এসপ্তাহৰ ভিতৰত কালভাৰ্টটো মেৰামতি কৰি দিয়াৰ বাবে দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে।আনফালে সমীপতে থকা চিকা নৈখনে প্ৰতি বছৰেই বাৰিষাৰ সময়ত ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ ফলত কালভাৰ্ট টো পানী বহন কৰিব নোৱাৰাৰ বাবে হাজংপাৰা গাওঁখন জলমগ্ন নৈ পৰে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

You might also like